মন্ত্ৰীৰ মুখৰ কথা আৰু দেৱালীৰ ফুলজাৰীৰ মাজত পাৰ্থক্য থাকে নে ? – পিংকু ডেকা

pc Marketing91
 মন্ত্ৰীৰ মুখৰ কথা আৰু দেৱালীৰ ফুলজাৰীৰ মাজত পাৰ্থক্য থাকে নে ?
পিংকু ডেকা 
 বৰ্তমান চৰকাৰ খনে যোৱা নিৰ্বাচন তথা এই মাত্ৰ হৈ যোৱা উপ নিৰ্বাচনৰ সময়ত 2022 চনৰ 31 মাৰ্চৰ ভিতৰত ১০০০০০ চৰকাৰী চাকৰি দিবলৈ সক্ষম হব বুলি কিছু ধাক ঢোল বজাই নিজৰ প্ৰয়োজনীয় সমষ্টি কেইটা নিজৰ হাতলৈ আনিলে। ইতিমধ্যে আমি সকলোৱে চৰকাৰক আমাৰ পৰা দিব পৰা খিনিও হয়তো দি দিলোঁ যিখিনি তেওঁলোকে সদায় আশীৰ্বাদ হিচাপে ব্যৱহাৰ কৰি আহিছে , কিন্তু এতিয়া চৰকাৰৰ পাল যে  নিৰ্বাচনৰ সময়ত জনসাধাৰনক দিয়া বিভিন্ন সংকল্পৰ চৰ্ত সমূহ সময় মতে পূৰণ কৰাৰ ক্ষেত্ৰত। কিন্তু কথা হল এতিয়া  নিৰ্বাচনৰ সময়ত দিয়া প্ৰধান প্ৰতিশ্ৰুতি অনুসৰি সঁচাকৈয়ে 2022 চনৰ 31 মাৰ্চৰ ভিতৰত ১০০০০০ চৰকাৰী চাকৰি দিবলৈ সক্ষম হবনে? কিয়নো ইতিমধ্যে চলিত বছৰটো অন্ত পৰিবলৈ মাজত মাত্ৰ এমাহ বাকী । চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি হাতত বাকী থাকিব আৰু মাত্র তিনি মাহ। গতিকে আগন্তুক সেই তিনি মাহৰ ভিতৰত মুঠ এক লাখ চাকৰি দিবলৈ সক্ষম হব গৈ নে ? নে সকলোবোৰ নিৰ্বাচনৰ কথাৰ ফুলজাৰী হৈ ৰব? গতিকে আশা ৰাখিম উপযুক্ত সময়ৰ ভিতৰত নিৰ্বাচনৰ সময়ত প্ৰদান কৰা প্ৰতিশ্ৰুতি সমূহ কায্যত পৰিণত কৰি  উপযুক্ত মন্ত্ৰীত্বৰ দায়িত্ববোধৰ চানেকি দাঙি ধৰে যেন। সন্মানীয় মন্ত্ৰী পদত থাকি মুখেৰে ওলোৱা কথা আৰু হাতেৰে কৰা কামৰ মাজত ব্যৱধান নাৰাখি জনসাধৰনক দিয়া আশ্বাসবোৰ বিশ্বাসত লব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰে যেন। যাৰ জড়িয়তে নিৰ্বাচনৰ সময়ত ওলোৱা মন্ত্ৰীৰ মুখৰ কথাক অসমৰ জনসাধৰনে দেৱালীৰ ফুলজাৰীৰ লগত তুলনা কৰিব লগা নহয়।