পথ দুর্ঘটনা হ্রাস কৰাৰ উদ্দেশ্যেৰে কঠোৰ হৈছে কামৰূপ জিলা পৰিবহণ বিভাগ

Pc- the Sentinel Assam

পথ দুর্ঘটনা হ্রাস কৰাৰ উদ্দেশ্যেৰে কঠোৰ হৈছে কামৰূপ জিলা পৰিবহণ বিভাগ

ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলা পৰিবহণ বিভাগে দুর্ঘটনা ৰোধ কৰাৰ বাবে আন এক নতুন নির্দেশনা জাৰি কৰিছে। মহানগৰীত দুচকীয়া বাহনৰ চালক আৰু আৰোহী উভয়ে পৰিধান কৰিব লাগিব হেলমেট।অন্যথা তেনে বাহনৰ গৰাকীয়ে ভৰিব লাগিব ১ হাজাৰ টকাৰ জৰিমনা। লগতে যি সকলে এই নতুন নির্দেশনা অমান্য কৰে সেই সকলৰ বিৰুদ্ধে কামৰূপ জলা পৰিবহণ বিভাগে ৰুজু কৰিব গোচৰ। কামৰূপ জিলা পৰিবহণ বিষয়া (এনফ ‘চমেন্ট) হিমাংশু দাসে গণেশগুৰিত এক সজাগতামূলক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই সকীয়নি প্রদান কৰে। মহানগৰবাসীৰ মাজত সজাগতা অনাৰ উদ্দেশ্যেৰে  ৩০ নৱেম্বৰলৈ পৰিবহণ বিভাগে চলাব সজাগতামূলক কার্যসূচী।১ ডিচেম্বৰৰ পৰা যিসকল বাই কচালক আৰোহীয়ে হেলমেট পৰিধান নকৰে, তেওঁলোকৰ বিৰুদ্ধে জৰিমনা বিহিব পৰিবহণ বিভাগে। অর্থাৎ দুচকীয়া বাহনত মহিলা আৰোহী থাকিলেও তেওঁলোকে বাধ্যতামূলকভাৱে পৰিধান কৰিব লাগিব হেলমেট।ৱে দুর্ঘটনা  প্ৰতিৰোধৰ বাবে চাৰিচকীয়া বাহনৰ চালকেও বাধ্যতামূলকভাৱে লগাব লাগিব ছীট বেল্ট। অন্যথা তেনে বাহনৰ গৰাকীয়ে ভৰিব লাগিব ১ হাজাৰ টকাৰ জৰিমনা।