মঠঘৰীয়াৰ দুৰ্ঘটনাৰ মূল অভিযুক্ত চামিম আহমেদৰ জামিন লাভ

মঠঘৰীয়াৰ দুৰ্ঘটনাৰ মূল অভিযুক্ত চামিম আহমেদৰ জামিন লাভ

ৰঙিলী বাৰ্ত্তাসেৱা- ২৬ এপ্ৰিলৰ পুৱতিনিশা মঠঘৰীয়াত সংঘটিত হৈছিল এক ভয়ানক দুর্ঘটনা। মহানগৰীৰ অভিজাত বাৰত ১৯ হাজাৰ টকাৰ সুৰাপান কৰি তিনি বান্ধৱীৰ সৈতে নিশা তীব্র বেগেৰে ঘৰলৈ ৰাওনা হোৱাৰ সময়তে মঠঘৰীয়াত এখন ৰৈ থকা ট্রাকত প্রচণ্ড জোৰেৰে খুন্দা মাৰিছিল সুৰাৰ নিচাত মাতাল হৈ থকা চালক চামিম আহমেদে। ভয়ংকৰ দুৰ্ঘটনাটোৱে নিমিষতে প্রাণ কাঢ়ি নিলে গাড়ীখনৰ তিনি আৰোহী ক্রমে আকাংক্ষা শইকীয়া, পূজা সাহা আৰু আমিনা আহমেদৰ। ভয়ংকৰ দুৰ্ঘটনাটোত বাহনখন ভাঙি ধ্বংসস্তূপত পৰিণত হ’ল যদিও দেহত এটাও আঁচোৰ নপৰাকৈ প্ৰাণৰক্ষা পৰিল চালক চামিম আহমেদৰ। ঘটনাটো সংঘটিত কৰিয়েই তেজ লগা কাপোৰ-সুৰাৰ বটল মঠঘৰীয়াৰ নলাত দলিয়াই নিশাই কাপোৰ সলনি কৰি কেব বুকিং কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল চামিম আহমেদে। পৰৱৰ্তী সময়ত শ্বিলঙত আত্মগোপন কৰা চামিমক নুনমাটি আৰক্ষীয়ে ডিব্ৰুগড় আৰক্ষীৰ সহযোগত লাহোৱালৰ পৰা গ্ৰেপ্তাৰ কৰি তদন্তও চলালে। কেইবাদিনো ধৰি মাৰাথন জেৰা চলায়ো একো বিশেষ উদঘাটন কৰিবলৈ সক্ষম নোহোৱা মহানগৰ আৰক্ষীৰ গাফিলতিৰ বাবেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অভিযুক্ত চামিম আহমেদে জামিন পাবলৈ সক্ষম হোৱাত ৰাজ্যজুৰি ব্যাপক চৰ্চা হৈছে। ঘটনাটোত তিনিগৰাকী যুৱতীৰ মৃত্যু হোৱৰ পিছতো সম্পূৰ্ণ সুস্থ শৰীৰৰে কিদৰে চামিম আহমেদে ওলাই আহিবলৈ সক্ষম হ’ল, তাৰ ৰহস্যই আজিলৈকে ভেদ কৰিব নোৱাৰিলে মহানগৰ আৰক্ষীয়ে। অথচ চিচি টিভি কেমেৰাত স্পষ্টকৈ দেখা গৈছিল কিদৰে নিমিষতে তীব্র বেগী বাহনখনে বৈ থকা ট্রাকত খুন্দিয়াইছিল। মহানগৰ আৰক্ষীৰ দুৰ্বল স্থিতিৰ বাবেই ভয়ানক দুর্ঘটনা সংঘটিত কৰিও আনন্দ মনেৰে মুকলি আকাশৰ তললৈ ওলাই অহা চামিম আহমেদে এটা সুন্দৰ জীৱন যাপন কৰিব। কিন্তু দুৰ্ভগীয়া যুৱতী তিনিগৰাকীৰ পৰিয়ালে দুখৰ বাহিৰে আন একোৱেই নাপালে বুলি দুখ প্রকাশ কৰিছে সচেতন ৰাইজে।