দেশত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম
ৰঙিলী বাৰ্ত্তাসেৱা- দেশত পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য ৷ পেট্ৰ’ল-ডিজেলৰ দাম প্রতি লিটাৰত তিনি টকা পর্যন্ত বৃদ্ধি কৰিছে। কেন্দ্রীয় চৰকাৰে দাম বৃদ্ধি কৰাৰ ফলত দেশত প্রতি লিটাৰ পেট্ৰ’লৰ দামে চেঞ্চুৰী অতিক্রম কৰে। শুকুৰবাৰৰ পৰা প্রযোজ্য হোৱাকৈ বৃদ্ধি হোৱা দামৰ ফলত প্রতি লিটাৰ পেট্ৰ’লত বাঢ়িল ৩.১৪ টকা। ডিজেলৰো প্রতি লিটাৰত ৩.১১ টকা বৃদ্ধি হৈ মূল্যই শতকৰ ঘৰ স্পৰ্শ কৰাৰ দৌৰত আছে। দৰ বাঢ়িছে চিএনজিৰো। প্রতি কেজি চিএনজিৰ দাম দিল্লী আৰু মুম্বাইৰ দৰে চহৰত ২ টকাকৈ বৃদ্ধি কৰা হৈছে। দিল্লীত প্রতি কেজি চিএনজিৰ দাম আছিল পূর্বে ৮৫ টকা। এতিয়া ই বাঢ়ি গৈ ৮৭টকা হৈছে। প্রতি লিটাৰ পেট্ৰ’লৰ দাম ৩ টকাকৈ বৃদ্ধি হোৱাত দেশৰ ৰাজধানী দিল্লীত প্রতি লিটাৰ পেট্ৰ’লৰ দাম ৯৪.৭৭ টকাৰ পৰা বৃদ্ধি হৈ ৯৭.৭৭ টকা হয়।গুৱাহাটীত পেট্ৰ’লৰ মূল্য প্রতি লিটাৰত ৯৮.১৯ টকাৰ পৰা ১০১.২০ টকালৈ বৃদ্ধি পাইছে। আনহাতে চহৰখনত ৮৯.৪০ টকাৰ বিপৰীতে প্রতি লিটাৰ ডিজেলৰ দাম বৃদ্ধি হৈ ৯২.৫০ টকালৈ বৃদ্ধি হয়। ডিজেলৰ প্রতি লিটাৰত ৩.১১ টকা বৃদ্ধি হয়। ইয়াৰ বিপৰীতে অন্যান্য সৰু-ডাঙৰ চহৰকে ধৰি সমগ্ৰ দেশতে পেট্ৰ’লৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰে। কলকাতা চহৰত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ৩.২৯ টকা বৃদ্ধি হৈ প্রতি লিটাৰৰ খুচুৰা মূল্য হয়গৈ ১০৮.৭৪ টকা। প্রতি লিটাৰ ডিজেলৰ মূল্য ৩.১১ টকা বৃদ্ধি হৈ প্রতি লিটাৰত ৯৫.১৩ টকা হৈছে। মুম্বাইত পেট্ৰ’লৰ মূল্য ৩.১৪ টকা বৃদ্ধি পাই ১০৬.৬৮ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৩.১১ টকা বৃদ্ধি হোৱাৰ ফলত প্রতি লিটাৰত ৯৩.১৪ টকা হৈছেগৈ। সেইদৰে চেন্নাইত পেট্ৰ’লৰ মূল্যই ১০০ টকা অতিক্ৰম কৰিছে। ৰাজ্যখনত প্রতি লিটাৰ পেট্ৰ’লৰ মূল্য ২.৮৩ টকা বৃদ্ধি হৈ ১০৩.৬৭ টকা হৈছেগৈ। ৰাজ্যখনত ডিজেলৰ মূল্য ২.৬৮ টকা বৃদ্ধি পাই ৯৫.২৫ টকা হয়গৈ। কেৱল পেট্র’ল-ডিজেলৰেই নহয়, চিএনজিৰ দামো বৃদ্ধি হৈছে। দিল্লীত বৃহস্পতিবাৰ পৰ্যন্ত প্রতি কেজি চিএনজিৰ দাম আছিল ৮৫ টকা। আজিৰ তাৰিখত চিএনজিৰ দাম হ’ল ৮৭ টকা। স্মর্তব্য যে দেশৰ ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পিছতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনতাক ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহ্বান জনাইছিল। পশ্চিম এছিয়াত হোৱা যুদ্ধ আৰু যোগান ব্যৱস্থাত জন্মা ব্যাঘাতৰ বাবেই বিশ্বব্যাপী সৃষ্টি হোৱা অৰ্থনৈতিক চাপৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত সহায় কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছ, খোৱা তেল, সোণ, তাম, ৰাসায়নিক সাৰ আদিৰ ক্ষেত্ৰত ব্যৱহাৰ বিতব্যয়ী হ’বলৈ আহ্বান জনাইছিল।
