বটদ্ৰৱা থান দৰ্শন কৰি আশিস ল’লে মুখ্যমন্ত্ৰীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণৰ পিছত শুকুৰবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই শ্রীশ্রী বটদ্ৰৱা থান দর্শন কৰি সেৱা আগবঢ়ায় আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদ কামনা কৰে।শুকুৰবাৰে পুৱাতেই হেলিকপ্টাৰেৰে বটদ্ৰৱা প্ৰকল্পস্থলীত নিৰ্মাণ কৰা হেলিপেডত অৱতৰণ কৰাৰ পাছতেই বটদ্ৰৱা থানত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° শৰ্মা । ইয়াৰ পিছত বটদ্ৰৱা থানৰ কীৰ্তনঘৰত প্ৰৱেশ কৰি সেৱা লয় মুখ্যমন্ত্ৰীয়ে । কীৰ্তন ঘৰত সেৱা লোৱাৰ পাছত মুখ্যমন্ত্ৰীক থান পৰিচালনা সমিতিৰ লগতে বটদ্ৰৱাৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান, ভক্তপ্ৰাণ লোকে উষ্ম আদৰণি জনায় । আদৰণি গ্ৰহণ কৰি গুৰুজনাৰ জন্মস্থানৰ পৰাই আগন্তক পাঁচ বছৰীয়া কাৰ্যকালৰ বাবে সকলোৰে আশীৰ্বাদ বিচাৰি অসমবাসীক মুখ্যমন্ত্ৰীয়ে কেইবাটাও আশ্বাস প্ৰদান কৰে । এই উপলক্ষে শ্রীশ্রী বটদ্ৰৱা থানত উপস্থিত ভকত-বৈষ্ণৱ তথা জনসাধাৰণক সম্বোধন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে জনসাধাৰণৰ আশীৰ্বাদত বিজেপি নেতৃত্বাধীন মিত্রজোটে একেৰাহে তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। অসমৰ স্বাৰ্থ সুৰক্ষা, বিকাশমুখী আঁচনি ৰূপায়ণ তথা দুখীয়া-দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে কাম কৰি যাবলৈ চৰকাৰখনে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে জনসাধাৰণে মিত্রজোটৰ চৰকাৰখনক হিয়া উজাৰি আশীৰ্বাদ প্রদান কৰিছে বুলি তেওঁ মন্তব্য কৰে।
ইয়াৰ বাবে জনসাধাৰণলৈ কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয়-ৰাইজৰ কল্যাণৰ লগতে অসমক সুৰক্ষিত কৰি ৰখা আৰু বিকাশৰ দিশেৰে ৰাজ্যখনক যাতে ভাৰতবৰ্ষৰ ভিতৰতে এখন শক্তিশালী আৰু সমৃদ্ধিশালী ৰাজ্যলৈ ৰূপান্তৰ কৰিব পৰা যায়, তাৰ বাবে ৰাজ্য চৰকাৰে আগন্তুক পাঁচ বছৰত দিনে-নিশাই কর্মযজ্ঞত নিমগ্ন হৈ থাকিব। জনসাধাৰণক দিয়া প্রতিশ্রুতিসমূহ পালনৰ অৰ্থে চৰকাৰে কঠোৰ পৰিশ্ৰম কৰিব। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ হৈছে অসমৰ জাতীয় জীৱনৰ পথ প্ৰদৰ্শক। গুৰুজনাই অসমীয়া জাতিক প্রাণ দিয়াৰ লগতে নিজস্ব পৰিচয়েৰে জাতিটোক জগত সভাত পৰিচয় কৰাই দিছিল। মুখ্যমন্ত্ৰীয়ে কয়-মহাপুৰুষজনাৰ আশীৰ্বাদ লৈ আৰু তেৰাই দেখুৱাই যোৱা পথেৰে অহা পাঁচ বছৰ আমি খোজ কাঢ়িম আৰু তেৰাই যিখন অসমৰ কল্পনা কৰিছিল, সেইখন অসমৰ বাবে নিশ্চিভাৱে কাম কৰিম। শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ উন্নয়নৰ সন্দৰ্ভত মুখ্যমন্ত্রী ড° শর্মাই কয়- এই পৱিত্র স্থানক দেশৰ ভিতৰতে এক আকর্ষণীয় আধ্যাত্মিক স্থান হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা ৰাজ্য চৰকাৰে অব্যাহত ৰাখিব। থানখনৰ পৰম্পৰা আৰু ঐতিহ্য সংৰক্ষণৰ লগতে পৰ্যটনৰ দৃষ্টিৰে থানখনত যাত্ৰীসকলৰ বাবে প্রয়োজনীয় সা-সুবিধাসমূহো গঢ়ি তোলা হ’ব। অসমৰ সকলোবোৰ সত্ৰৰ সংৰক্ষণ আৰু সংবর্ধনৰ দিশত ৰাজ্য চৰকাৰ প্ৰতিশ্রুতিবদ্ধ আৰু চৰকাৰে অসমৰ বাহিৰত থকা সত্ৰসমূহৰ উন্নয়নৰ বাবেও কাম কৰিব। ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ আশীর্বাদ কামনা কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শ্রীশ্রী বটদ্ৰৱা থানত উপস্থিত হোৱাৰ সময়ত শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি অম্লানজ্যোতি দেৱগোস্বামী, শ্রীশ্রী শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ তথা থান পৰিচালনা সমিতিৰ উপ-সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্ত, শ্রীশ্রী নৰোৱা কুঁজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামী আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আদৰণি জনায়। মুখ্যমন্ত্ৰীৰ এই থান দৰ্শনৰ সময়ত বিধায়ক ৰমাকান্ত দেউৰী, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ উপস্থিত থাকে।
