বিধানসভাৰ প্ৰ’টেম অধ্যক্ষ হিচাপে শপতগ্ৰহণ চন্দ্ৰমোহন পাটোৱাৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ষষ্ঠদশ অসম বিধানসভাৰ কাৰ্যসূচী আৰম্ভহোৱাৰ পূৰ্বে প্র’টেম অধ্যক্ষ হিচাপে শপত ল’লে টিহু সমষ্টিৰ বিজেপিৰ জ্যেষ্ঠ বিধায়ক চন্দ্রমোহন পাটোৱাৰীয়ে। লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই চন্দ্রমোহন পাটোৱাৰীক গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। উল্লেখ্য যে ২১ মে’ৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। এই অধিৱেশনতেই প্র’টেম অধ্যক্ষ চন্দ্রমোহন পাটোৱাৰীয়ে নির্বাচিত বিধায়কসকলক শপতবাক্য পাঠ কৰোৱাব। উল্লেখ্য যে সপ্তমবাৰলৈ অসম বিধানসভালৈ নির্বাচিত হোৱা চন্দ্ৰমোহন পাটোৱাৰীয়েই একমাত্র বিধায়ক। পূর্বে জ্যেষ্ঠ বিধায়কৰ স্থান পূৰণ কৰিছিল অগপৰ বৰ্তমানৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে। ৰাজ্যপালে এক নির্দেশনাৰ জৰিয়তে ভাৰতীয় সংবিধানৰ ১৮৮ অনুচ্ছেদ অনুসৰি চন্দ্ৰমোহন পাটোৱাৰীক প্ৰ’টেম অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। ষষ্ঠদশ অসম বিধানসভাৰ অধ্যক্ষ নির্বাচিত তথা অধ্যক্ষই শপতগ্ৰহণ নকৰালৈকে চন্দ্ৰমোহন পাটোৱাৰীয়ে খালী হৈ থকা অধ্যক্ষৰ দায়িত্ব চম্ভালিব। উল্লেখ্য যে পঞ্চদশ বিধানসভা ভংগ কৰাৰ পিছত অসম বিধানসভাৰ অধ্যক্ষ-উপাধ্যক্ষৰ পদ খালী হৈ আছে। এনে অৱস্থাত নির্বাচিত বিধায়কসকলক শপতগ্ৰহণ কৰাবলৈ এগৰাকী অধ্যক্ষৰ প্ৰয়োজন হয়। নতুন অধ্যক্ষ নির্বাচন তথা শপতগ্ৰহণৰ প্ৰক্ৰিয়া সম্পূর্ণ নোহোৱালৈকে ৰাজ্যপালে এগৰাকী প্ৰ’টেম অধ্যক্ষক নিযুক্তি দিয়ে। অসম বিধানসভাৰ জ্যেষ্ঠ বিধায়ক হিচাপে ইতিমধ্যে ৰাজ্যিক কেবিনেটে চন্দ্রমোহন পাটোৱাৰীৰ নাম ৰাজ্যপাললৈ প্ৰেৰণ কৰিছে। সেই অনুসৰিয়েই আজি ৰাজ্যপালে বিধায়ক পাটোৱাৰীক প্ৰ’টেম অধ্যক্ষ হিচাপে শপতবাক্য পাঠ কৰোৱায়।
