ইউ এ ইৰ ৰাষ্ট্ৰপতিৰ সৈতে দুখন গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ প্রধানমন্ত্রী মোদীৰ

Pc Press Information Bureau

ইউ এ ইৰ ৰাষ্ট্ৰপতিৰ সৈতে দুখন গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ প্রধানমন্ত্রী মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি সংযুক্ত আৰব আমিৰাটত (ইউ এ ই) কৰা সংক্ষিপ্ত ভ্রমণ ভাৰতৰ বাবে যথেষ্ট লাভদায়ক বিবেচিত হৈছে। মধ্যপ্রাচ্যত চলি থকা উত্তেজনাৰ সময়তে প্রধানমন্ত্রী মোদীয়ে শুকুৰবাৰে আমীৰশ্বাহীত পদার্পণ কৰিয়েই দেশখনৰ ৰাষ্ট্ৰপতি শেখ মহম্মদ বিন জায়েৰ আল-নায়ানৰ সৈতে দুখন বৃহৎ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে ইন্ধন সংকটৰ মোকাবিলাৰ ক্ষেত্ৰত ভাৰতলৈ এলপিজি সৰবৰাহ কৰিব আমীৰশ্বাহীয়ে। লগতে পেট্ৰ’লিয়াম মজুতক লৈও বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে দুয়োখন দেশে। তদুপৰি প্ৰতিৰক্ষা শিতানতো চুক্তি হৈছে ভাৰত আৰু আমীৰশ্বাহীৰ মাজত। সংযুক্ত আৰব আমীৰশ্বাহীৰ পৰা আৰম্ভ হোৱা প্ৰধানমন্ত্ৰীৰ এই ভ্রমণসূচী মর্মে মুঠ ৫খন দেশলৈ যাব মোদী। শুকুৰবাৰে আমীৰশ্বাহীৰ আকাশত প্রধানমন্ত্রী মোদীৰ বিমান প্ৰৱেশ কৰাৰ লগে লগে তেওঁক অভ্যর্থনা জনায় এফ-১৬ যুদ্ধবিমানে। ৰীতি মতে এছক’ৰ্ট কৰি প্ৰধানমন্ত্ৰীৰ বিমানখনক লৈ অহা হয়। দুপৰীয়া ১২ বজাত আবুধাবি বিমানবন্দৰত অৱতৰণ কৰে মোদীৰ বিমানে। তাত গার্ড অব অনাৰ দিয়া হয় প্রধানমন্ত্রীক। ইয়াৰ পিছত আমীৰশ্বাহীৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েৰ আল-নায়ানক সাক্ষাৎ কৰে মোদীয়ে। তাতেই ইন্ধন সম্পর্কীয় দুখন চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ ভিতৰত প্ৰথমখন আছিল ভাৰতলৈ এলপিজি সৰবৰাহ নিশ্চিত কৰিব আমীৰশ্বাহীয়ে। সম্প্ৰতি যুদ্ধ পৰিস্থিতিৰ মাজত এলপিজি সংকট আৰম্ভ হ’বলৈ ধৰিছে ভাৰততো। সংকট মোকাবিলাৰ ক্ষেত্ৰত আমীৰশ্বাহীৰ সৈতে ভাৰতৰ এই চুক্তি অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰিছে কূটনৈতিক মহলে। ইয়াৰ পিছতে আমীৰশ্বাহীৰ সৈতে ষ্ট্ৰেটেজিক পেট্র’লিয়াম মজুতক লৈও বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ভাৰতে। ইয়াৰ জৰিয়তে দেশখনত তেল মজুত আৰু জৰুৰী পৰিস্থিতিত ভাৰতে যাতে ইন্ধন সংকটৰ মুখামুখি হ’বলগীয়া নহয়, তাৰ খেয়াল ৰাখিব আমীৰশ্বাহীয়ে। যুদ্ধ, আন্তঃৰাষ্ট্ৰীয় সংকট আৰু হঠাৎ তেলৰ দাম বৃদ্ধিৰ দৰে বিষয়সমূহ চম্ভালিবলৈ অপৰিশোধিত তেল মজুত ৰাখে ভাৰতে। এনেক্ষেত্ৰত এইবাৰ দিল্লীক সহায়ৰ হাত আগবঢ়াব আমীৰশ্বাহীয়ে। চুক্তিত স্বাক্ষৰ হৈছে সামৰিক আৰু নিৰাপত্তাৰ ক্ষেত্ৰত দুয়োখন দেশে একেলগে কাম কৰাৰ বাবে।