২১ জুনত অনুষ্ঠিত হ’ব নীট

Pc Telegraph India

২১ জুনত অনুষ্ঠিত হ’ব নীট

ৰঙিলী বাৰ্ত্তাসেৱা- নেচনেল টেষ্টিং এজেঞ্চী (এনটিএ) য়ে সৰ্বভাৰতীয় প্ৰৱেশিকা পৰীক্ষাৰ (নীট-ইউজি ২০২৬) নতুন দিন ঘোষণা কৰিলে। সংস্থাটোৱে জনোৱা মতে, অহা ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট-ইউজি ২০২৬ৰ পৰীক্ষা। সমগ্র দেশতেই ২২ লাখৰো অধিক ছাত্র-ছাত্রীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব। শুকুৰবাৰে সামাজিক মাধ্যম এক্স হেণ্ডেলত এই পৰীক্ষাৰ দিন ঘোষণা কৰে এনটিএয়ে। এই ঘোষণাত জনোৱা মতে, কেন্দ্ৰৰ সন্মতি লৈয়েই ২১ জুন পৰীক্ষাৰ দিন স্থিৰ কৰা হৈছে। ইতিমধ্যে নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাত দেশজুৰি হুলস্থূল লাগিছে। যোৱা ৩ মে’ত নীটৰ পৰীক্ষা অনুষ্ঠিত হৈছিল, কিন্তু তাৰ কিছুদিন পিছত পোহৰলৈ আহে যে প্রশ্নকাকত ফাদিল হৈ গৈছে। তাৰ পিছতেই নীটৰ সমগ্ৰ পৰীক্ষাটোৱেই বাতিল কৰি দিছিল এনটিএই। শুকুৰবাৰে এক্স হেণ্ডেলত যিটো বিবৃতি সংস্থাটোৱে প্রকাশ কৰিছে, তাত অভিভাৱকসকলক পৰামৰ্শ দিয়া হৈছে যাতে তেওঁলোকে যিকোনো তথ্য আৰু পৰীক্ষাৰ বাবে এনটিএৰ নিজা ৱেবছাইটসমূহ অনুসৰণ কৰে। উল্লেখ্য যে নীটৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা পোহৰলৈ অহাত সমগ্র দেশতে হুলস্থূল লগাৰ পিছত যোৱা ১২ মে’ত নীটৰ পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰে সংস্থাটোৱে। পৰীক্ষা বাতিলৰ ঘোষণাৰ লগে লগে লাখ লাখ পৰীক্ষাৰ্থীৰ অথাই সমুদ্ৰত পৰাৰ দৰে অৱস্থা হয়। ঠায়ে ঠায়ে প্রতিবাদ-বিক্ষোভত নামে পৰীক্ষাৰ্থীসকল। অভিভাৱকসকলেও অসন্তুষ্টি প্রকাশ কৰে। পৰীক্ষা বাতিলৰ ঘোষণাৰ পিছতে এনটিএয়ে ঘোষণা কৰে যে ৭-১০ দিনৰ ভিতৰতে পৰৱৰ্তী পৰীক্ষাৰ দিন ঘোষণা কৰা হ’ব। তাৰ পিছত নীটৰ পৰৱৰ্তী পৰীক্ষাৰ দিন ঘোষণা কৰা হ’ল শুকুৰবাৰে। আনহাতে, প্ৰশ্নকাকত ফাদিলৰ অপকর্ম ৰুধিবলৈ অহা বছৰৰ পৰা আমূল পৰিৱৰ্তন সাধন কৰা হৈছে নীটৰ প্রক্রিয়াত। কাগজে-কলমে নহয়, এইবাৰ কম্পিউটাৰত অনুষ্ঠিত হ’ব নীট। নীটৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত সাংবাদিকৰ সন্মুখত কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে এই ঘোষণা কৰি কয় যে ২০২৭ চনৰ পৰা অনলাইনযোগে পৰীক্ষা অনুষ্ঠিত হ’ব। প্রশ্নকাকত ফাদিল ৰুধিবলৈকে এই পদক্ষেপ লোৱা হৈছে বুলি জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে। নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত শুকুৰবাৰে প্ৰথমবাৰৰ বাবে সাংবাদিকৰ মুখামুখি হয় কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকী। তেওঁ স্পষ্টকৈ জনাই দিয়ে যে যিবোৰ মাফিয়া চক্ৰই বাৰে বাৰে প্ৰশ্নকাকত ফাদিল কৰিছে, তেওঁলোকৰ বিৰুদ্ধে জিৰ’ টলাৰেঞ্চ নীতি গ্ৰহণ কৰা হ’ব। শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে কোনো প্ৰকাৰে আপোচ কৰা নহ’ব। সাংবাদিক মেলত শিক্ষামন্ত্ৰীগৰাকীয়ে কয়-‘ৰাধাকৃষ্ণন কমিটীৰ পৰামৰ্শ অনুসৰণ কৰা সত্ত্বেও কমাণ্ড চেইনত ত্রুটি ৰৈ গৈছিল। আমি তাক স্বীকাৰ কৰিছোঁ আৰু ইয়াক উন্নত কৰাৰ দায়িত্ব লৈছোঁ।’ ইতিমধ্যে প্রশ্নকাকত ফাদিলৰ ঘটনাটোৰ তদন্তৰ দায়িত্ব লৈছে চিবিআয়ে। কেইবাজনো লোকক গ্রেপ্তাৰো কৰা হৈছে। কেন্দ্রীয় শিক্ষামন্ত্ৰীগৰাকীয়ে কয়- ‘নীটৰ নিচিনা কঠিন পৰীক্ষা বাৰে বাৰে দিয়াটো পৰীক্ষাৰ্থীসকলৰ বাবে শাৰীৰিক আৰু মানসিক নির্যাতনৰ লেখীয়া। সেইবাবে আগন্তুক দিনত যাতে প্রশ্নকাকত ফাদিল হোৱাৰ ঘটনা সম্পূৰ্ণৰূপে ৰোধ কৰিব পৰা যায়, তাৰ বাবে নীটৰ পৰীক্ষা পদ্ধতি সম্পূৰ্ণৰূপে সলনি কৰা হ’ব। চলিত বছৰত এই পৰীক্ষা কাগজে-কলমে হ’ব। অ’এমআৰ শ্বীটত পৰীক্ষা দিব লাগে পৰীক্ষাৰ্থীসকলে। অহা ২১ জুনত অনুষ্ঠিত হ’বলগীয়া নীট পৰীক্ষাও এই পদ্ধতিৰে অনুষ্ঠিত হ’ব। কিন্তু অহা বছৰৰ পৰা এই পৰীক্ষা সম্পূৰ্ণৰূপে ডিজিটেল হৈ যাব। কম্পিউটাৰত পৰীক্ষা দিব পঢ়ুৱৈসকলে। অনলাইন পৰীক্ষা কেন্দ্ৰলৈ গৈ তেওঁলোকে পৰীক্ষা দিব লাগিব।’