মই দ্বিতীয় পত্নী – অঞ্জুমণি শইকীয়া 

 মই দ্বিতীয় পত্নী 

মোক বিয়া দিব নোৱাৰাৰ দুখ এটা লৈ মা – দেউতা চিৰদিনৰ কাৰণে অজান দেশলৈ গ’ল ৷ ইতিমধ্যে , বিয়াৰ বয়স পাৰ হৈ ককাইদেউ নবৌৰ বোজা হৈ থাকোঁতে এদিন বিবাহৰ প্ৰস্তাৱ আহিল ৷ বিবাহ প্ৰাৰ্থীজন জী – জোঁৱাই , নাতি থকাৰ লগতে বিয়াৰ বয়স হৈ থকা একমাত্ৰ পুত্ৰৰ পিতৃ ৷ প্ৰথম পত্নীৰ মৃত্যু হৈছে ৷ এদিন শুভ দিন বাৰ চাই জোৰণ পিন্ধি স্বামীৰ গৃহত ভৰি দিলো ৷ ( বিয়াত আগ ভাগ ল’লে স্বামীৰ জোঁৱায়েকে ) লাহে লাহে বুজি পালো প্ৰথম পত্নীৰ পুত্ৰজনৰ কথাবোৰ অসংলগ্নৰ বিপৰীতে ছোৱালীজনী বহুত টেঙৰ ৷ বছৰ বাগৰাৰ পিছত মোৰ লগ এটা হওক বুলি সমন্ধীয় ভাগিন এজনী আনি ওচৰৰ এম ই স্কুলখনত নাম লগাই দিলো ৷

এদিন ভাগিনজনীয়ে মোক ক’লে যে মোৰ স্বামীয়ে তাইক ধেমালিৰ চলেৰে স্পৰ্শ ( — ) কৰে ৷ মইও দুদিনমান দেখিলো ৷ ইফালে তাই গাভৰু হওঁ হওঁ অৱস্থা ৷ সকলো ভাবি চিন্তি তাইক ঘৰত থৈ আহিলো ৷ লাহে লাহে কথাবোৰ মানুহৰ কাণ বাগৰিল ৷ স্বামীয়েও মোৰ গাত হাত তুলিবলৈ ল’লে ৷ ইয়াৰ মাজতে ( প্ৰথম পত্নীৰ ) জীয়েকে ককায়েকলৈ ছোৱালী এজনী আনি সংসাৰ পাতি দিয়াৰ লগতে মোক ঘৰৰ পৰা খেদিবলৈ বুজাই দিলে ৷ ভনীয়েকৰ কথামতে সি মোৰ লগত কাৰণ নথকাকৈয়ে কাজিয়া কৰিবলৈ ল’লে ৷ এদিন মোক মাৰিবলৈ খেদি গ’ল ৷ ভয়ত মই দৌৰি ওচৰৰ মানুহ এঘৰত সোমালোগৈ ৷ সুযোগ বুজি ককাইদেউৰ ( নিজৰ ) ঘৰলৈ গ’লো ৷ দুয়োখন গাঁৱৰ ৰাইজ মিলি আলোচনা কৰি পত্নী হিচাপে পাবলগীয়া সম্পত্তিৰ ভাগ মোক দিলে ৷ জীৱনৰ শেষ উশাহ লোৱালৈকে জন্ম হোৱা গাওঁখনত , চিনাকি মানুহৰ মাজত থাকিবলৈ সিদ্ধান্ত ল’লো ৷

– অঞ্জুমণি শইকীয়া 
যোৰহাট মালৌ-আলি (তিনি আলি )