ভেকুলী- মঞ্জুষা শৰ্মা 

ভেকুলী

 

নিকি আৰু নিধিৰ আজি যে আনন্দৰ সীমা নাই | বাটলৈ চাই চাই নিধিৰ এনে লাগিছে যেন ঘড়ীৰ কাঁটা কেইডাল একে ঠাইতে ৰৈহে আছে | মিনিটে মিনিটে ফোন | ক’ত পালাহি , কেতিয়া পাবাহি ইত্যাদি ইত্যাদি | সকলো উৎকন্ঠা অন্ত পেলাই বেলি লহিয়াৰ আগে আগে নিকিহঁত আহি মোমায়েকৰ ঘৰ পালেহি | হাত – মুখ ধুই সাজ -পাৰ সলাই খাই বৈ দুয়ো ককাকৰ ওচৰলৈ গ’ল কথা পাতিব আৰু লুডু খেলিব | ক্ন্তিু হঠাত নিকি ৰৈ গ’ল আৰু ইফালে সিফালে চাবলৈ ধৰিলে | তাকে দেখি ককাকে সুধিলে নিকি তোমাৰ কি হ’ল ? ভয় লাগিছে নেকি ?? চাওঁ তুমি মোৰ ওচৰলৈ আহাচোন আৰু কি হৈছে কোৱাচোন | ককাকৰ মাতত নিকিয়ে সাহস পোৱাৰ দৰে হৈ ক’লে — সেইবোৰ নো কি ? কিহৰ শব্দ সেইবোৰ কোৱাচোন ? ককাকৰ খুব হাঁহি উঠিছিল যদিও নিকিৰ অৱস্থাটো দেখি তেওঁৰ তালৈ বেয়া হে লাগিল | কাৰণ সি যে সেইবোৰ কিহৰ শব্দ তাক চিনি বা বুজিও পোৱা নাই | আজি এই যান্ত্ৰিকতাৰ যুগত প্ৰকৃতিৰ যি মনোমোহা ৰূপ সি যেন ক’ৰবাত হেৰাইহে গ’ল | তাৰ ঠাইত কৃত্ৰিমতাই চাৰিওফালে আগুৰি পেলালে | সেয়েহে অতীতৰ জীৱ – জন্তু , চৰাই – চিৰিকটি , কীট – পতঙ্গৰ বিভিন্ন ধৰণৰ মাতবোৰ আজিৰ দিনত প্ৰায় লুপ্ত হৈ যাবলৈ ধৰিছে বা উঠি অহা নৱ প্ৰজন্মৰ বাবে এইবোৰ এক আচহুৱা শব্দলৈ পৰিণত হৈছে | নিকিয়ে পুনৰ ককাকক কোৱা আকৌ ককা সেইবোৰ ক’ৰ পৰা আহিছে কোৱা আকৌ ? ককাকে হাঁহি মাৰি ক’লে অ’ সেইবোৰ —- সিহঁতি গান গাইছে আৰু লগতে সেইবোৰ সিহঁতৰ বাদ্যযন্ত্ৰৰ শব্দ | হয় নেকি ককা ! আমাৰ তাত আকৌ এইবোৰ শুনিবলৈ পোৱা নাযায় | ঠিৰ আছে বাৰু নিকি ,মই তোমালোকক কালিলৈ বুজাই কম বাৰু | আজি ইমান কষ্ট কৰি আহিছা ভাত খাই শুই থাকাগৈ | অ’ ককা মোৰ যে বৰ টোপনি ধৰিছে কালিলৈ কিন্তু ক’বই লাগিব দেই |

পিছদিনা নিকিয়ে নিধিক লৈ ককাকৰ ওচৰ পালেগৈ আৰু কালিৰ শব্দবোৰৰ কথাবোৰ ক’বলৈ ক’লে | তাকে শুনি ককাকে দুই নাতিক লৈ চোতালৰ মূৰত থকা পুখুৰীৰ পাৰ পালেগৈ | পুখুৰীৰ পানীত বাঁহ পাতৰ দুয়োকাষে ক’লা ক’লা প্ৰাণীটো কি চিনি পাইছা নে বুলি নিকিক সুধিলে| কিন্তু নিকিয়েহে সেইবোৰ কি বুলি ককাকহে ওলোটাই প্ৰশ্ন কৰিলে |নিধিয়ে তপৰাই উত্তৰ দিলে সেইবোৰ আকৌ লালুকী | ককাকে সুধিলে নিকি তুমি কোতিয়াবা ভেকুলী দোখিছানে ? নাই ককা মই কিতাপতহে দোখিছো | অ— অ হয় নেকি ? তেন্তে এতিয়া গৈ তুমি ভঁড়ালৰ তলত বা ঢেঁকী ঘৰৰ চুকত থকা ভেকুলীটো নিজে চাই ল’বা দেই |

এতিয়া শুনা তোমালোকে যে কিতাপত দেখিছা বা পাইছা এই ভেকুলীক বেং নামেৰেও জনা যায় | ইহঁত মাটি – পানী দুয়োটাতে থাকে বাবে ইহঁতক উভচৰ প্ৰাণী বোলে | ভেকুলীয়ে পানীত কণী পাৰে আৰু এই কণী ফুটি যি পোৱালি ওলায় তাকে লালুকী বোলা হয় | লালুকী কেৱল পানীতহে থাকে | ইয়াৰ আকৃতি মাছৰ নিচিনা আৰু ইয়াৰ এডাল নেজ থাকে | ঠেং গজাৰ পিছত নেজডাল সৰি গৈ বামলৈ উঠি আহে | তেতিয়া ই ভেকুলী নামেৰে পৰিচিত হৈ পৰে | এই ভেকুলীবোৰেই বাৰিষা মাতে | যাক আমি টোৰ টোৰোৱা বুলি কওঁ | কালি ৰাতি তুমি যি শব্দ শুনিছিলা সি এই ভেকুলী আৰু জিলিৰ মাতৰ সংমিশ্ৰণ | এতিয়া বুজিলানে কালিৰ শব্দবোৰ কিহৰ আছিল | শুনা এই ভেকুলীবোৰ নানা জাতৰ আছে | সেইবোৰৰ বিষয়ে থূলমূলকৈ কৈ থওঁ বাৰু |

১) বামুণ ভেকোলা : ই পানীত থাকে আকাৰত যথেষ্ট ডাঙৰ আৰু গাত এডাল বগা আঁচ থাকে |

২) চুক ভেকুলী : ই ঘৰৰ চুকত সোমাই থাকে | ইয়াৰ গাত কিছুমান বগা আঠাৰে ভৰা খহু থাকে |

৩) পাত বেং : এই বিধ বেং গছৰ ওপৰত থাকে আৰু ইহঁতৰ ৰং সেউজীয়া | ইহঁতৰ ঠেং বৰ দীঘল |

৪) মোনা বেং : ইহঁতৰ মাইকী বেঙৰ পিঠিত বহুতো মোনা থাকে | য’ত কণীবোৰ লৈ ফুৰে পোৱালি নোলোৱালৈকে |

৫) উৰণীয়া বেং : ইহঁতৰ আঙুলিবোৰ লগ লাগি এখন পাখিৰ দৰে হয় বাবে উৰি যাব পাৰে |

৬) ৰজা বেং : ই বৰ ডাঙৰ | ইয়াৰ পিঠিত এটা ডাঙৰ কুঁজ থাকে আৰু মুখখনো দীঘল |

৭) ৰং চঙীয়া বেং : ই পৰ্বতত থাকে আৰু গাটো নানা বৰণীয়া |

ভেকুলীয়ে পোক – পৰুৱা – মাখি আদি খায় | ইহঁতৰ জিভাখনৰ ভিতৰ ফালটোহে মুকলি | খাদ্যবস্তু দেখিলে জিভাখন আগলৈ বাহিৰলৈ মাৰি পঠিয়াই আৰু তাত থকা আঠাত খাদ্যবস্তুবোৰ লাগি ধৰে | এনেদৰেই ইহঁতি আহাৰ খায় |

ইয়াৰোপৰি ভেকুলীক লৈ এনে কিছুমান লোক বিশ্বাস আছে যে যিবোৰ এতিয়াও সমাজত চলি আছে | তাৰে ভিতৰত ভেকুলীৰ বিয়া | লোক বিশ্বাস মতে আহাৰ – শাওণ মহীয়া খৰাং বতৰত খেতি কৰিব নোৱোৰা হোৱাত সামাজিক নীতি নিয়ম মানি ভেকুলীৰ বিয়া পতা হয় | লোক বিশ্বাস অনুসৰি এনে কৰিলে খৰাং আঁতৰি বৰষুণ আহে |

আজি ভেকুলীৰ বিষয়ে বহুতো কথাই ক’লো এতিয়া ব’লা পুৱাৰ আহাৰ খাওঁগৈ |

 

         মঞ্জুষা শৰ্মা