ভাৰত-পাক যুদ্ধৰ ৫০ বছৰীয়া গৌৰৱময় সোণালী বিজয় পূর্তি উপলক্ষে লাচিতঘাটত হʼব বায়ুসেনাৰ কুচকাৱাজ

Pc kv Upper shillong

ভাৰত-পাক যুদ্ধৰ ৫০ বছৰীয়া গৌৰৱময় সোণালী বিজয় পূর্তি উপলক্ষে লাচিতঘাটত হʼব বায়ুসেনাৰ কুচকাৱাজ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় বায়ুসেনাৰ শ্বিলংস্থিত ইষ্টার্ন এয়াৰ কমাণ্ডে ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ ৫০ বছৰীয়া গৌৰৱময় সোণালী বিজয় পূর্তি উপলক্ষে অহা ১২ ডিচেম্বৰত গুৱাহাটীৰ মাছখোৱাৰ লাচিতঘাটত প্ৰদৰ্শন কৰিব যুদ্ধবিমানৰ বৃহৎ কুচকাৱাজ। পুৱা ১০ বজাৰ পৰা ১১ বজালৈ এঘণ্টাৰ বাবে অনুষ্ঠিত ল’বলগীয়া কুচকাৱাজত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী। আনহাতে যুদ্ধবিমানৰ কুচকাৱাজৰ বিশেষ আকর্ষণ হ’ব ভাৰতীয় বায়ুসেনাৰ অলংকাৰস্বৰূপ সূৰ্যকিৰণ বিমান। তেনেদৰে ভাগ ল’ব SU-30 MKI যুঁজাৰু বিমান, MI 17 আৰু MI BS-17 শ্ৰেণীৰ শেহতীয়া প্ৰযুক্তিৰে নিৰ্মিত হেলিকপ্টাৰ। ইষ্টার্ন এয়াৰ কমাণ্ডৰ এক সূত্রই সদৰী কৰা অনুসৰি কুচকাৱাজত প্ৰায় ১৪খন সূৰ্যকিৰণ যুদ্ধবিমান, ২খন SU-30 MKI যুদ্ধবিমান আৰু কেইবাখনো হেলিকপ্টাৰে ভাগ ল’ব। তেনেদৰে আকাশৰ নিম্ন উচ্চতাৰে উৰণ কৰিবলগীয়া যুদ্ধবিমান দুখন তেজপুৰৰ বায়ুসেনা ঘাটিৰ পৰা আৰু সূৰ্যকিৰণ যুদ্ধবিমানৰ লগতে হেলিকপ্টাৰসমূহ বৰঝাৰৰ বায়ুসেনাৰ ঘাটিৰ পৰা উৰা মাৰিব। ইতিমধ্যে বিগত তিনি-চাৰিদিন ধৰি বৰঝাৰৰ বায়ুসেনাৰ ঘাটিৰ পৰা মাছখোৱাত কুচকাৱাজ তথা প্ৰদৰ্শনৰ বাবে সূৰ্যকিৰণ বিমানৰ গুৱাহাটীকে ধৰি কাষৰীয়া অঞ্চলত আখৰা সম্পন্ন কৰি আহিছে। তেনেদৰে তেজপুৰৰ বায়ুসেনাৰ ঘাটিৰ পৰা SU-30 MKI বিমানৰ আখৰা সম্পন্ন কৰি অহা হৈছে। অহাকেইদিনত পুনৰ গুৱাহাটীকে ধৰি কাষৰীয়া অঞ্চলৰ ৰাইজে আখৰাৰ সময়ত পুনৰ যুদ্ধবিমানৰ প্ৰচণ্ড শব্দ শুনিবলৈ পাব। মূলতঃ উঠি অহা নতুন প্ৰজন্মৰ শিক্ষিত যুৱক-যুৱতীসকলে যাতে ভাৰতীয় বায়ুসেনাত যোগদান কৰাৰ বাবে অনুপ্ৰেৰণা লাভ কৰে সেই উদ্দেশ্য আগত ৰাখিয়ে পাকিস্তান বিজয়ৰ ৫০ বছৰীয়াপূৰ্তিৰ লগত সংগতি ৰাখি এনেধৰণৰ কুচকাৱাজৰ আয়োজন কৰা হৈছে বুলি বায়ুসেনাৰ সূত্ৰই সদৰী কৰিছে।