ভাৰতৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৭৫% লোকে কোভিড-১৯ৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে টিকাকৰণ কৰিছে: চৰকাৰ

p.c.IndiaToday

ভাৰতৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৭৫% লোকে কোভিড-১৯ৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে টিকাকৰণ কৰিছে: চৰকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াই টুইট কৰি কয় যে ভাৰতৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৭৫% লোকক কোভিড-১৯ৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হৈছে। তেওঁ লিখিছিল যে, “সবকা সাথ, সবকা প্ৰয়াস’ৰ মন্ত্ৰৰ দ্বাৰা ভাৰতে ইয়াৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৭৫% লোকক ভেকছিনৰ দুয়োটা পালিৰে টিকাকৰণ কৰাৰ লক্ষ্য প্ৰাপ্ত কৰিছে।” মন্ত্ৰীজনে লগতে কয়, “কৰোনাৰ বিৰুদ্ধে যুঁজত আমি শক্তিশালী হৈ আছোঁ।”