বৰাকত কোনো কাৰণতে অসমীয়া ভাষা চলিবলৈ নিদিয়াৰ হুংকাৰ; অসমীয়াৰ মাজত বিভাজন আনিবলৈ কৰা এনে ষড়যন্ত্ৰক লৈ চৌদশে প্ৰতিক্ৰিয়া

rongilibarta

বৰাকত কোনো কাৰণতে অসমীয়া ভাষা চলিবলৈ নিদিয়াৰ হুংকাৰ; অসমীয়াৰ মাজত বিভাজন আনিবলৈ কৰা এনে ষড়যন্ত্ৰক লৈ চৌদশে প্ৰতিক্ৰিয়া

ৰঙিলী বাৰ্ত্তাসেৱা – বৰাকত কোনো কাৰণতে অসমীয়া ভাষা চলিবলৈ নিদিয়াৰ হুংকাৰ দুই বাঙালী সংগঠনৰ৷শিলচৰ ৰে’ল ষ্টেচনত মচি পেলোৱা হ’ল অসমীয়া ভাষাৰ ফলক। বৰাকত অসমীয়া ভাষাত লিখা চৰকাৰী বিজ্ঞাপন লৈ প্ৰতিবাদ জনালে বৰাক ডেমক্ৰেটিক ফ্ৰন্ট আৰু সদৌ বঙ্গালী যুৱ সংস্থা নামৰ দুটা সংগঠনে। অসম চৰকাৰৰ জলজীৱন মিছনৰ অসমীয়া ভাষাত লিখা এখন চৰকাৰী পোষ্টাৰ শিলচৰ ৰে’লৱে ষ্টেচনৰ সন্মুখত লগাইছিল অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে।ইয়াৰ পাছতে বৰাকত কোনো কাৰণতে অসমীয়া চলিবলৈ দিয়া ন’হব বুলি হুংকাৰ প্ৰদান কৰি অসমীয়া ভাষাৰ পোষ্টাৰ ক’লা ৰঙৰে মচি তাৰ ঠাইত “বাংলা লিখুন” বুলি লিখি দিয়ে।সংগঠন দুটাই বৰাকত বাঙালী চলবে না,উগ্ৰ অসমীয়া জাতীয়তাবাদ চলবে না আদি শ্লোগান দি প্ৰতিবাদ স্যবস্ত কৰে।এই কাৰ্যৰ পাছতে এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দুটাকৈ বাঙালী সংগঠনে এনেদৰে অসমীয়াৰ মাজত বিভাজন আনিবলৈ কৰা এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে এতিয়া অসমৰ চৌদশে বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত কৰা আন্দোলনৰ সলনি ৰাজ্যত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবেহে কৰা আন্দোলনক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷