বৰম্বৈত “পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত জিতুমণি কলিতাৰ উপন্যাস গ্ৰন্থ উন্মোচন

বৰম্বৈত “পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত জিতুমণি কলিতাৰ উপন্যাস গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- “শৰাইঘাট যুদ্ধত বৰম্বৈৰ ভূমিকা আছিল অপৰিসীম । বৰম্বৈৰ মাজেদি বৈ যোৱা লখাইতৰা নৈৰ কাহিনীও বৰ হৃদয়স্পৰ্শী । এই যুদ্ধত জয়ী হ’বলৈ মোমাই তামূলী বৰবৰুৱাই বৃহত্তৰ বৰম্বৈৰ পৰা অনেক ডেকা ল’ৰাক উদ্ধুদ্ধ কৰাইছিল । লাচিত বৰফুকনৰ পদধূলিৰে বিৰাজমান বৰম্বৈ অঞ্চলৰ পৰা অনেক কবি, উপন্যাসিক, লেখক, শিল্পী ওলাইছে ।” আজি কামৰূপ জিলাৰ “বৰম্বৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়” প্ৰাঙ্গণত অসমৰ অন্যতম প্ৰকাশন অনুষ্ঠান “পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত ঔপন্যাসিক জিতুমণি কলিতাৰ উপন্যাস” বিপ্লৱী আত্মাৰ প্ৰতিধ্বনি” উন্মোচনী সভাখনি উদ্ধোধন কৰি‌ অসমৰ বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, পদ্মশ্ৰী প্ৰাপক ড০ জয়শ্ৰী গোস্বামী মহন্তই এনেদৰে কয় । প্ৰসিদ্ধ‌ শিশু সাহিত্যিক ড০ গোস্বামী মহন্তই আৰু কয়- “বিদ্যালয়ৰ পাঠ্যপুথিৰ পৰা বুৰঞ্জী আৰু ভূগোল গুচাই দিয়াটো ভুল হৈছে । আজিৰ ‌ন-প্ৰজন্মই নিজৰ গাৱ, অঞ্চলটোৰ, জিলাখনৰ, ৰাজ্যখনৰ বুৰঞ্জী নাজানে । আজিৰ যুৱ প্ৰজন্মই জাতিয় চেতনাৰ উন্মেষ ঘটা সাহিত্যৰ সন্ধান কৰিব লাগে ।” প্ৰকাশনৰ সচিব, ‌সাংবাদিক,‌ লেখক দীপক শৰ্মাই আঁত ধৰা সভাত গ্ৰন্থখনি উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক “সাহিত্য কোঁৱৰ” কমল কলিতাই কয়- “গ্ৰন্থৰ চাহিদা এতিয়াও অনেক আছে । সামাজিক মাধ্যম, বৈদ্যুতিন‌‌ মাধ্যমেও গ্ৰন্থৰ পঢুৱৈৰ সংখ্যা কমাব নোৱাৰে । সকলো সাহিত্যতকৈ উপন্যাসৰ পাঠক অনেক আছে ।‌ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য,‌ মামণি ৰয়ছম গোস্বামী, ভবেন্দ্ৰ নাথ শইকীয়া আদিৰ উপন্যাস মানুহৰ হৃদয়স্পৰ্শী হৈ আজিও আছে ।” শিশু শিল্পী স্নেহা পাটোৱাৰীৰ আধুনিক গীত পৰিবেশনেৰে আৰম্ভ কৰা সভাৰ আদৰণি ভাষণ দিয়ে বৰম্বৈ স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি চৈয়দ কুটুবুদ্দিন আহমদে । সভাৰ মুখ্য অতিথি বিশিষ্ট গীতিকাৰ, সাহিত্যিক, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া শচীন দাসে কয় – “এখন গ্ৰন্থই এটা জাতিৰ চানেকি। জাতিৰ পৰিচয় । সময়ৰ স্বাক্ষৰ । নদীৰ পলসে কৃষি পথাৰ যিদৰে উৰ্বৰা কৰি তোলে, সেইদৰে সাহিত্যিকসকলে তেওঁলোকৰ সৃষ্টিৰাজিৰে বিশাল ক্ষেত্ৰখন অধিক শক্তিশালী কৰি তোলে ।” সভাত এমট্ৰনৰ উপ- মহাপ্ৰবন্ধক দীনমণি ভাণ্ডাৰ কায়স্থ, মাধ্যমিক শিক্ষা পৰিষদ,অসমৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী সঞ্চালক তথা বিশিষ্ট লেখিকা ড০ অসমী গগৈ, কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ প‌ইনুৰুদ্দিন আহমদ আৰু কামৰূপ জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সম্পাদক ৰজনী শালৈ বিশিষ্ট অতিথি হিচাপে অংশ লৈ প্ৰতিভাধৰ লেখক জিতুমণি কলিতাৰ উপন্যাস সৃষ্টিৰ প্ৰতিভাৰ শলাগ লয় । দুৰ্গামণি বৰগোহাঁই কামৰূপী লোকগীত পৰিবেশন কৰা সভাত জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি হাছেম পীয়াৰ,‌ স্বভাৱ কবি চান মহম্মদ, শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অকণ দাস, অখিলেন্দ্ৰ মোহন ডেকা, নৰেশ্বৰ ৰাজবংশী, ডিমু ত্ৰিবেণী সাহিত্য সভাৰ উপ-সভাপতি বলোৰাম ডেকা, লেখিকা স্বপ্না শৰ্মা প্ৰভৃতিয়ে অংশ লয়। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই শাখা সাহিত্য সভাৰ সম্পাদক দীপক কুমাৰ দাসে ।