বৰঝাৰস্থিত এছ অ’ এছ ভিলেজৰ ১২টিকৈ শিশু মাৰাত্মক ক’ভিড-১৯ত আক্রান্ত

pc- coe.int

বৰঝাৰস্থিত এছ অ’ এছ ভিলেজৰ ১২টিকৈ শিশু মাৰাত্মক ক’ভিড-১৯ত আক্রান্ত

অনলাইন বাৰ্ত্তাসেৱা – মহানগৰীৰ পশ্চিম প্রান্তত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক ক’ভিড- ১৯ৰ সামাজিক সংক্রমণে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে সম্প্রতি ক’ভিডকেন্দ্ৰিক পৰিস্থিতি কিছু সুস্থিৰ হৈ উঠাত লকডাউন কিছু শিথিল কৰি দিছে যদিও অন্ত পৰা নাই ক’ৰনা সংক্ৰমণ। মহানগৰীৰ পশ্চিম প্রান্তৰ বৰঝাৰস্থিত এছ অ’ এছ ভিলেজৰ ১২টিকৈ শিশু মাৰাত্মক ক’ভিড-১৯ত আক্রান্ত হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে হঠাতে জ্বৰ-কাহ-চর্দিত অসুস্থ হৈ পৰা কণ কণ ১২টি শিশুৰ স্বাস্থ্য পৰীক্ষা কৰাত ক’ভিড পজিটিভ ধৰা পৰে। ইয়াৰ পিছতে স্বাস্থ্য বিভাগৰ দলে শিশুকেইটিক ক’ভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি কৰে। মন কৰিবলগীয়া যে কিছুদিন পূর্বে শিশুগাঁৱৰ ১৪টি শিশু ক’ভিড-১৯ ভাইৰাছত আক্ৰান্ত হৈছিল।

(UD.)