“বেশ্যাৰ সন্তান”- হিমাদ্রী বৰকটকী

Pc the truth about motherhood

“বেশ্যাৰ সন্তান”


এই পৃথিৱীত সহজতে মানুহক চিনিব আৰু বিশ্বাস কৰিব পৰাটো সঁচাকৈ কঠিন । সাধাৰণতে আমি মহিলা সকলে সহজতে সকলোকে বিশ্বাস কৰি লওঁ। সেয়াই হয়তো আমাৰ ডাঙৰ ভূল , যাৰ ফলত আমি ডাঙৰ বিপদৰ সন্মুখীন হ’বলগীয়া হয়। মালতীৰ ক্ষেত্ৰতো সেই একেই ভূল হ’ল। মালতী এজনী বন কৰা ( কাম কৰা) ছোৱালী। তাই চহৰৰ এঘৰ আঢ্যৱন্ত মানুহৰ ঘৰত বহুত বছৰৰ পৰা কাম কৰি আছে । তাইক মালিক মালিকনীয়ে নিজৰ ছোৱালীৰ নিচিনা মৰম কৰে , আৰু তেওঁলোকে তাইক বিশ্বাসও কৰে । তাইও তেওঁলোকক খুব বিশ্বাস কৰে। তাইৰ ওপৰতেই গোটেই ঘৰখন এৰি তেওঁলোক মাজে মাজে ফুৰিবলৈ যাই। মালিক মালিকনীৰ এটা ল’ৰা আছে। সি অসমৰ বাহিৰত পঢ়ি আছে । ক’ৰণা মহামাৰীৰ কাৰণে যোৱাবছৰ সি ঘৰলৈ আহি ঘৰৰ পৰাই অনলাইন ক্লাছ (online class ) কৰি আছে। এদিনৰ কথা , মালিক মালিকনী ফুৰিবলৈ গ’ল । ঘৰত অকল মালতী আৰু ল’ৰাটো আছিল। মালতীয়ে ঘৰৰ কাম বন কৰি পাকঘৰত ভাত বনাই আছিল। তাই ক’ব নোৱাৰাকৈ মালিকৰ ল’ৰাটোৱে তাইক পিছফালৰ পৰা সাবতি ধৰিলে । তাই চিঞৰিব ধৰিলে, কিন্তু সি তাইৰ মুখত সোপা দি ধৰিলে । তাৰ পিছত সি তাইৰ ওপৰত জপিয়াই পৰিলে । মুহূৰ্ত্ততে সি তাইৰ সতিত্ব শেষ কৰি দিলে । তাই কান্দি কান্দি বিছনাখনত পৰি থাকিল বহু সময় ধৰি । কি হৈ গ’ল তাই কবই নোৱাৰিলে । তাই আজি নিৰূপাই , তাই কাক ক’ব , কি ক’ব বহু সময় ধৰি ভাবি ভাবি বহি থাকিলে। লাহে লাহে তাইৰ এমাহ পাৰ হ’ল । মালিকৰ ঘৰলৈ কাম কৰিবলৈ আহিয়েই আছে । এদিন তাইৰ গা বেয়া হোৱাত মালিকনীয়ে শুধিলে কি হৈছেঅ মালতী ? তই কিয় বমি কৰিছ? কথাষাৰ শুনি তাই হুকহুকাই কান্দি দিলে। আৰু গোটেই ঘটনাতো মালিকনীৰ আগত ক’লে । মালিকনীয়ে তাইৰ কথা বিশ্বাস নকৰিলে । আৰু তাইক ক’লে ডাঙৰ মানুহৰ ল’ৰাক তই ফচাব বিচাৰিছ । তাইক বহুত কটু কথা শুনায় মালিকনীয়ে কামৰ পৰা উলিয়াই দিলে। তাই কান্দি কান্দি কামৰ ঘৰৰ পৰা ওলাই গ’ল । লাহে লাহে তাইৰ দিনবোৰ পাৰ হ’ল । নমাহ দহ দিনৰ অন্তত মালতীৰ ছোৱালী এজনী জন্ম হ’ল । ছোৱালীজনী দেখিবলৈ বৰ ধূনীয়া । লাহে লাহে মালতীৰ ছোৱালীজনী ডাঙৰ হ’বলৈ ধৰিলে। তাইৰ ছোৱালীয়জনীক ওচৰৰ মানুহে অবৈধ সন্তান বুলি কবলৈ ধৰিলে । মালতীৰ খুব দূখ লাগে মানুহ বোৰৰ কথা শুনি । তাই অ’ত ত’ত কাম কৰি কোনোমতে পেটৰ ভাতমুঠি মুকুলাই । বৰ কষ্ট হয় তাই চলিবলৈ। মালতীৰ দেহাটোৰ ওপৰত পৰ পুৰুষৰ সদায় চকু। সিহঁতবোৰে তাইক লুলুভ দৃষ্টিৰে চাই থাকে। এদিন তাই ভাবিলে যে , মোৰ সতীত্বই যেতিয়া শেষ হ’ল গতিকে মই এতিয়া বেশ্যা বৃত্তিটো কৰিয়েই খাব পাৰিম । ক্ৰমান্বয়ে তাইৰ ঘৰলৈ বিভিন্ন পুৰুষৰ আগমন ঘটিল । তাই সিহঁতৰ ক্ষুধা নিবাৰণ কৰিব ধৰিলে । আৰু তাৰ বিনিময়ত তাই অৰ্থ ( টকা ) উপাৰ্জন কৰিব ধৰিলে । লাহে লাহে তাইৰ অভাৱ অনাটন কমিবলৈ ধৰিলে । তাইক এটা নতুন নাম দিলে সকলোৱে বেশ্যা বুলি‌ । তাইক সেই নাম দি মাতিলে তাইৰ দূখ নালাগে । কিন্তু যেতিয়া মানুহে তাইৰ ছোৱালীজনীক দেখি কয় বেশ্যাৰ সন্তান বুলি , তেতিয়া তাইৰ বুকুখন কপি উঠে আৰু বিষাই যাই । মালতীৰ তেতিয়া অনুভৱ হয় আজি তাই এই পৰিচয় মোৰ কৰণেইটো পাইছে ! তাইৰ দোষ ক’ত? সঁচাকৈ জানো তাই বেশ্যাৰ সন্তান ! তাই জানো ভাল ঘৰৰে সন্তান নহয়? কিন্তু তাই আজি নিৰূপাই , তাইৰ ছোৱালীৰ পৰিচয় দিবলৈ। তাইৰ এতিয়া মাথোঁএটাই পৰিচয় বেশ্যাৰ সন্তান……

এই সমাজত সৰু মানুহৰ মাত মতাৰ অধিকাৰ নাই। সিহঁতে নিৰৱে এই কষ্ট বোৰ সহি যাব লাগিব , কেৱল জীয়াই থকাৰ তাৰনাত। এই পৃথিৱীত মালতীৰ নিচিনা বহুতো দুৰ্ভগীয়া আছে , যি নিজৰ সন্তানক পৰিচয় দিয়াৰ পৰা বঞ্চিত ।

( বি :দ্ৰ: …. এই লেখাটো কাল্পনিক , ইয়াৰ লগত কোনো জড়িত নহয় )

হিমাদ্রী বৰকটকী
শিৱনগৰ , ২নং উপপথ
‌ নগাওঁ