“বেছিকৈ প্ৰেমময়জন” – চৈয়দা জেবীন‌ চাবীৰা শ্বাহ, নিউয়ৰ্ক

pc By Common Consent

“বেছিকৈ প্ৰেমময়জন”

ওপৰৰ তৰাবোৰলৈ চালে, ভালকৈয়ে জানো মই
যে সিহঁতৰ গাত নালাগে অকণো, যাওঁ যদিওবা মই নৰকলৈ,
কিন্তু পৃথিবীত অনীহাই আটাইতকৈ কম ভয় কৰিবলগীয়া কথা,
আমাৰ প্ৰতি মানুহ বা জীৱই দেখোৱা।

কেনে লাগিব বাৰু যদি তৰাবোৰ থাকে জ্বলি আমাৰ প্ৰেমত,
যি প্ৰেমৰ প্ৰতিদান দিবলৈ আমি অপাৰগ?
যদিহে কেতিয়াও হ’ব নোৱাৰে মৰমবোৰ সমান,
হওঁ যেন ময়েই বেছিকৈ প্ৰেমময়জন।

মই ভবা ধৰণেই বাৰু হওঁ প্ৰেমিক উদাসীন তৰাৰ,
ক’বতো নোৱাৰোঁ এতিয়া কোনো বেদনাৰ কথা দিনটোত দেখা নোপোৱাৰ !

সকলো তৰা যদিহে নাইকিয়া হয় বা মৃত হৈ যায়,
শিকিব লাগিব মই কেনেকৈনো শূন্য আকাশলৈ চায়,
আৰু অনুভৱ কৰে মহিমামণ্ডিত সম্পূৰ্ণ অন্ধকাৰ,
যদিওবা প্ৰয়োজন হ’ব পাৰে এইবাবে অলপ সময়ৰ।

মূল ইংৰাজী: “The More Loving One” :
ডব্লিউ. এইচ. অ’ডেণ।
অসমীয়া অনুবাদ: চৈয়দা জেবীন‌ চাবীৰা শ্বাহ,
নিউয়ৰ্ক