বি জে পিয়ে দেশৰ অৰ্থনীতি ভাঙি চূড়মাৰ কৰিলে, ক্ষমতাৰ বাবে বহু তললৈ নামিব পাৰে মোদীঃ চিদাম্বৰম

Pc India today

বি জে পিয়ে দেশৰ অৰ্থনীতি ভাঙি চূড়মাৰ কৰিলে, ক্ষমতাৰ বাবে বহু তললৈ নামিব পাৰে মোদীঃ চিদাম্বৰম

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত তিনিদিনীয়া বিশেষ প্ৰশিক্ষণ শিৱিৰত বিয়লিৰ অধিৱেশনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা শ্ৰীপি চিদাম্বৰমে কয়- নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনত জয়ী হ’বলৈ যিকোনো অপকৰ্ম কৰি জনগণক প্ৰতাৰণা কৰিবলৈ কুন্ঠাবোধ নকৰা হ’ল। এইটো গণতন্ত্ৰৰ বাবে, দেশৰ জনতাৰ বাবে ভয়ংকৰ ভাবুকি হৈ দেখা দিছে।তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনীতিত অসহিষ্ণুতাই মূলধন হৈ পৰিছে।তেওঁ নিজৰ বক্তব্যত আৰু কয় যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিৰক্ষা ব্যৱস্হাটো ইমান স্পৰ্শকাতৰ আৰু জটিল যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কত লোৱা ৱ্যৱস্হাসমূহ যথেষ্ট নহয়। বিজেপি চৰকাৰখনে দেশৰ প্ৰচলিত অৰ্থনৈতিক ব্যৱস্থাটোক ভাঙি-ছিঙি দি জনগণৰ স্বাৰ্থৰ বিপক্ষে থিয় দিছে।প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীচিদাম্বৰমে প্ৰশিক্ষণ শিৱিৰৰ চৌহদত পদাৰ্পণ কৰাৰ লগে লগে অসমৰ বাৰে ৰহণীয়া সংস্কৃতিক তুলি ধৰি কেইবাটাও সাংস্কৃতিক দলে তেওঁক মঞ্চলৈ আদৰি নিয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি শ্ৰীভূপেন কুমাৰ বৰা, এ’ আই চি চিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক শ্ৰীজিতেন্দ্ৰ সিং, বিৰোধী দলপতি শ্ৰীদেৱব্ৰত শইকীয়া, বিৰোধী উপ-দলপতি শ্ৰীৰকিবুল হুছেইন, তিনিওগৰাকী কাৰ্যকৰী সভাপতি ক্ৰমে শ্ৰীৰাণা গোস্বামী, শ্ৰীজাকিৰ হুছেইন শিকদাৰ আৰু শ্ৰীকমলাক্ষ দে’ পুৰকায়স্থ, এ’ আই চি চিৰ দুগৰাকী সম্পাদক শ্ৰীপৃথ্বীৰাজ প্ৰভাকৰ সাথে আৰু শ্ৰীবিকাশ উপাধ্যায়, কেইবাগৰাকীও বিধায়ক, প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীয়ে শ্ৰীচিদাম্বৰমক বিপুল সম্ভাষণ জনায়। ইয়াৰ আগেয়ে পুৱা প্ৰথম অধিবেশনত সমল ব্যক্তি হিচাপে বক্তব্য প্ৰদান কৰে সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি শ্ৰীৰিপুন বৰাই। তেওঁ জনজাগৰণ অভিযানৰ উদ্দেশ্য সম্পৰ্কে ব্যাখ্যা দাঙি ধৰি কয় যে গাঁৱে-ভূঞে বি জে পিৰ মিথ্যাচাৰ আৰু অপশাসনৰ বিষয়ে জনগণক সজাগ আৰু সচেতন কৰি তোলাৰ লক্ষ্য লৈ দলে এই অভিযান আৰম্ভ কৰিছে আৰু ইতিমধ্য ইয়াৰ সফলতা লাভ কৰিবলৈ দল সক্ষম হৈ উঠিছে। তেওঁ কয় যে ২০২১ চনৰ আৰম্ভণিতে দেশত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ পৰিসংখ্যা আছিল ৮ কোটি। কিন্তু ভয়ানক ৰূপত হোৱা মূল্যবৃদ্ধিয়ে তাত আৰু ১৫ কোটি লোক যোগ দিলে। মোদীৰ শাসনত জনমূৰি আয় আৰু মানুহৰ ক্ৰয় ক্ষমতা ভাবিব নোৱৰা হাৰত হ্ৰাস পালে। “মোদীক আমি ক্ষমতাৰ পৰা অপসাৰিত কৰিবলৈ বিদ্ৰোহৰ পথত ভৰি দিবই লাগিব”- শ্ৰীৰিপুন বৰাই কয়।আজি দ্বিতীয় অধিৱেশনত সমল ব্যক্তি হিচাপে ভাগ লৈ এ’ আই চি চিৰ প্ৰশিক্ষণ বিভাগৰ তত্বাৱধায়ক শ্ৰীশচীন ৰাৱে “ভাৰত নিৰ্মাণ” বিষয়বস্তুৰ ওপৰত বিস্তৃত পৰ্যালোচনা আগবঢ়ায়। বি জে পি চৰকাৰৰ ভ্ৰষ্টাচাৰ আৰু মিথ্যাচাৰৰ স্বৰূপ যুক্তিৰে দেশবাসীৰ সন্মুখত উন্মোচিত কৰিবলৈ কংগ্ৰেছ নেতা-কৰ্মী সকলৰ প্ৰতি তেওঁ আহ্বান জনায়।বিয়লিৰ এক অধিৱেশনত সমল ব্যক্তি হিচাপে সাংসদ শ্ৰীআব্দুল খালেকে কয় যে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে সংবিধানৰ উৰ্দ্ধত গৈ আইন-আদালতক বুঢ়াআঙুলি দেখুৱাই এটাৰ পিছত আনটো এনকাউন্টাৰ কৰোৱাই আইনৰ শাসনক অৰ্থহীন বুলি প্ৰতিপন্ন কৰিবলৈ অহৰহ চেষ্টা চলাই আছে।বিদেশী বুলি কৈ বহু লোকক উচ্ছেদ কৰিছে। যদি সেইসকল বিদেশীয়েই হয় তেওঁলোকক বহিষ্কাৰ নকৰে কিয় বুলি শ্ৰীখালেকে প্ৰশ্ন তুলি কয় যে চৰকাৰে বাংলাদেশৰ লগত বিদেশী বিতাড়ণৰ চুক্তি নকৰে কিয়?গুৱাহাটী হাইক’ৰ্টৰ বিশিষ্ট অধিবক্তা শ্ৰীশান্তনু বৰঠাকুৰে সমল ব্যক্তি হিচাপে সন্ধিয়াৰ এক অধিৱেশনত বক্তব্য আগবঢ়াই কয়- ২০১৪ ত শাসনলৈ আহিয়ে ভাৰতীয় জীৱন যাত্ৰাৰ ধৰ্মনিৰপেক্ষতাৰ সকলো সমল ভাঙি দিবলৈ আৰম্ভ কৰিছে বি জে পিয়ে। নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক এখন হিন্দুৰাষ্ট্ৰ কৰাৰ গভীৰ ষড়যন্ত্ৰ কৰিছে। দেশধ্বংসী, ভাৰতীয় সংবিধান ধ্বংসকাৰী বি জে পি – আৰ এছ এছ যুটীৰ বিৰুদ্ধে কংগ্ৰেছৰ দৰে সকলো ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক ৰাজনৈতিক শক্তি ঐক্যবদ্ধ হৈ ইয়াৰ মোকাবিলা নকৰিলে দেশৰ অভাৱনীয় ক্ষতি হ’ব- শ্ৰীবৰঠাকুৰে কয়। আন এক অধিৱেশনত সমল ব্যক্তি হিচাপে প্ৰদেশ কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি শ্ৰীজাকিৰ হুছেইন শিকদাৰে “বুথ মেনেজমেণ্ট” শীৰ্ষক বিষয়ত তথ্যভিত্তিক বিস্তৃত ব্যাখ্যা দাঙি ধৰে।