বিৰোধীৰ দুজন বিধায়কৰ শীঘ্ৰে বিজেপিত যোগদান

pc- Facebook

 বিৰোধীৰ দুজন বিধায়কৰ শীঘ্ৰে বিজেপিত যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বিৰোধীৰ দুজন বিধায়ক অচিৰেই বিজেপিত যোগদানৰ ইংগিত দি মাজুলীৰ লগতে সেই দুটা সমষ্টিতো উপ-নির্বাচন অনুষ্ঠিত হ’ব বুলি মন্তব্য কৰা পাছতে ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্ৰেছত তীব্র আলোড়ন সৃষ্টি হৈছে।মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বিৰোধীৰ ১৫জনকৈ বিধায়কৰ বিজেপিত যোগদানৰ মন থকাৰ ইংগিত দিয়ে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপিলৈ বিৰোধীৰ বিধায়ক আহিব বিচৰা তালিকাখন বহুত দীঘল। সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল নিশা তেওঁৰ বাসভৱনত থাকিলেই জানিব পাৰিব তালিকাখন কিমান দীঘলীয়া।উপ-নির্বাচন পাতিব লাগিলে তেওঁ ১৫টা মান সমষ্টিত উপ-নির্বাচন পতাৰ কথা ভাবিব পাৰে। কিন্তু তেওঁ উপ-নির্বাচন পাতি থাকিলে উন্নয়নমূলক কাম-কাজ ব্যাহত হ’ব। ১৫টা সমষ্টিত উপ-নির্বাচন হ’লে এটা মাহ তেওঁ সেই সমষ্টিসমূহত নির্বাচনী প্ৰচাৰত ব্যস্ত থাকিব লাগিব। সেয়ে তেওঁ সকলো চালি-জাৰি চাইহে সিদ্ধান্ত ল’ব বুলি প্ৰকাশ কৰে। মাজুলীত উপ-নির্বাচন অনুষ্ঠিত হ’ব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়।অহা ফেব্ৰুৱাৰী মাহত পৌৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ পৰা এটা কথা স্পষ্ট হৈছে যে অচিৰেই বিৰোধীৰ দুজন বিধায়ক বিজেপিত যোগদান কৰাটো একপ্ৰকাৰ নিশ্চিত। যাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীকে ধৰি দুই-এটা সমষ্টিত উপ-নির্বাচন পাতিবলগীয়া হোৱাটো বেলেগ কথা বুলি মন্তব্য কৰে।