বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত শিৱ থাপা

pc- Zee news

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত শিৱ থাপা

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত অসম সন্তান শিৱ থাপা। শিৱ থাপাই প্রি-কোৱাৰ্টাৰ ফাইনেলত এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ পাঁচবাৰৰ পদক জয়ী ফ্ৰান্সৰ লউনেছ হামৰাউইক ৪-১ৰ ব্যৱধানত পৰাস্ত কৰে।প্রতিযোগিতাখনৰ ছেমিফাইনেলত প্ৰৱেশ কৰিব পাৰিলেই বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দুটাকৈ পদক জয় কৰা ভাৰতৰ প্ৰথমগৰাকী পুৰুষ বক্সাৰ হিচাপে কৃতিত্ব অর্জন কৰিব।কোৱাৰ্টাৰ ফাইনেলত শিৱ থাপাই তুৰস্কৰ কেমে অ’জমেনৰ বিপক্ষে প্রতিদ্বন্দ্বিতা আগবঢ়াব।