বিশ্বৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত আৰু জনপ্ৰিয় ব্যক্তিয়ে বিদেশত বিনিয়োগ কৰি সেই বিনিয়োগৰ তথ্য লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰিছে অনুসন্ধানকাৰী সাংবাদিকৰ এটা আন্তৰ্জাতিক সংগঠনে

pc Flipboard

অনলাইন বাৰ্ত্তাসেৱা – অনুসন্ধানকাৰী সাংবাদিকৰ এটা আন্তৰ্জাতিক সংগঠনৰ এক প্ৰতিবেদনে জোকাৰণি তুলিছে সমগ্ৰ বিশ্বত। বিশ্বৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত আৰু জনপ্ৰিয় ব্যক্তিয়ে বিদেশত বিনিয়োগ কৰি সেই বিনিয়োগৰ তথ্য লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰিছে এই অনুসন্ধানকাৰী সাংবাদিকৰ সংস্থায়। তথ্য লুকুৱাই ৰখা এই জনপ্ৰিয় ব্যক্তিসকলৰ তালিকাত ক্ৰিকেটৰ ভগৱান হিচাপে স্বীকৃতি পোৱা শচীন তেণ্ডুলকাৰ, পাঞ্জাৱ নেচনেল বেংক কেলেংকাৰীৰ মূল নায়ক নীৰৱ মোডীৰ ভগ্নী পূৰ্বী মোডী, অনিল আম্বানি, পপ গায়িকা ছাকিৰা, ৰাজনীতিবিদ টনি ব্লেয়াৰ আদি ব্যক্তিৰ নাম।

ইণ্টাৰনেচনেল কনচৰ্টিয়াম অফ ইনভেষ্টিগেটিভ জাৰ্নালিষ্টৰ (আই চি আই জে) এই প্ৰতিবেদনক ‘পাণ্ডোৰা পেপাৰছ’ বুলি নামাকৰণ কৰা হৈছে। কিয়নো এই সংগঠনে এই প্ৰতিবেদনৰ জৰিয়তে সমাজৰ অভিজাত লোকসকলৰ উপৰিও বিদেশত দুৰ্নীতিগ্ৰস্ত লোকসকলৰ গোপন চুক্তিৰ কথা উল্লেখ কৰিছে।এই প্ৰতিবেদনে কেনেকৈ এই লোকসকলে বিদেশত মিলিয়ন ডলাৰৰ সম্পত্তি লুকুৱাই ৰাখিছে সেই বিষয়ে উল্লেখ কৰিছে।

উল্লেখ্য যে প্ৰতিষ্ঠানটোৰ সৈতে জড়িত ১১৭ খন দেশৰ ১৫০ তকৈও অধিক সংবাদ মাধ্যমৰ প্ৰায় ৬০০ সাংবাদিকে ১.১৯ কোটি ৰেকৰ্ড সংগ্ৰহ কৰিছে।এই সংগঠনেই পূৰ্বে ‘পানামা পেপাৰছ’ লিক কৰিছিল। তেওঁলোকে বৰ্ণনা কৰিছিল যে কেনেকৈ সমাজৰ বিশিষ্ট ব্যক্তিসকলে চৰকাৰী সংস্থাসমূহৰ চকুৰ পৰা আঁতৰি বিদেশত সম্পত্তি গঢ়ি তুলিছিল।

বিশ্বজুৰি সাংবাদিক আৰু সংবাদ মাধ্যম সংগঠনৰ ৱাশ্বিংটনস্থিত আই চি আই জেৰ প্ৰতিবেদন অনুসৰি, তেওঁলোকৰ ওচৰত প্ৰায় ৩৫ জন বৰ্তমানৰ আৰু প্ৰাক্তন ৰাষ্ট্ৰপ্ৰধান, ভাৰতকে ধৰি ৯১ খন দেশৰ ৩৩০ জনতকৈও অধিক ৰাজনীতিবিদ আৰু চৰকাৰী বিষয়াৰ ফাইল আছে। সংবাদ সংস্থা পিটিআইৰ মতে, “যিসকলে চৰকাৰৰ জ্ঞানৰ বাহিৰত বিদেশত সম্পত্তি লৈছে তেওঁলোকৰ ভিতৰত আছে ক্ৰিকেট কিংবদন্তী শচীন তেণ্ডুলকাৰ, পপ গায়িকা ছাকিৰা, চুপাৰমডেল ক্লডিয়া শিফাৰ আদি।

অৱশ্যে সংবাদ সংস্থাৰ মতে তেণ্ডুলকাৰৰ অধিবক্তাই কয় যে প্ৰাক্তন ক্ৰিকেটাৰজনৰ বিনিয়োগ আইনগতভাৱে বৈধ আৰু কৰ কৰ্তৃপক্ষই তেওঁৰ বিষয়ে অৱগত। ছাকিৰাৰ উকীলে কৈছে যে পপ গায়কসকলে তেওঁলোকৰ কোম্পানীৰ পৰা কৰ সুবিধা লোৱা নাই আৰু তেওঁলোকৰ সৈতে সম্পৰ্কিত প্ৰয়োজনীয় তথ্য চৰকাৰক দিছে।

পাণ্ডোৰা পেপাৰছে ৫জন ভাৰতীয় ৰাজনীতিবিদৰ নাম উল্লেখ কৰিছে, কিন্তু তেওঁলোকৰ নাম ৰাজহুৱা কৰা হোৱা নাই। কিন্তু যিসকল প্ৰাক্তন ৰাজনীতিবিদৰ নাম প্ৰকাশ পাইছে তেওঁলোকৰ ভিতৰত আছে প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰ, পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মিত্ৰশক্তি। আন্তৰ্জাতিক সংবাদ সংস্থা এপিৰ মতে, তেওঁলোকে সম্পত্তি লুকুৱাবলৈ আৰু কৰ ৰাহি কৰিবলৈ বিদেশত কোম্পানী আৰু ট্ৰাষ্ট গঠন কৰিছে বুলি অভিযোগ কৰা হৈছে।