বিশ্বনাথ জিলাৰ কৃতী শিক্ষক প্ৰেম বৈষ্ণৱলৈ “প্ৰজ্ঞাকস্তুৰী সাহিত্য সন্মান”

বিশ্বনাথ জিলাৰ কৃতী শিক্ষক প্ৰেম বৈষ্ণৱলৈ “প্ৰজ্ঞাকস্তুৰী সাহিত্য সন্মান”

অনলাইন বাৰ্ত্তাসেৱা-  বিশ্বনাথ জিলাৰ, বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত ৰৌমাৰী বাপুজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰেম বৈষ্ণৱক ২০২১ বৰ্ষৰ ৬০তম ৰাষ্টীয় শিক্ষক দিৱসৰ কাৰ্য্যসূচীত “কৃতী শিক্ষক” ৰ সন্মানেৰে সন্মানিত কৰি _ গামোচা আৰু সম্বৰ্ধনা পত্ৰৰ জৰিয়তে সম্বৰ্ধনা জনোৱা হয় । প্ৰেম বৈষ্ণৱ এগৰাকী সক্ৰিয় তথা নিষ্ঠাবান শিক্ষক । যোৱা ছমাহ ধৰি ক’ৰোণাৰ মহামাৰীৰ বাবে বিদ্যালয় সমূহ বন্ধ থকাৰ সময়ছোৱাত , ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক বিকাশৰ ক্ষেত্ৰত ক’ৰোণা মহামাৰী যাতে হেঙাৰ হ’ব নোৱাৰে তাৰ বাবে প্ৰতি সপ্তাহত তিনিদিন /চাৰিদিনকৈ , সম্পূর্ণ covid বিধি পালন কৰি, বিদ্যালয়ৰ কণকণ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ লগত এটি সুন্দৰ সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছিল । সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা Covid 19 ৰ পৰা সংক্ৰমণ নোহোৱাকৈ কেনেকৈ থাকিব পাৰি তাৰ সজাগতা সৃষ্টি কৰি এক বিৰল নিদৰ্শন দাঙি ধৰিছিল । আজৰি পৰত সাহিত্য চৰ্চা কৰি ভাল পোৱা , প্ৰেম বৈষ্ণৱ এগৰাকী জনপ্ৰিয় সামাজিক ব্যক্তি । অহা ইংৰাজী ০৩ অক্টোবৰ তাৰিখে, যোৰহাটৰ, “অসম সাহিত্য সভা” ভৱনত, দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া, প্ৰজ্ঞাপ্ৰস্তুতী প্ৰকাশনৰ চতুৰ্থ বৰ্ষপুতি অনুষ্ঠানটিত অসমৰ কেউগৰাকী নবীন প্ৰবীণ লেখক লেখিকাৰ গ্ৰন্থ উন্মোচন কৰা হ’ব । উক্ত অনুষ্ঠানটিতে কৃতী শিক্ষক হিচাপে স্বীকৃতি পোৱা বিশ্বনাথ জিলাৰ, বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত ৰৌমাৰী বাপুজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী প্ৰেম বৈষ্ণৱ ৰ প্ৰথম কাব্যসংকলন “মোৰ সপোনৰ দস্তাবেজ” শীৰ্ষক কাব্যসংকলনটি শুভ উন্মোচন কৰা হ’ব আৰু একেখন অনুষ্ঠানতে “প্ৰজ্ঞাকস্তুৰী সাহিত্য সন্মান ২০২১” সন্মানেৰে সন্মানিত কৰা হ’ব ।