ৰাম চৰণ, জুনিয়ৰ এনটিআৰৰ ‘আৰআৰআৰ’ চলচ্চিত্ৰৰ মুক্তি স্থগিত

pc- The News Minute

ৰাম চৰণ, জুনিয়ৰ এনটিআৰৰ ‘আৰআৰআৰ’ চলচ্চিত্ৰৰ মুক্তি স্থগিত

অনলাইন বাৰ্ত্তাসেৱা- ৰাম চৰণ আৰু জুনিয়ৰ এনটিআৰ অভিনীত ‘আৰআৰআৰ’ৰ চলচ্চিত্ৰ খনৰ মুক্তি স্থগিত ৰখা হৈছে। প্ৰথমে চলচ্চিত্ৰখন ১৩ অক্টোবৰত মুক্তি লাভ কৰা কথা আছিল। ছবি নিৰ্মাতাসকলে কৈছে যে যদিও প্ৰযোজনা-পৰৱৰ্তী কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু ছবিখন ১৩ অক্টোবৰত মুক্তিৰ বাবে সাজু হ’ব, তথাপিও তেওঁলোকে ইয়াক বিলম্বিত কৰাৰ সিদ্ধান্ত লৈছে কিয়নো কোভিড-১৯ৰ বাবে ছবিগৃহসমূহ বন্ধ হৈ আছে। ছ’চিয়েল মিডিয়াত এক বিবৃতিত নিৰ্মাতাসকলে প্ৰতিশ্ৰুতি দিছে যে ছবিখন অতি সোনকালে মুক্তি দিয়া হ’ব।

(RT)