বিশিষ্ট স্তম্ভলেখক , আন্তঃৰাষ্ট্ৰীয় গ্লোবেল শিক্ষক বঁটা প্ৰাপক ফখৰুদ্দিন আহমেদ পিতৃহীন হ’ল

rognilibarta

বিশিষ্ট স্তম্ভলেখক, আন্তঃৰাষ্ট্ৰীয় গ্লোবেল শিক্ষক বঁটা প্ৰাপক ফখৰুদ্দিন আহমেদ পিতৃহীন হ’ল

ৰঙিলী বাৰ্ত্তাসেৱা – দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত সানোৱা গাঁৱৰ বিশিষ্ট আলিম ,সমাজ কৰ্মী , আজীৱন শিক্ষাব্ৰতী মৌলানা ফাইজুৰ ৰহমানৰ ৮ অক্টোবৰ ২০২১ তাৰিখ শনিবাৰে ৰাতিপুৱা ৭ বাজি ২০ মিনিটত মৃত্যু হয়।মৰহুম উজিৰ আলি আৰু মৰহুমা জৰুনা বিবিৰ একমাত্ৰ পুত্ৰ সন্তান লগতে বিশ্ববিশ্ৰুত ইছলামিক পণ্ডিত , ৰঙীয়া আৰবী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মৰহুম মৌলানা ইছলামুদ্দিন চাহেবৰ ভাগীন মৌলানা ফাইজুৰ ৰহমান ইং ১৯৪১ চনত সানোৱা গাঁৱত জন্ম হৈছিল। আৰ্থিক অনাটনৰ বাবে স্কুলীয় শিক্ষা আহৰনত অসমৰ্থ হৈ তেখেতে প্ৰথমতে দৰং জিলাৰ নগৰবাহী মাদ্ৰাছাত ধৰ্মীয় শিক্ষা আহৰন কৰি নগাঁৱৰ নীলবাগান মাদ্ৰাছা আৰু কাছাৰ জিলাৰ দাৰুল উলুম বাঁছকান্দি মাদ্ৰাছাত শিক্ষা সমাপ্ত কৰিছিল। ইং ১৯৬৮ চনত সানোৱাত স্থাপিত ঈশ্বা আতুল উলুম , সানোৱা মাদ্ৰাছাত ইং ১৯৭২ চনত শিক্ষকতা জীৱন আৰম্ভ কৰি সুদীৰ্ঘ ৪৩ বছৰ শিক্ষকতা কৰাৰ পিছত শাৰীৰিক অসুস্থতাৰ বাবে ইং ২০১৫ চনৰ ৩১ অসুস্থতাৰ বাবে স্বেচ্ছসমূলক অবসৰ গ্ৰহন কৰে।শিক্ষকতাৰ উপৰিও তেখেত এগৰাকী সুবক্তা , সানোৱাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জৰিত আছিল।

মৃত্যুৰ সময়ত তেখেতৰ বয়স ৮০ বছৰ হৈছিল আৰু পত্নী পৰিবান নেছা সহিতে চাৰিগৰাকী পুত্ৰ আৰু দুগৰাকী জীয়ৰী ইহসংসাৰত এৰি থৈ যায়। তেখেতৰ জানাজা নমাজ দিনৰ ১-৪৫ বজাত অনুষ্ঠিত হয় আৰু জানাজা পৰিচালনা কৰে তেখেতৰ দ্বিতীয় সন্তান হাফিজ ,মৌলানা আলহাজ হিফজুৰ ৰহমানে।