বিভাজন বিভীষিকা স্মৃতি দিৱস পালনৰ আহ্বান

Pc Webdunia

বিভাজন বিভীষিকা স্মৃতি দিৱস পালনৰ আহ্বান

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত-পাকিস্তানৰ বিভীষিকাময় বিভাজনৰ ফলত নিজৰ ঠিকনা আৰু প্ৰাণ হেৰুওৱা লক্ষ লক্ষ ভাৰতীয়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে চৰকাৰে ১৪ আগষ্টৰ দিনটো বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাবে পালন কৰিবলৈ আহ্বান জনাইছে৷ উল্লেখযোগ্য যে, ১৯৪৭ চনৰ ১৪ আগষ্টত দেশ বিভাজনৰ ফলত সৃষ্টি হোৱা হিংসাত্মক ঘটনাৱলীত লক্ষ লক্ষ ভাৰতীয়ই নিজৰ ঘৰ, ঠিকনা আৰু প্ৰাণ হেৰুওৱাইছিল৷ ধৰ্মনিৰপেক্ষ ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিক আৰু নৱ প্ৰজন্মকসেই কথা সোঁৱৰাই দিয়াৰ লগতে অহিংসা আৰু শান্তি-সম্প্ৰীতি অটুট ৰখাৰ উদ্দেশ্যেৰে ১৪ আগষ্টত বিভাজন বিভীষিকা স্মৃতি দিৱস পালনৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে৷ দেশ বিভাজনৰ ফলত নিজৰ ঘৰ, ঠিকনা আৰু প্ৰাণ হেৰুওৱাসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে অসমবাসীক নিজ নিজ বাসগৃহত সন্ধিয়া এগছিকৈ বন্তি প্ৰজ্জ্বলন কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷