বিপুল চেতিয়া ফুকন আৰু কবিন ফুকনলৈ কমল চন্দ্ৰ মহন্ত বঁটা

বিপুল চেতিয়া ফুকন আৰু কবিন ফুকনলৈ কমল চন্দ্ৰ মহন্ত বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা-  সমন্বয়ৰ এনাজৰীৰে বান্ধ খাই থকা বৃহত্তৰ অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুৰ প্ৰাকক্ষণত বিহু আৰু উত্তৰ পূৰ্বাঞ্চলৰ কৃষ্টিৰ সৈতে নতুন প্ৰজন্মক সংপৃক্ত কৰাৰ উদ্দেশ্যে বিগত ১০ বছৰে নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ উদ্যোগত তথা বৰলুইত কলা কৃষ্টি বিকাশ কেন্দ্র , জি.এল. ছচিয়েল চার্কল , ব্যতিক্রম ম্যাচডোৰ সহযোগত বিভিন্ন কর্মশালাৰ আয়োজন কৰি অহা হৈছে৷-এই মন্তব্য জনপ্ৰিয় শিল্পী জীনা ৰাজকুমাৰীৰ৷আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলত এইদৰে কয় জীনা ৰাজকুমাৰীয়ে৷তেওঁ পুনৰ কয়- বিগত বৰ্ষসমূহত মিচিং , দেউৰী , টাই আহোম , তিৱা , হাজং থাইলেণ্ডৰ লোকনৃত্য , অৰুণাচলৰ লোকনৃত্য আদিৰ কৰ্মশালাৰ আয়োজন কৰা হৈছিল । এই বৰ্ষতো ২৮ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈ বিহু নাচ আৰু নেপালী লোক নৃত্যৰ এক কৰ্মশালা বামুণীমৈদামৰ নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ খেল পথাৰত অনুষ্ঠিত হ’ব । বিহু নাচ আৰু গীতৰ প্ৰশিক্ষণ দিব ক্ৰমে— বিহু সাম্ৰাগী গায়ত্ৰী কোঁৱৰ , বিহুৱা দেৱজিৎ ৰাজবংশী আৰু জীনা ৰাজকুমাৰীয়ে । নেপালী লোকনৃত্যৰ প্ৰশিক্ষণ দিব চিকিমৰ শিল্পী— ৰেশমা টামাঙ আৰু অম্বিকা চেত্ৰীয়ে । বিগত বৰ্ষবোৰৰ দৰে এইবাৰো কৰ্মশালাৰ লগত সংগতি ৰাখি কলিয়াবৰীয়া মুক্তি যুজাৰু কমল চন্দ্ৰ মহন্ত সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব । ক’ভিড কালিন পৰিৱেশৰ বাবে এইবাৰ দুই বছৰৰ বঁটা প্ৰদান কৰা হ’ব । কলিয়াবৰৰ বিশিষ্ট বিহু শিল্পী কবিন ফুকনক আৰু ২০২২ চনৰ বাবে এই বঁটা প্ৰদান কৰা হ’ব বিশিষ্ট লোক শিল্পী বিপুল চেতিয়া ফুকনক । উল্লেখযোগ্য যে এই বঁটাৰ লগত ২৫০০০ টকাৰ মাননী , শৰাই , স্মাৰক , অংগ বস্তু , জাপি আৰু সম্বৰ্ধনা পত্ৰও প্ৰদান কৰা হ’ব । বঁটা প্ৰদান অনুস্থানত উপস্থিত থাকিব সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা , স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত , প্ৰণয় বৰদলৈ , অচ্যুত পাটোৱাৰী , ৰাজদ্বীপ বাইলুং বৰুৱা , বিশ্বজিৎ দাস , গৌতম শৰ্মা , সংগীত শিল্পী ড° সংগীতা কাকতি , তৃষ্ণা দেৱী , হিয়া মেধি , ময়ুৰী দত্ত , ক্রান্তিকা চাণ্ডিল্য , পদ্মনাভ বৰদলৈ , বুবুমণি , চানু আদি । শিক্ষাবিদ প্রয়াত কমল চন্দ্র মহন্ত বৰ্ত্তমানৰ স্বাস্থ্য মন্ত্ৰীৰ পিতৃ | এইবাৰ এই বঁটা ২৬ মার্চত কলিয়াবৰৰ কুঁৱৰিটোলৰ গান্ধী মৈদানত দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত অনুষ্ঠানত প্ৰদান কৰা হ’ব । কৰ্মশালাৰ সামৰণি অনুষ্ঠানটি ৪ তাৰিখে সদ্য প্রয়াত অপূৰ্ব বেজবৰুৱাৰ সোঁৱৰণত অনুষ্ঠিত হ’ব । কৰ্মশালাৰ শিক্ষাৰ্থী সকলে বিহু আৰু নেপালী লোকনৃত্য পৰিৱেশন কৰিব । অপূৰ্ব বেজবৰুৱাৰ সাণিধ্য লাভ কৰা ১৫ গৰাকী প্রতিষ্ঠিত কণ্ঠশিল্পীয়ে সেইদিনা তেওঁৰ গীত পৰিৱেশন কৰিব । প্রয়াত অপূর্ব বেজবৰুৱাৰ লগত সংগীত সংগত কৰা বাদ্যযন্ত্ৰী সকলে শিল্পী সকলক সংগত কৰিব । সেইদিনা বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ড° দেৱজিৎ খনিকৰ , পদ্মশ্রী যতীন গোস্বামী৷সংবাদ মেলত ,  কমল চন্দ্ৰ মহন্তৰ বোৱাৰী পিংকী মহন্ত , কণ্ঠশিল্পী চানু শৰ্মা , প্ৰদীপ কলিতা, অজয় তালুকদাৰ , জি . এল . চছিয়েল চাৰ্কোলৰ হৈ মন্টু শ‍ইকীয়া উপস্থিত থাকে । কর্মশালাত অংশগ্ৰহণ কৰিব বিচ্‌ৰা ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে ৮৬৩৮৮৯৪৮২৪,৭৫৭৮৯০১৫৯৪ নম্বৰত যোগাযোগ কৰিব পাৰে বুলি সংবাদ মেলত সদৰি কৰে৷