বিধায়কৰ পঞ্চায়ত দৰৱাৰ- ঋষি লহকৰ

বিধায়কৰ পঞ্চায়ত দৰৱাৰ

অসমৰ ১২৬ বিধানসভা সমষ্টিৰ ভিতৰতে পোন প্ৰথম বাৰৰ বাবে ৰঙিয়া বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক তথা বিজেপি,অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়াৰ এক পষেক জোৰা ব্যতিক্ৰমী কাৰ্যসূচী “বিধায়কৰ পঞ্চায়ত দৰৱাৰ” ।সমষ্টিৰ বাসী ৰাইজৰ মাজত থাকি সাধাৰণ ৰাইজৰ হৈ নিজৰ নিজৰ কৰ্মদক্ষতাৰে নিজকে পৰিচয় দিয়া ৰঙিয়া সমষ্টিৰ সৰ্বকাল জনপ্ৰিয় মাননীয় বিধায়ক তথা বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আৰু ৰঙিয়া ব্লক মণ্ডলৰ শ্ৰদ্ধাৰ দলীয় কাৰ্যকর্তা সকলৰ সহযোগত ৰঙিয়া সমষ্টিৰ অন্তৰ্গত ১০ খন পঞ্চায়তক একেলগে বিৰামহীন প্ৰগতিৰ দিশত আগবঢ়াই নিয়াৰ লক্ষ্যৰে প্ৰতিটো দিনে জনতা জনাৰ্দনক সেৱা কৰা নিমিত্তে এক পষেক জোৰা কার্যসূচী হাতত(২৭ ছেপ্টেম্বৰ পৰা৩ জানুৱাৰী) লৈ “বিধায়কৰ পঞ্চায়ত দৰৱাৰ” অনুষ্ঠানৰ দ্বাৰা ১০ খন পঞ্চায়তক সামৰি প্ৰতিখন পঞ্চায়তত দুখন নাইবা তিনিখনকৈ মুঠ ২১ খনকৈ সজাগতা সভা অনুষ্ঠিত কৰি চৰকাৰৰ জনকল্যাণ মূলক আঁচনি তথা সমষ্টিৰ উন্নয়ন মূলক কাম কাজ সমূহৰ বিষয়ে অৱগত কৰে।উক্ত অনুষ্ঠানৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ প্ৰতিগৰাকী সাধাৰণ ৰাইজৰ মৌলিক সমস্যা তথা অভাৱ অভিযোগ সম্পৰ্কে প্ৰত্যক্ষভাৱে বুজ লৈ তাৎক্ষণিক ভাৱে ৰাইজৰ সকলো সমস্যা সমূহৰ সমাধান কৰি তোলাৰ প্ৰয়াস কৰে। এই পষেক জোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা #বিধায়কৰপঞ্চায়তদৰৱাৰ- অনুষ্ঠানটোৰ” প্ৰথম দিনটোত বড়িগোগ গাঁও পঞ্চায়তত সজাগতা সভাৰ শুভৰাম্ভনি হৈ আৰু আৰিমত্ত গাঁও পঞ্চায়তত সফল ভাৱে সামৰণি হোৱা “বিধায়ক পঞ্চায়ত দৰবাৰ অনুষ্ঠানটোৰ প্ৰতিখন পঞ্চায়তৰ সাধাৰণ ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰিৰ,বহু সংখ্যক আই মাতৃৰ তথা সাধাৰণ ৰাইজৰ উপস্থিতি দেখি সকলোৱে অভিভূত হৈছে। এই অনুষ্ঠানৰ জৰিয়তে ৰাইজে নিজৰ ব্যক্তিগত সমস্যা তথা ৰাজহুৱা সমস্যাসমূহৰ বিষয়ত বিধায়ক ডাঙৰীয়াক অৱগত কৰাৰ লগতে কিছু সমস্যা থিতাতে সমাধান কৰিবলৈ এক বিশেষ সুবিধা তথা সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে।লগতে মাননীয় বিধায়ক ডাঙৰীয়াই চৰকাৰৰ জনকল্যাণ মূলক আঁচনি সমূহ যাতে ৰাইজে লাভালাভ তথা সুফল পাব পাৰে সেয়েহে আঁচনি সমূহৰ লাভালাভ পাবলৈ প্ৰক্ৰিয়া সন্দৰ্ভত ভালদৰে বুজাই দিয় কয় যে-মোৰ সমষ্টিত যাতে এজনো প্ৰকৃত হিতাধিকাৰীয়ে এই আঁচনিসমূহৰ পৰা বঞ্চিত নহয়, সেই বাবে মই নিজে আপোনালোকৰ কাষত থিয় হৈ আঁচনি সমূহ সম্পৰ্কে সজাগ কৰি তুলিছোঁ।লগতে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ খনে ৰাইজৰ বাবে লোৱা প্ৰতিখন জনকল্যাণ মূলক আঁচনিৰ দ্বাৰা দেশৰ তথা অসম জনসাধাৰনে ইতিমধ্যে বহু হিতাধিকাৰী আঁচনি সমূহৰ পৰা লাভবান্দদ্বিত হৈ উপকৃত হৈছে বুলি ৰাইজক বহু গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত অৱগত কৰে। বিধায়ক ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ জনকল্যাণ মূলক আঁচনি সমূহৰ বিষয়ত ৰাইজক সজাগ কৰি তুলি প্ৰকৃত হিতাধিকাৰী সৃষ্টি কৰি তুলিব পাৰে সেয়েহে ৰাইজক মূলতে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ কেইবাখনো জনকল্যাণ মূলক আঁচনি ক্ৰমে-

★মিছন বসুন্ধৰা,
★অৰুন্ধতী আঁচনি,
★অৰুনোদয় আঁচনি,
★প্রধানমন্ত্ৰী আবাস যোজনা(গ্ৰামীণ),
★প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা,
★আয়ুসমান ভাৰত
★ৰেচন কাৰ্ড আদি।
বিধায়ক দেৱৰ এনে জনহীতকৰ প্ৰচেষ্টাক সকলোৱে শলাগ লৈ আশীৰ্বাদ প্ৰদান কৰিছে।শীতৰ এই জাৰ কপোৱা ঠাণ্ডাকো নেওচি বিধায়কৰ দৰবাৰ অনুষ্ঠানটোৰ প্ৰতি ৰাইজৰ যি উৎসাহ উদ্দীপনা আৰু সঁহাৰি দেখি সঁচাকৈ বিধায়ক ডাঙৰীয়াই আনন্দ অনুভৱ কৰিছোঁ।এই অনুষ্ঠানটো প্ৰথম পৰ্যায়ত সমষ্টিৰ ১০ পঞ্চায়তত জনকল্যাণ মূলক আঁচনি আৰু সমষ্টিৰ উন্নয়নমূলক সজাগতা সভা আৰু দ্বিতীয় পৰ্যায়ত ৰঙিয়া পৌৰসভাৰ অন্তৰ্গত ৮ টা ৱাৰ্ডত ৰাইজৰ মনৰ বুজ লোৱাৰ উদ্দেশ্যে বিধায়কৰ দৰবাৰ অনুষ্ঠান অনুষ্ঠিত কৰা হব।ৰঙিয়া বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ডাঙৰীয়াৰ এক ব্যতিক্ৰমী অনুষ্ঠান বিধায়কৰ পঞ্চায়ত দৰবাৰ কার্যসূচীৰ জৰিয়তে পঞ্চায়তবাসী ৰাইজে আঁচনি সমূহৰ সুফল তথা লাভ লাভৰ প্ৰক্ৰিয়া সমূহৰ বিষয়ে বহুখিনি কথা জানিব পাৰিলে।আশা কৰিছোঁ-এই অনুষ্ঠান টোৰ দ্বাৰা ১০খনকৈ পঞ্চায়তৰ জনতাই উপকৃত হৈছে।এই চেগতে ৰঙিয়া বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি শ্ৰী ভৱেশ কলিতা ডাঙৰীয়াই পঞ্চায়ত বাসী ৰাইজক চৰকাৰ জনকল্যাণ মূলক আঁচনি সমূহৰ বিষয়ত সজাগতা কৰি তুলিবলৈ লোৱা জনহীতকৰ পদক্ষেপৰ বাবে অশেষ ধন্যবাদ জনালোঁ।

শ্ৰী ঋষি লহকৰ
ৰঙিয়া