বিধবা- শ্ৰী ৰূপৰেখা ঠাকুৰ

Pc Join Cake

বিধবা

বিধবাৰো এটা ৰঙীন
মন থাকে,
ৰঙীন হৈ জী থাকিবলৈ
কাৰোবাৰ বুকুত মূৰ থৈ
সতেজ উম লবলৈ
কাৰণ তাই নোৱাৰে
সচা অন্তৰৰ মৰম পাব
কাৰণ তাই বিধৱা।
ঘৰৰ সকলোৱে তাইৰ
কপালক দোষ দিয়ে
তাই অমঙ্গলীয়া।
কিমান সহ্য কৰিব তাই
তাই আবেগিক হৈ পৰে
অন্তৰৰ কোনোবা কোণত
বিষাদেৰে ভৰি পৰে
বৈ আহে দুচকুৰে নিজৰা,
তাই কিমান সহিব
অন্তৰৰ দোষ বেদনা
তাই ভাবি নাপায়
এখন সমাজত
পত্নী হীন পুৰুষে
সহিব নালাগে
বিধবাৰ দৰে দোষবেদনা।

শ্ৰী ৰূপৰেখা ঠাকুৰ
দেৰগাঁও