বামুণীমৈদামত হোলী গীতৰ কৰ্মশালা

pc. Karnataka Tourism

বামুণীমৈদামত হোলী গীতৰ কৰ্মশালা

ৰঙিলী বাৰ্ত্তাসেৱা-  শ্ৰীমন্তশঙ্কৰদেৱ সমাজ কীৰ্ত্তন ঘৰ, বামুণীমৈদাম জ্যোতি নগৰৰ সমাজৰ সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত ৮ মাৰ্চৰ পৰা সপ্তাহজোৰা হোলীগীতৰ কৰ্মশালা আৰম্ভ‌ কৰা হয়৷ শ্ৰীমন্তশঙ্কৰদেৱ সমাজৰ উপ-সভাপতি ডালিম দাসৰ সভাপতিত্বত কৰ্মশালাখন উদ্বোধন কৰা হয়। অনুষ্ঠানত অংশ লৈ বিশিষ্ট সঙ্গীত শিল্পী তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক অবনীৰঞ্জন পাঠকে অসমত শ্ৰীমন্ত শঙ্কৰদেৱেই পোন প্ৰথমেই হোলী উৎসৱৰ সুচনা কৰে  বুলি কোৱাৰ লগতে হোলীগীতৰ আৰম্ভণি বৰপেটাতেই পোন প্ৰথমে হয় বুলি তেওঁৰ ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। বৰ্তমান বহুতেই হোলীগীত ৰচনা কৰিছে সুৰ কৰিছে যদিও ইয়াৰ পৰম্পৰা ৰক্ষা কৰাটো আমাৰ দায়িত্ব। শিক্ষাবিদ প্ৰিয়ব্ৰত লহকৰেও বক্তব্য ৰাখে। সভাপতিৰ ভাষণত ডালিম দাসে কয়- হোলীগীতে সমন্বয়ৰ এনাজৰীৰ বান্ধোনক আৰু অধিক কটকটীয়া কৰিব। শ্ৰীমন্ত শঙ্কৰদেৱ সমাজ কীৰ্ত্তনঘৰৰ সাংস্কৃতিক গোষ্ঠীৰ সম্পাদক হিতেশ পাঠকে আঁত ধৰা অনুষ্ঠানত প্ৰশিক্ষক ৰবীন্দ্ৰনাথ দাস, ধ্ৰুৱ দাস, ধনঞ্জয় ওজাৰ লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।