বানত হেৰুৱা হৃদয়ৰ বিষাদ
নিতুল নাথ
নেমুগুৰি, শিৱসাগৰ
কাৰ বুকুৰ ক’ৰ ঠিকনাৰ বান্ধ
ভাঙি-ছিঙি পাৰ হৈ আহে
এই ভৰ বাৰিষা ভয়ংকৰ বানে|
“আই সমান হ’ব কোন
নৈ সমান ব’ব কোন ?”
দিখৌ , দিচাং, ভোগদৈ , জাঁজীৰ গাভৰু বুকুত
হঠাৎ আবির্ভাব হোৱা বানৰ
আন্ধাৰ নিশাৰ শোকাকুল কোলাহলত
প্রবল অন্তহীন সোঁতৰ ধাৰত
সোঁতে সোঁতে উটি যায় মানুহ ,পশু কিম্বা ঘৰ-দুৱাৰ |
প্রাণ ভিক্ষাৰ অপ্রাণ চেষ্টাৰ ৰণত
আই-বোপাই, ভাই-ভনী, আত্মীয় স্বর্জন
বুকুৰ সুহৃদ আপোন চুবুৰী |
ডুবি ডুবি জাহ গ’ল পদুমণি পথাৰত
পৈতৃক পামৰ বিঘাই বিঘাই
তেজ-ঘামেৰে একাকাৰ কৰি ৰোপন কৰা
শাওনৰ সাঁচতীয়া অলেখ আশাৰ সেউজীয়া সপোন |
চোৱা , কি নিৰ্মমভাৱে নির্যাতিত
প্ৰকৃতিৰ মহা প্ৰলয়ৰ সোঁতত
উটি-ভাঁহি হাঁহাকাৰ হোৱা আমি গুড়ি পৰুৱা জাক জাক ,
চোৱা , কি কাৰুণ্যিকতাৰ দুঃখৰ দহনত
দগ্ধ হৈ আমাৰ হিয়া জ্বলে অহৰহ !
হে অবাঞ্চিত দুৰ্যোগৰ মহান উৎস
কাৰ ইচ্ছাত কিম্বা দুৰাকাংশাত অনাকাংক্ষিতভাৱে
ক্ষোভ আৰু হুমুনিয়াহ উজাৰি দিলা
আমাৰ দৰে দীন-দুখীয়াৰ সর্ব শৰীৰত ?
দেহ-মন বন্ধকত কিম্বা বিক্রীও
মোকলাব নোৱাৰা ভাত-কাপোৰৰ তৃষ্ণা ,
উষ্ণ যন্ত্রণাত ছটফটাই ছটফটাই জপিয়াই থকা
আমিবোৰ আধামৰা জীৱনৰ চগা |
