বাংলাদেশত বাস কৰা অসমীয়া লোকসকলক অসমলৈ আমন্ত্ৰণ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

বাংলাদেশত বাস কৰা অসমীয়া লোকসকলক অসমলৈ আমন্ত্ৰণ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘কা’ বলৱৎ হ’লেই অসমলৈ উভতি আহিব নেকি বাংলাদেশত বাস কৰা অসমীয়াসকল? বাংলাদেশত বাস কৰা অসমীয়াক অসমলৈ আমন্ত্ৰণ বিশ্বজিত্‍ দৈমাৰীৰ। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত্‍ দৈমাৰীয়ে অসমলৈ উভতি আহিবলৈ আহ্বান জনাইছে বাংলাদেশী অসমীয়াসকলক। অসম বিধানসভাৰ ৩২ জনীয়া বিধায়িনী দলৰ ভ্ৰমণৰ সময়তে এই আহ্বান অধ্যক্ষ বিশ্বজিত্‍ দৈমাৰীৰ। বাংলাদেশত আছে ৫০০ৰো অধিক অসমীয়া পৰিয়াল। বাংলাদেশৰ অসম বস্তি ৰূপে খ্যাত গাঁৱত আছে অসমীয়া বাংলাদেশীসকল। বাংলাদেশ চৰকাৰে অসমীয়াসকলক অসম বুলিও স্বীকৃতি দিছে। অধিকাংশ অসমীয়াই বাংলাদেশত নিজৰ উপাধি অসম বুলি লিখি আহিছে। বাংলাদেশ চৰকাৰৰ চৰকাৰী আঁচনিৰ সা-সুবিধাও লাভ কৰি আছে অসমীয়াসকলে। ভ্ৰমণকালত ‘কা’ৰ জৰিয়তে বাংলাদেশত থকা অসমীয়াসকলক অসমলৈ আহিবলৈ আহ্বান জনাইছে দৈমাৰীয়ে।