নতুন দিল্লীৰ বিজ্ঞান ভৱনত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী অনুষ্ঠানত দুখন আলোচনাচক্র

PC - Insights ias

নতুন দিল্লীৰ বিজ্ঞান ভৱনত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী অনুষ্ঠানত দুখন আলোচনাচক্র

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ উদ্যোগত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অহা ২৩ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপনৰ কাৰ্যসূচীৰ অংশৰূপে দুখন আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে । সেই অনুসৰি ২৩ নৱেম্বৰত ‘আহোমৰ সোণালী অধ্যায়— আশা, নৈপুণ্য আৰু বীৰত্বৰ গাথা’ বিষয়ক প্ৰথমখন আলোচনাচক্র অনুষ্ঠিত হ’ব । নতুন দিল্লীৰ বিজ্ঞান ভৱনৰ দ্বিতীয় মহলাত থকা ৬ নং সভাগৃহত দিনৰ ১২ বজাৰ পৰা এই আলোচনাচক্ৰখনৰ আয়োজন কৰা হৈছে । আলোচনাচক্ৰখনত অসমৰ ৰাজ্যিক তথ্য আয়ুক্ত ড° সমুদ্রগুপ্ত কাশ্যপ, শিক্ষাবিদ কুলদীপ পাটোৱাৰী, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সম-উপাচার্য অধ্যাপক কপিল কাপুৰ, অসম, উত্তৰ প্ৰদেশ আৰু সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান প্ৰকাশ সিং আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ড° চন্দন কুমাৰ শৰ্মা আলোচক হিচাপে উপস্থিত থাকিব । অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱাই অনুষ্ঠানটোৰ আঁত ধৰিব । আনহাতে ২৪ নৱেম্বৰত একেটা স্থানতে দিনৰ ১১.৩০ বজাৰ পৰা আন এখন আলোচনাচক্র অনুষ্ঠিত হ’ব । আলোচনাচক্ৰখনৰ বিষয়বস্তু হ’ব ‘অসমৰ শৌর্য, বীৰ্য আৰু পৰাক্ৰমৰ উপেক্ষিত ইতিহাস’ । অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ৰাজীৱ সন্দিকৈ, মঙলদৈ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা ড° সংগীতা গগৈ, বিশিষ্ট লেখক বিক্ৰম সম্পট, চলচ্চিত্র নির্মাতা আৰু সমালোচক ৰাকেশ কুমাৰ সিং আৰু চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা চন্দ্ৰ প্ৰকাশ দ্বিবেদী আলোচক হিচাপে উপস্থিত থাকিব। অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক (ড°) ননী গোপাল মহন্তই আলোচনাচক্ৰখনৰ আঁত ধৰিব ।