বাঁহৰ দ্বাৰা নিৰ্মিত চাইকেল আনুষ্ঠানিকভাবে মুকলি মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত বহনক্ষম যাতায়াত ব্যৱস্থাৰ ক্ষেত্রত এক নতুন অধ্যায়ৰ সূচনা কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে উজান বজাৰস্থিত সতী ৰাধিকা শান্তি উদ্যানত আয়োজিত এক অনুষ্ঠানত অসমত উৎপাদিত বাঁহেৰে নির্মিত চাইকেল আনুষ্ঠানিকভাবে মুকলি কৰে। উল্লেখ্য যে, পুনেৰ বেম্বো ইণ্ডিয়া প্রাইভেট লিমিটেড’ নামৰ প্ৰতিষ্ঠানটোৱে বাঁহেৰে চাইকেল নিৰ্মাণৰ এই অভিনৱ পদক্ষেপ গ্রহণ কৰিছে। অসমক বাঁহৰ চাইকেল নিৰ্মাণ আৰু বহনক্ষম যাতায়াতৰ ক্ষেত্ৰত দেশৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা এই প্রকল্পত বিনিয়োগ কৰা হৈছে প্রায় ১৫ কোটি টকা। প্ৰথম বছৰত এই প্রকল্পটোৰ জৰিয়তে ৫০ৰ পৰা ১০০টা প্রত্যক্ষ কর্ম সংস্থাপনৰ সুযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। প্ৰাৰম্ভিক পৰ্যায়ত প্রতি মাহে প্রায় ১ হাজাৰখন চাইকেল প্ৰস্তুত কৰাৰ বাবে প্রতিষ্ঠানটোৱে পৰিকল্পনা গ্রহণ কৰিছে। মুখ্যমন্ত্ৰীগৰীকীয়ে এই অভিনৱ চাইকেল এপাক চলায়ো। এই উপলক্ষে মুখ্যমন্ত্রী ড° শর্মাই গান্ধী জয়ন্তীৰ এই পৱিত্ৰ দিনটোত চাইকেল নির্মাণত বাঁহ ব্যৱহাৰৰ দৰে নতুন প্রয়োগ আৰম্ভ কৰিবলৈ পাই আনন্দিত হোৱা বুলি মন্তব্য কৰে। তেওঁ কয় যে পুনেস্থিত ঔদ্যোগিক প্রতিষ্ঠানটোৱে অসমৰ বাঁহেৰে ইতিমধ্যে টুথ ব্রাছ, ফণিকে ধৰি কেইবাবিধো সামগ্ৰী প্ৰস্তুত কৰি উলিয়াইছে। বেম্বো ইণ্ডিয়া প্রাইভেট লিমিটেডে সামগ্ৰী প্ৰস্তুতৰ বাবে অসমৰ বাঁহ ব্যৱহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে প্ৰতিষ্ঠানটোক অসমতে এটা উদ্যোগ স্থাপন কৰিবলৈ আহ্বান জনাইছিল। ৰাজ্য চৰকাৰৰ এই আহ্বানলৈ সঁহাৰি জনাই প্রতিষ্ঠানটোৱে বাঁহেৰে চাইকেল নিৰ্মাণৰ প্ৰস্তাৱ দাঙি ধৰিছিল। সম্প্রতি ছয়গাঁওস্থিত বেম্বো পার্কত বেম্বো ইণ্ডিয়া প্রাইভেট লিমিটেডে এনে চাইকেল নিৰ্মাণৰ পদক্ষেপ গ্রহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে আজিৰ অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে মুকলি কৰা বাঁহৰ চাইকেলসমূহ সৰ্বসাধাৰণ জনতাৰ মতামত গ্ৰহণৰ উদ্দেশ্যে গুৱাহাটী মহানগৰীৰ বিভিন্ন উদ্যানত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব। এই দিশত যদি জনসাধাৰণে ইতিবাচক মতামত আগবঢ়ায় তেনেহ’লে ভৱিষ্যতে ৰাজ্য চৰকাৰে বাঁহেৰে চাইকেল নির্মাণকার্যলৈ পৃষ্ঠপোষকতা আগবঢ়াব বুলি তেওঁ সদৰী কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই জানিবলৈ দিয়া মতে নির্মিত চাইকেলসমূহৰ গুণগত মান আৰু সুৰক্ষা বি আই এছ-ৰ দৰে স্বীকৃতিপ্রাপ্ত প্রতিষ্ঠানে প্রমাণীকৰণ কৰিছে। অসমত প্ৰচুৰভাৱে উৎপাদিত বাঁহক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ উদ্যোগ স্থাপনৰ দিশত থকা ব্যাপক সম্ভাৱনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক পদক্ষেপ লৈ বাঁহক গছৰ পৰা ঘাঁহ হিচাপে শ্রেণীভুক্ত কৰাৰ পিছৰে পৰা বাঁহভিত্তিক উদ্যোগ স্থাপনেৰে বিভিন্ন সামগ্ৰী নিৰ্মাণৰ কাম যথেষ্ট বৃদ্ধি পাইছে। বহুমুখী কামত ব্যৱহাৰ কৰিব পৰা বাঁহৰ পৰা প্ৰায় ৮০০ বিধ সামগ্রী প্রস্তুত কৰিব পাৰি। উৎকৃষ্ট টাইলছ, মিথানল, ইথানল তথা বিমানৰ বাবে বহনক্ষম ইন্ধন পর্যন্ত বাঁহৰ পৰা উৎপাদন কৰিব পৰা যায়। সম্প্রতি বাঁহক লৈ বিশ্বজুৰি যিধৰণৰ গৱেষণা চলি আছে, তাৰ ফলস্বৰূপে আগন্তুক ১০ বছৰত বাঁহ এবিধ মূল্যৱান সম্পদলৈ ৰূপান্তৰ হ’ব। ইয়াৰ ফলত ৰাজ্যৰ বাঁহ খেতিয়কসকলো যথেষ্ট উপকৃত হ’ব। তেওঁ লগতে কয় যে বাঁহেৰে চাইকেল নিৰ্মাণৰ এই প্ৰয়োগ যদি সফল হয় তেন্তে অসমে এই দিশত এটা উল্লেখনীয় খোজ দিবলৈ সক্ষম হ’ব। এই অনুষ্ঠানত মুখ্য সচিব ড° ৰবি কোটা, ব্যুৰ’ অব ইণ্ডিয়ান ষ্টেণ্ডার্ড (বি আই এছৰ) উপ-সঞ্চালক প্রধান ড° মীনাক্ষী গণেশন, বেম্বো ইণ্ডিয়া প্রাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক তথা সঞ্চালক যোগেশ সৰেশ সিন্দেকে ধৰি কেই বাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
