এটা পাহাৰৰ কথাৰে – দুলুমণি দেৱী

Pc Unsplash

এটা পাহাৰৰ কথাৰে

দুলুমণি দেৱী,মাকুম

দুৰণিত ৰিণিকি ৰিণিকি দেখা পোৱা পাহাৰটো ওচৰ পালেই মনোৰম হৈ পৰা চৌপাশৰ পৰিবেশটো কিমান যে ভাললগা ৷পাহাৰৰ মাজে মাজে গজি উঠা ঘাঁহ বন তথা গছবোৰে আপোনমনে হালি জালি কথা পাতে ৷ নীৰৱে নিতালে বিলায় যায় সুন্দৰ এছাটি সুগন্ধি মলয়া ৷ সেই পাহাৰটোৰ কথা ভাৱক যিটো পাহাৰে ধৰি ৰাখে মাটি ,গছগছনি , ৷ উপকৃত হয় বহু বনৰীয়া জীৱ জন্তু ৷ পাহাৰৰ মাজে মাজে গজি উঠা গছবোৰৰ কিছুমান যথেষ্ট ঔষধিগুণসম্পন্ন৷ তদুপৰি ভিন্ন প্রজাতিৰ চৰাইৰ বাসস্থান ৷ এতিয়া দেখা পোৱা গৈছে তেনে ধুনীয়া পাহাৰ কাটি মেলি খহাই দিছে ৷পাহাৰৰ ভিতৰভাগ খান্দি মেলি খহাই দিছে ৷ কোনোৱে যদি কয়লা বিচাৰিছে ,কোনোৱে আকৌ তাৰ পৰা ৰঙা মাটি নিছে৷ ৰাস্তা বনাৱৰ বাবেই হওঁক বা ঘৰৰ পদুলিত দিবৰ বাবে হওঁক পাহাৰ খহাইছে ৷ অবৈধ কয়লাৰ বেপাৰ চলিছে পাহাৰটোৰ কাষত যদি নদ নদী বৈ গৈছে সেই নৈখনো শান্তিত থাকিব নোৱাৰিছে৷কাৰণ নৈকো ভেটা দিছে ,সেয়ে নৈয়ে চাগে পাহাৰটোৰ ওচৰলৈ আহি কথা পাতিছে…

পাহাৰ …….কিমান  আৰু সহিবা যন্ত্রণা ,নৈ তুমিয়ে দিয়া উচিত সমিধান..৷

নদী ……..তোমাক যেনেকৈ কৰিছে অত্যাচাৰ ,নদীৰ ওপৰতো কৰিছে বান্ধ নিৰ্মাণ ,

পাহাৰ …….তথাপিও পাৰিবা দুষ্ট সেইসকলক মানৱক দমন কৰিব যদিহে বোৱাই দিয়া জলধাৰা ,

নৈ ……..হ’ব পাহাৰ৷ নকৰিবা চিন্তা তোমাৰ মোৰ সম্পর্ক প্রকৃতিপ্রদত্ত ….

এই পাহাৰ নৈৰ সম্পর্কই উজনি নামনিত দেখাই দিলে জলপ্লাৱন ৷ এচাম দুষ্ট মানৱৰ বাবে সকলোৰে ভুগিছে দৈনন্দিন কষ্ট৷ পাহাৰটোৰ সৌন্দৰ্য সেইসকলে দেখা নাপায় ৷কাৰণ প্রকৃতিক তেওঁলোকে ভাল পাবলৈ নিশিকিলে ,৷ নিৰ্দয় মানৱে পাহাৰ আৰু নৈৰ কথোপকথন নেদেখে কাৰণ তেওঁলোকে অনুভৱ কৰিব নাজানে ৷ তেওঁলোকে এইটোও নাজানে যে প্রকৃতিয়ে আমাক দিয়া অনবদ্য অৱদানবোৰ আমাৰ বাবে কিমান মুল্যবান ,যদিহে জানিলে হয় নিশ্চয় গছগছনি কাটি পাহাৰ পর্বত খহাই জলবান্ধ দি ,প্রকৃতিক শাস্তি নিদিলেহেঁতেন ৷ গতিকে আহক আমি  সচেতন ৰাইজ জাগ্রত হওঁ ,আৰু আগবাঢ়িব নিদিও , ধৰণীখন ধৰি ৰাখো ,সুন্দৰতাৰ মাজত৷ সেউজীয়াৰ মাজত ৷ পাহাৰটো ধৰি ৰাখো ,নৈখনো থাকক ,মানুহবোৰ সুচিন্তক  হওঁক ৷ তেতিয়াহে অসমখন অসম হৈ থাকিবগৈ ৷