চীনক পৰাস্ত কৰি এছিয়ান গেমছত স্বৰ্ণ পদক লাভ অসম কন্যা লাভলীনাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- নিজৰ জন্মদিনৰ দিনাই আইচি-নাগ’য়া এছিয়ান গেমছৰ বক্সিঙত স্বৰ্ণ জয় অসম কন্যা লাভলীনা বৰগোহাঁইৰ ৷ ৭৫ কিলোগ্ৰাম শাখা ফাইনেলত চীনৰ শক্তিশালী প্রতিদ্বন্দ্বী ঝিয়ি বাওক ৫-০ ব্যৱধানত পৰাস্ত কৰি লাভলীনাই অর্জন কৰে এই ঐতিহাসিক সফলতা। আৰম্ভণিৰে পৰা অতি আত্মবিশ্বাসী হৈ থকা ভাৰতীয় বক্সাৰগৰাকীয়ে এক বৃহৎ যুঁজৰ অন্তত বিচাৰকৰ সৰ্বসম্মতিক্রমে জয়ৰ মুকুট পিন্ধে। এই জয়েৰে বক্সাৰ লাভলীনাই এক নতুন ইতিহাসৰ সূচনা কৰিলে। এছিয়ান গেমছত একেৰাহে দুবাৰ পদক জয় কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপেও খ্যাতি অর্জন কৰে লাভলীনাই। ২০১৪ চনৰ পিছত এছিয়ান গেমছৰ মহিলা বক্সিং ইভেন্টত সোণৰ পদক লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হ’ল লাভলীনা। ইয়াৰ পূৰ্বে ২০১৪ চনত কিংবদন্তি বক্সাৰ মেৰী কমে এই কৃতিত্ব অর্জন কৰিছিল। ওপজা দিনটোতে স্বর্ণ জয় কৰি লাভলীনাই কেৱল নিজৰ বাবেই নহয়, সমগ্র দেশবাসীৰ বাবে দিনটোক এক স্মৰণীয় আৰু অপূৰ্ব মুহূৰ্তলৈ পৰিণত কৰিলে। আৰম্ভণিৰে পৰাই নিজৰ উচ্চতাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি প্ৰথম ৰাউণ্ডতেই নিখুঁত জেব আৰু কাউণ্টাৰ পাঞ্চেৰে ৩-২ ব্যৱধানত নিয়ন্ত্রণ লয় লাভলীনাই। দ্বিতীয় ৰাউণ্ডত ভাৰতীয় তাৰকাগৰাকী আৰু অধিক আক্ৰমণাত্মক হৈ পৰে। বাও আগবাঢ়ি অহাৰ লগে লগে লাভলীনাই এটা সঠিক ষ্ট্ৰেইট ৰাইট পাঞ্চ মৰাৰ উপৰি দুৰ্দান্ত ফুটৱৰ্কেৰে ক্ষিপ্ৰতাৰে ঠাই সলনি কৰি স্ক’ৰব’ৰ্ডত ৪-১ ব্যৱধানত অগ্রগতি লাভ কৰে। ফলত বিচাৰকৰ স্ক’ৰকাৰ্ডত ২-০ ব্যৱধানত আগবাঢ়ি থাকে লাভলীনা। চূড়ান্ত তথা তৃতীয় ৰাউণ্ডত চীনা বক্সাৰগৰাকীয়ে নকআউট পাঞ্চেৰে তীব্র আক্রমণ চলাইছিল যদিও লাভলীনাই শক্তিশালীভাবে প্রতিহত কৰিবলৈ সক্ষম হয়। সকলো আক্রমণ দক্ষতাৰে ওফৰাই লাভলীনাই নিখুঁতভাৱে প্রতিদ্বন্দ্বীৰ মুখত শোধায় প্রচণ্ড পাঞ্চ। শেষত সর্বসম্মতিক্রমে ৫-০ ব্যৱধানত ৰেফাৰীয়ে লাভলীনাক বিজয়ী ঘোষণা কৰাৰ লগে লগে ৰিঙৰ ভিতৰতে বিজয়ৰ হাঁহি জিলিকি উঠে লাভলীনাৰ মুখত। আনহাতে লাভলীনাই স্বৰ্ণ পদক লাভ কৰাৰ পাছতে দেশৰ ৰাষ্ট্ৰপতি, প্রধানমন্ত্রী, কেন্দ্ৰীয় মন্ত্রী-ৰাজ্যিক মন্ত্ৰীৰ পৰা দেশ আগশাৰীৰ ৰথী-মহাৰথীলৈকে স্বর্ণকন্যা লাভলীনাক শুভেচ্ছা জনায়। লাভলীনাৰ এই অভূতপূর্ব বিজয়ৰ পিছতে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে শুভেচ্ছা জনাই তেওঁৰ অবিৰত সফলতা কামনা কৰে। ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত ৰাষ্ট্ৰপতিয়ে লিখিছে- ‘এছিয়ান গেমছ, ২০২৬ত মহিলাৰ ৭৫ কেজি বক্সিং ইভেন্টত ঐতিহাসিক স্বর্ণ পদক জয়ৰ বাবে তোমাক আন্তৰিক অভিনন্দন, লাভলীনা বৰগোহাঁই! ৰিঙত তোমাৰ শক্তি, নিখুঁততা আৰু দৃঢ়তাই ভাৰতৰ বাবে অসীম গৌৰৱ কঢ়িয়াই আনিছে। তোমাৰ জন্মদিনত সোণৰ পদক লাভ কৰিলা, এই অনুষ্ঠানটো আৰু অধিক বিশেষ হৈ পৰিছে। তোমাৰ অবিৰত সফলতাৰ বাবে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।’ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত মহিলাৰ বক্সিঙত ৭৫ কিলোগ্রাম শাখাৰ ফাইনেলত ৫-০ৰ ব্যৱধানত জয়লাভ কৰি স্বৰ্ণ পদক জয়লাভকৰাৰ বাবে লাভলীনা বৰগোহাঁইক অভিনন্দন জনাইছোঁ। প্রধানমন্ত্রীয়ে কয় যে লাভলীনাৰ ক্ৰীড়া যাত্ৰাই উল্লেখযোগ্য সংকল্প আৰু উৎকৃষ্টতা প্রতিফলন কৰে। প্রধানমন্ত্রীয়ে মোদীয়ে লাভলীনা বৰগোহাঁইক তেওঁৰ ভৱিষ্যতৰ প্রচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এটা পোষ্টত লিখে লাভলীনা বৰগোহাঁয়ে অতি সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিলে। এছিয়ান গেমছত মহিলাৰ ৭৫ কেজিত ৫-০ৰ ব্যৱধানত জয়লাভ কৰি স্বৰ্ণ পদক জয় কৰাৰ বাবে লাভলীনাক অভিনন্দন জনাইছোঁ। ইফালে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এছিয়ান গেমছৰ বক্সিঙৰ ৭৫ কেজি শাখাত স্বর্ণ জয়ৰে দেশ তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে লাভলীনা বৰগোহাঁইক শুভেচ্ছা জনায়।লাভলীনাৰ সৈতে টেলিফোনিক বার্তালাপত মিলিত হয় মুখ্যমন্ত্রী। এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়- ফোনযোগে লাভলীনাৰ লগত কথা পাতিছিলোঁ। তায়ো আনন্দত আছে, অসমবাসীও আনন্দত আছে। জন্মদিনৰ দিনাই এছিয়ান গেমছত পদক পালে লাভলীনাই। একেলেথাৰিয়ে এছিয়ান গেমছত বক্সিঙত পদক পোৱা মই ভাবোঁ লাভলীনা প্রথম ভাৰতীয় হ’ব। সামাজিক মাধ্যমযোগে লাভলীনা বৰগোহাঁইৰ এনে সাফল্যক লৈ মুখ্যমন্ত্রীয়ে লিখিলে- গ’ল্ডেন গার্ল লাভলীনা। আত্মবিশ্বাস, অটুট মনোবল আৰু দৃঢ় সংকল্পৰে দেশৰ বাবে আজি বক্সিঙত ৭৫ কেজি শাখাত এছিয়ান গেমছৰ স্বৰ্ণ জয় কৰি আকৌ এবাৰ ভাৰতৰ ত্ৰিৰংগা বিশ্ব মঞ্চত গৌৰৱেৰে উৰুৱালে আমাৰ অসম কন্যা লাভলীনা বৰগোহাঁয়ে। জন্মদিনৰ দিনা দেশৰ বাবে সোণৰ পদক জয় কৰাতকৈ আনন্দদায়ক আন কি হ’ব পাৰে। লাভলীনা, তোমাৰ এই জয়ত আমি অসম গৌৰৱান্বিত, ভাৰত গৌৰৱান্বিত। তোমাৰ এই গৌৰৱময় বিজয়ৰ বাবে হিয়াভৰা অভিনন্দন। এই বিজয় ভাৰতীয় বক্সিঙত ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব।
