ব’হাগ বিহু: ঐতিহ্যৰ মাধুৰ্য আৰু আধুনিকতাৰ স্পৰ্শ – উৰিশ্মা নাথ

Pc Assam Times

ব’হাগ বিহু: ঐতিহ্যৰ মাধুৰ্য আৰু আধুনিকতাৰ স্পৰ্শ

 উৰিশ্মা নাথ
গৰুখুটি ,দৰং

“ব’হাগ মাথোঁ এটি ঋতু নহয়,
নহয় ব’হাগ এটি মাহ,
অসমীয়া জাতিৰ
ই আয়ুস ৰেখা!
গণ জীৱনৰ ই সাহ।”

অসমৰ আকাশ-বতাহত, মাটিৰ গোন্ধত আৰু মানুহৰ হৃদয়ত গভীৰভাৱে শিপাই থকা এক অমূল্য সম্পদ হ’ল বিহু। ই কেৱল এটা উৎসৱ নহয়, বৰং অসমীয়া জাতিৰ আত্মা, সংস্কৃতি আৰু পৰিচয়ৰ এক উজ্জ্বল প্ৰতিফলন। বিহুৰ বিৱৰ্তনৰ মাজেৰেই অসমীয়া সমাজৰ উৎপত্তি, বিকাশ আৰু ঐতিহ্যৰ সুন্দৰ কাহিনী লুকাই আছে। মানুহে যেতিয়া কৃষিক জীৱনৰ মূল আধাৰ হিচাপে গ্ৰহণ কৰিলে, তেতিয়াই খেতি চপোৱাৰ সময়ত আনন্দ প্ৰকাশৰ প্ৰৱণতা আৰম্ভ হ’ল। এই আনন্দই ক্ৰমে সমূহীয়া ৰূপ ল’লে আৰু এক পৰম্পৰাগত ৰীতিত পৰিণত হৈ কালক্ৰমত বিহু উৎসৱৰ ৰূপ ধাৰণ কৰিলে। ঐতিহাসিকভাৱে লক্ষ্য কৰিলে দেখা যায় যে অসমত কৃষিকেন্দ্ৰিক জীৱনধাৰাৰ সূচনা অষ্ট্ৰ-এচিয়াটিক, তিব্বত-বৰ্মীয় আৰু মংগোলীয় নৃতাত্ত্বিক গোষ্ঠীৰ মাজতে হৈছিল; সেয়েহে বিহুৰ মূল শিপা এইসকল জনগোষ্ঠীৰ মাজতেই নিহিত। বিশেষকৈ বসন্তৰ আগমনত উদযাপন কৰা ব’হাগ বিহু বা ৰঙালী বিহু অসমৰ আটাইতকৈ প্ৰাণময় উৎসৱ। প্ৰকৃতিয়ে যেতিয়া নতুন ৰূপেৰে সজীৱ হৈ উঠে, গছ-গছনিত ফুল-ফলেৰে ডাল ভৰি পৰে, তেতিয়া মানুহৰ মনো একেধৰণৰ আনন্দ আৰু উল্লাসেৰে বিৰাজমান হয়। এই উৎসৱ যৌৱনৰ, প্ৰেমৰ আৰু জীৱনৰ উৎসৱ। ডেকা-গাভৰুৱে বিহু নৃত্য-গীতৰ মাজেৰে নিজৰ অনুভূতি প্ৰকাশ কৰে আৰু সামাজিক বন্ধন সুদৃঢ় কৰে।

ৰঙালী বিহুৰ সৈতে কৃষি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। মানুহে বিশ্বাস কৰে যে যৌৱন আৰু উৰ্বৰতাৰ মাজত এক গভীৰ সম্পৰ্ক বিদ্যমান। সেয়েহে খেতি আৰম্ভ কৰাৰ আগতে এই উৎসৱ উদযাপন কৰি মানুহে প্ৰকৃতিৰ কৃপা লাভৰ কামনা কৰে। চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি ব’হাগৰ ছয় তাৰিখলৈ সাত দিন ধৰি এই বিহু উদযাপন কৰা হয়। প্ৰত্যেক দিনৰ বিহুৰে সুকীয়া নাম আছে। ইয়াক “সাত বিহু” বুলি জনা যায়। চ’তৰ দোমাহীৰ দিনা গৰুৰ বিহুৰে আৰম্ভ হৈ ক্ৰমে মানুহ বিহু, গোসাঁই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বা চেনেহী বিহু আৰু শেষৰ দিনা চেৰা বিহুৰে ব’হাগ বিহুৰ সামৰণি মৰা হয়। প্ৰতিটো দিনৰ প্ৰতিটো বিহুৰেই নিজা সাংস্কৃতিক আৰু সামাজিক তাৎপৰ্য আছে।

ৰঙালী বিহুৰ এটা অন্যতম বৈশিষ্ট্য হ’ল হুঁচৰি গোৱা। হুঁচৰি হ’ল অসমীয়া লোকসাহিত্যৰ অমূল্য সম্পদ। এই গীত ডেকা-বুঢ়া-ল’ৰা সকলোৱে মিলি গায়। ইয়াত গাভৰুৰ স্থান নাই। ব’হাগ বিহুত গাঁৱৰ ৰাইজে ঢোল, তাল আদি লৈ প্ৰত্যেক মানুহৰ ঘৰে ঘৰে সামুহিকভাৱে হুঁচৰি গীত গায়। হুঁচৰি গীত গাওঁতে বয়স্কসকলে চোলা-চুৰিয়া পিন্ধাৰ লগতে গাত চেলেং মেৰিয়াই লয়। হুঁচৰিৰ প্ৰধান ভাগ দুটা – হুঁচৰি কীৰ্তন আৰু বিহুনাম। হুঁচৰি কীৰ্তন হ’ল আধ্যাত্মিক ভাৱসম্পন্ন আৰু বিহুনাম হ’ল অশ্লীলতাহীন স্বাভাৱিক আনন্দ – উত্তেজনা আৰু নৈসৰ্গিক সৌন্দৰ্য্যৰ প্ৰকাশ। ইয়াৰ জৰিয়তে সমাজত ভ্ৰাতৃত্ববোধ, ঐক্য আৰু সৌহাৰ্দ্যৰ সৃষ্টি হয়। গৃহস্থই তেওঁলোকক টকা বা চাউল আদি দান কৰে। এই পৰম্পৰাই অসমীয়া সংস্কৃতিৰ সমূহীয়া চেতনাৰ এক সুন্দৰ প্ৰতিফলন।

তাৰোপৰি “জেং বিহু” ব’হাগ বিহুৰ এটা অত্যন্ত মনোমোহা আৰু গুৰুত্বপূর্ণ অঙ্গ,যি বিশেষকৈ মহিলাসকলে উদযাপন কৰে। মহিলাৰ দ্বাৰা পৰিবেশিত এই বিহুৰ পুৰণি নাম হৈছে গাভৰু বিহু বা গছৰ তলৰ বিহু। “চেনেহী বিহু” বা “মাইকী বিহু” বুলিও জনা যায়। ই মহিলাসকলৰ মনৰ আনন্দ আৰু দুখ-বেদনা প্ৰকাশৰ মাধ্যম। “জেং” শব্দৰ অৰ্থ হৈছে প্ৰতিবন্ধকতা অৰ্থাৎ তাত পুৰুষৰ প্ৰবেশ নিষেধ। ঢোল, পেঁপা,তাল, বাঁহী আদি কোনো বাদ্যৰ ইয়াত প্ৰয়োজন নাই। গাভৰুসকলে বৃত্তাকাৰে ঘূৰি ঘূৰি গীতৰ চেঁৱে চেঁৱে টকা, সুতুলী আৰু গগণা বজাই বজাই বিহু নাচে। দুগৰাকী মানে বৃত্তৰ মাজৰ অংশত নাচে। জেং বিহুৰ নাচনীৰ নাচোন ভঙ্গীতো স্বকীয়তা বিদ্যমান। ইয়াৰ নাচোন শৈলী মুকলি বিহুৰ নাচৰ দৰে যৌনগন্ধী নহয়। জেং বিহুৰ নাচনীৰ নাচোন প্ৰাণ চঞ্চলতাৰে ভৰপূৰ। নাচনীৰ নৃত্যৰ ভৰত পৃথিৱী উৰ্বৰা হয় বুলি প্ৰবাদ আছে। জেং বিহুৰ বাবে গাঁওখনৰ জীয়ৰী-বোৱাৰী সকলোৱে মিলি এটি দল গঠন কৰি প্ৰায় এমাহমান আগৰে পৰাই গাঁওখনৰ কোনো মুকলি ঠাই, পথাৰ বা গছৰ তলত সমবেত হয় আখৰা কৰা দেখা। এই বিহুত গাভৰুৱে এক চক্ৰ বা বৃত্ত আকাৰে থিয় হৈ নৃত্য কৰে বাবে ইয়াক “জেং বিহু” বুলি কোৱা হয়। পূৰ্বতে এই বিহুত পুৰুষসকলৰ প্ৰৱেশ সীমিত আছিল, যাৰ ফলত ই একেবাৰে নাৰী-কেন্দ্ৰিক সাংস্কৃতিক পৰিৱেশ হিচাপে পৰিগণিত হৈছিল। জেং বিহু কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়; ই নাৰীসকলৰ স্বতঃস্ফূৰ্ত প্ৰকাশৰ এক মঞ্চ। ইয়াৰ জৰিয়তে তেওঁলোকে নিজৰ অনুভূতি, আশা-আকাংক্ষা আৰু জীৱনৰ বিভিন্ন দিশ সুৰ-তালৰ মাজেৰে প্ৰকাশ কৰে। লগতে এই বিহুত শৃংখলা, সহযোগিতা আৰু সমূহীয়া চেতনাৰো বিকাশ ঘটে। আধুনিক যুগত এই জেং বিহুৰ ৰূপ কিছু পৰিৱৰ্তিত হৈছে যদিও, ইয়াৰ মূল সত্তা এতিয়াও অক্ষুণ্ণ আছে।বৰ্তমান ইয়াক মঞ্চত প্ৰদৰ্শন কৰা হয়, প্ৰতিযোগিতাতো অন্তৰ্ভুক্ত কৰা হয়, কিন্তু গাঁৱৰ পৰিৱেশত উদযাপিত সৰল আৰু প্ৰাকৃতিক ৰূপটো আজিও সৰ্বাধিক আকৰ্ষণীয়। সেয়েহে ক’ব পাৰি, জেং বিহু হৈছে অসমীয়া নাৰী সংস্কৃতিৰ এক উজ্জ্বল প্ৰতিফলন, যিয়ে ব’হাগ বিহুক আৰু অধিক বৈচিত্ৰ্যময় আৰু সমৃদ্ধ কৰি তোলে।

কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে ব’হাগ বিহুৰ ৰূপো কিছু পৰিৱৰ্তন হোৱা দেখা গৈছে। আধুনিক যুগত এই উৎসৱ অধিক জাকজমক আৰু প্ৰদৰ্শনমুখী হৈ উঠিছে। বৰ্তমান বিহু মানে মঞ্চ, লাইট, কেমেৰা আৰু প্ৰতিযোগিতাৰ বৃহৎ পৰিসৰ। চহৰসমূহত বৃহৎ মঞ্চ, সংগীতানুষ্ঠান আৰু প্ৰতিযোগিতাৰ জৰিয়তে বিহুক নতুন ৰূপত উপস্থাপন কৰা হৈছে। পৰম্পৰাগত বিহুৱানৰ লগতে আধুনিক ফেশ্বনৰ মিশ্ৰণ ঘটিছে।

পৰম্পৰাগত ঢোল-পেঁপাৰ ঠাইত আধুনিক বাদ্যযন্ত্ৰৰ ব্যৱহাৰ হোৱা দেখা গৈছে। মহানগৰীত বহু দিনীয়াকৈ সাংস্কৃতিক অনুষ্ঠান, আলোকসজ্জা আৰু ব্যৱসায়িক দৃষ্টিভংগীৰে বিহু উদযাপন কৰিবলৈ ধৰিছে। আকৌ টেলিভিছন আৰু সামাজিক মাধ্যমৰ প্ৰভাৱত বিহু আজি বিশ্বমঞ্চতো পৰিচিত হৈছে। এই পৰিৱৰ্তনে ৰঙালী বিহুক জনপ্ৰিয়তা প্ৰদান কৰিছে, কিন্তু ইয়াৰ সৰলতা আৰু মৌলিক সৌন্দৰ্য্য কিছু পৰিমাণে ক্ষীণ কৰিছে। এই পৰিস্থিতিত আমাৰ আগত গুৰুত্বপূৰ্ণ প্ৰশ্ন উঠে যে, “আমি আমাৰ ঐতিহ্য সঠিকভাৱে সংৰক্ষণ কৰি আছোঁ নে?” যদি এই বিহু কেৱল বাহ্যিক আড়ম্বৰ আৰু বিনোদনৰ মাজতেই সীমাবদ্ধ হৈ পৰে, তেন্তে ইয়াৰ অন্তৰ্নিহিত মূল্যবোধ হেৰাই যাব পাৰে সেইবাবে আধুনিকতাৰ সৈতে খাপ খুৱাইও আমি বিহুৰ মূল আদৰ্শসমূহ সমন্বয়, সৰলতা, প্ৰকৃতিৰ প্ৰতি সন্মান আৰু সামাজিক ঐক্য অবিকৃত ৰাখিব লাগিব। আমাৰ দায়িত্ব হৈছে অতীতৰ ঐতিহ্য আৰু বৰ্তমানৰ আধুনিকতাৰ মাজত এক সুন্দৰ সমন্বয় স্থাপন কৰা। গাঁৱৰ সৰলতা আৰু চহৰৰ উন্নত চিন্তাধাৰাৰ সংমিশ্ৰণেই বিহুক অধিক অৰ্থবহ আৰু জীৱন্ত কৰি ৰাখিব পাৰে।

সৰ্বশেষত ক’ব পাৰি যে, ব’হাগ বিহু বা ৰঙালী বিহু আমাৰ অস্তিত্বৰ গৌৰৱময় প্ৰতীক। এই অমূল্য সম্পদক সংৰক্ষণ আৰু উন্নত কৰা আমাৰ সকলোৰে প্ৰধান দায়িত্ব আৰু কৰ্তব্য। যাতে আগন্তুক প্ৰজন্মই ইয়াৰ মাৰ্ধুয্য আৰু মহিমা অনুভৱ কৰিব পাৰে। ঐতিহ্যক সাৱটি ধৰি আধুনিকতাৰ সৈতে খোজ মিলাই আগবঢ়া এই ব’হাগ বিহু বা ৰঙালী বিহু অসমীয়া জাতিৰ পৰিচয় আৰু একতাৰ প্ৰতীক হিচাপে সদায় জিলিকি থাকিব।