বন ধ্বংসৰ পৰিণতিত খাদ্যৰ সন্ধানত জনাঞ্চললৈ বন্যপ্রাণীসমূহ

Pc- Time8

বন ধ্বংসৰ পৰিণতিত খাদ্যৰ সন্ধানত জনাঞ্চললৈ বন্যপ্রাণীসমূহ

ৰঙিলী বাৰ্ত্তাসেৱা- মালিগাঁৱৰ আদিংগিৰি পাহাৰৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা নাহৰফুটুকী প্রত্যক্ষ কৰি অঞ্চলটোৰ বাসিন্দাসকলে আতংকত দিন কটাবলগীয়া হৈছে। আদিংগিৰি পাহাৰৰ পৰা নামি অহা এটা নাহৰফুটুকীয়ে গণেশপাৰাৰ বাথৌ মন্দিৰত মুক্তভাৱে বিচৰণ কৰি থকা প্রত্যক্ষ কৰি অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰে। গণেশপাৰাৰ ৰাইজে শীঘ্ৰে অঞ্চলটোত মুক্ত বিচৰণ কৰি থকা নাহৰফুটুকীটোক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগক আহ্বান জনাইছে। বন ধ্বংসৰ পৰিণতিত খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছে বন্যপ্রাণীসমূহ।