ত্ৰৈৰাশিক- চাৰু বৰুৱা

Pc- 123RF

ত্ৰৈৰাশিক

দুবছৰ আগতে কিনা বাইছ হাজাৰ টকীয়া হেণ্ডচেটটোত নতুন চিমখন লগাই শুভমে প্ৰথম বাৰ্তাটি লিখিলে ৰজনীগন্ধালৈঃ এইটো নম্বৰ কেৱল তোমাৰ বাবে ৰ’জ । নতুন হেণ্ডচেট এটা লৈছোঁ‌ । আগৰ চিম দুখন তাতে লগাই লৈছোঁ । এই নম্বৰটো পুৰণা চেটটোত থাকিব । ইয়াতে । ঘৰলৈ নিনিওঁ । এইটো তোমাৰ বাবে মোৰ উপহাৰ । তুমি লিখিবা । যি মন যায় , যিমান মন যায় লিখিবা । মই প্ৰাণ ভৰি পঢ়ি যাম । মাই চুইটহাৰ্ট ৰ’জ , আগৰ নম্বৰকেইটা ডিলিট কৰিবা । সাৱধান হ’বা , কোনেও যাতে গম নাপায় এইটো নম্বৰৰ কথা । এয়া আমাৰ পৃথিৱী —- ৰ’জ আৰু শুভমৰ ।আলমাৰিৰ এচুকত ফোনটো থৈ স্বস্তিৰ নিশ্বাস এৰি শুভম ওলাই গ’ল গৰ্বিত গতিৰে । ভালেমান দিনৰ মূৰত আজি সি গাঁৱলৈ যাব নিৰ্ভয়ে , নিংসংকোচে । গাঁৱৰ ঘৰত ৰৈ আছে ৰাগিনী । তাৰ নতুন জীৱনলৈ নতুন সুৰ বোৱাই অনা ৰাগিনী । ৰাগিনীৰ সৈতে নিষ্কণ্টক সময় কটাবলৈ ৰ’জৰ মুখত বাইছ হাজাৰ টকীয়া সোপা দিবলৈ তাৰ অকণো অপৰাধবোধ নহ’ল । নহ’ল বেজাৰবোধ । মুক্ত মনেৰে গাঁৱৰ ঘৰলৈ উৰা মাৰিলে শুভম ।

চাৰু বৰুৱা