বতাহঘূলিত গণেশ পূজাৰ আয়োজন

p.c. freepress journal

বতাহঘূলিত গণেশ পূজাৰ আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা- অইন বছৰৰ দৰে এইবেলিও বৃহত্তৰ বতাহঘূলি গণেশ মন্দিৰ প্ৰাংগণত ক’ভিড বিধি মানি  শ্ৰীশ্ৰী গণেশ পূজা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে৷কাৰ্যসূচী অনুসৰি ৩ ফেব্ৰুৱাৰীত পুৱা ১০ বজাত পতাকা উত্তোলন কৰিব গণেশ মন্দিৰ সমিতিৰ সভাপতি ৰণজিৎ কুমাৰ বায়নে,১১ বজাত মন্দিৰ প্ৰাংগণত চাফাই অভিযান অনুষ্ঠিত হ’ব৷৪ ফেব্ৰুৱাৰীত পুৱা ৬ বজাত দৰ্শনাৰ্থীৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব,পুৱা ৯ বজাত পূজা আৰম্ভ,১২:৩০ বজাত পুষ্পাঞ্জলিৰে সামৰণি মৰা হ’ব৷