ফ্ৰান্সত ‘ভাৰত ইন’ভেটছ-২০২৬’মুকলি কৰিলে প্রধানমন্ত্ৰী মোদী-মেক্ৰনে

Pc Deccan Herald

ফ্ৰান্সত ‘ভাৰত ইন’ভেটছ-২০২৬’মুকলি কৰিলে প্রধানমন্ত্ৰী মোদী-মেক্ৰনে

ৰঙিলী বাৰ্ত্তাসেৱা- বিদেশ ভ্ৰমণৰ কাৰ্যসূচী লৈ ফ্ৰান্সত উপস্থিত হোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেওবাৰে দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে উষ্ম আদৰণি জনায় । দ্বিপাক্ষিক যোগাযোগ আৰু ‘ভাৰত ইনোভেটছ’ অনুষ্ঠানৰ যৌথ উদ্বোধনীৰ পূৰ্বে দুয়োগৰাকী নেতাই সৌহাৰ্দমূলক অভিবাদন জনায় । ইয়াৰ কিছু সময়ৰ পাছতে ফ্ৰান্সৰ নাইচৰ ‘পালে ডে’ এক্সপজিচনত’ ৰাষ্ট্ৰপতি এমানুৱেল মেক্ৰনৰ সৈতে ‘ভাৰত ইনোভেটছ’ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এয়া হৈছে ভাৰত, ফ্ৰান্স আৰু অন্যান্য দেশৰ আগশাৰীৰ ষ্টাৰ্টআপ আৰু ভেঞ্চাৰ কেপিটেল ফাণ্ডসমূহক একত্ৰিত কৰা এক বৃহৎ বিশ্বব্যাপী অনুষ্ঠান । তিনিদিনীয়াকৈ অনুষ্ঠিত এই অনুষ্ঠানত ভাৰতৰ ডীপ-টেক, ষ্টার্টআপ, উদ্ভাৱক, গৱেষক আৰু বিনিয়োগকাৰীসকলক গোলকীয় উদ্ভাৱন পুঁজি আৰু বিশ্ব নেটৱৰ্কৰ সৈতে একত্ৰিত কৰিছে। এই অনুষ্ঠানে বিশ্বৰ মঞ্চত ভাৰতৰ অগ্ৰণী প্রযুক্তি প্ৰদৰ্শন কৰিছে, য’ত বিশ্বৰ গুৰুত্বপূৰ্ণ এৰোটা গুৰুতৰ প্ৰযুক্তিগত স্তম্ভৰ আধাৰত ১২০টা যুগান্তকাৰী ষ্টার্টআপ আৰু ২০টাতকৈ অধিক উৎকৃষ্টমানৰ প্ৰতিষ্ঠানক উপস্থাপন কৰা হৈছে। সমগ্ৰ বিশ্বৰ ৩৫০তকৈ অধিক আগশাৰীৰ বিনিয়োগকাৰী আৰু অংশীদাৰীৰ ব্যৱসায়ীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্রধানমন্ত্রীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰপতি মেক্ৰনক ধন্যবাদ জ্ঞাপন কৰি কয় যে গোলকীয় প্রত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰত আৰু ফ্রান্স দুয়োখন দেশে সদায় এক নিষ্ঠাৱান সহযোগী হিচাপে কাম কৰি আহিছে। বিশ্বৰ বুকুত বিশ্বগুৰু ভাৰতৰ শক্তিশালী ছবি দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘ভাৰত এতিয়া কেৱল বিশাল বজাৰ বা উপভোক্তা হৈ থকা নাই বৰঞ্চ বিশ্বৰ জটিল সমস্যাসমূহৰ সমাধানকাৰী দেশ হিচাপে আত্মপ্রকাশ হৈছে। তেওঁ লগতে কয়, বিগত ১২ বছৰত ভাৰতত এনে এক পৰিৱেশৰ সৃষ্টি হৈছে যাৰ ফলত ভাৰতত উদ্ভাৱনৰ গতি অস্বাভাৱিকভারে বৃদ্ধি পাইছে। ভাৰতৰ যুৱপ্ৰজন্মই এতিয়া মানৱ জাতিৰ কল্যাণৰ কথা চিন্তা কৰে। বৰ্তমানৰ ভাৰতে অতি দ্রুতগতিত উদ্ভাৱন কৰিছে, যিটো সমগ্ৰ বিশ্বৰ সুস্থ জীৱন যাপনৰ বাবে অত্যন্ত জৰুৰী। প্ৰসংগক্রমে তেওঁ ভাৰত-ফ্ৰান্সৰ যৌথ পদক্ষেপ যেনে- আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ লগতে কৃত্রিম বুদ্ধিমত্তা আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত সুস্থিৰতা আৰু নিৰাপত্তা বৃদ্ধিৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ আলোকপাত কৰে। বৰ্তমান চলি থকা ভাৰত-ফ্রান্স উদ্ভাৱন বৰ্ষ উদ্যাপনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্ব কল্যাণৰ বাবে কাম কৰাৰ ক্ষেত্ৰত দুয়োখন দেশৰ যৌথ সংকল্পৰ আন এক অন্যতম মাইলৰ খুঁটি হিচাপে ভাৰত ইন’ভেটছ। ভাৰতত সূচনা হোৱা ষ্টার্টআপ বিপ্লৱৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে গ্ৰামোন্নয়নৰ বাবে এআই উপগ্রহ প্রযুক্তি, বহনক্ষম জীৱন ধাৰণৰ বাবে উন্নত উৎপাদন আৰু স্বচ্ছ উন্নয়নৰ বাবে গ্রীন হাইড্র’জেন, বেটাৰী প্ৰযুক্তি তথা বৈদ্যুতিক বাহনৰ পৰিৱৰ্তনকাৰী সম্ভাৱনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ডিজিটেল যুগত চলি থকা প্রযুক্তিগত বিপ্লৱে মানৱ জাতিৰ বাবে নতুন সুযোগৰ প্রতিশ্রুতি কঢ়িয়াই আনিছে। এই প্ৰসংগত তেওঁ ভাৰত ইন’ভেটছত সমৱেত হোৱা উদ্ভাৱক বিনিয়োগকাৰী আৰু উদ্যোগীসকলক বিশ্বাসযোগ্য, সমাৱেশী আৰু মানৱকেন্দ্রিক প্রযুক্তি বিকশিত কৰিবলৈ আহ্বান জনায়। প্রধানমন্ত্রীয়ে কয় যে স্টার্টআপসমূহ কেৱল সেইবোৰৰ বজাৰ মূল্যৰ দ্বাৰা জুখিব নালাগে। বৰঞ্চ মানৱ জাতিৰ ওপৰত সেইবোৰে পেলোৱা প্ৰভাৱৰ দ্বাৰাও জুখিব লাগে। এইটোৱে ভাৰত ইন’ভেটছৰ মূল বাৰ্তা বুলি উল্লেখ কৰি তেওঁ উপস্থিত ৰাইজক গোলকীয় উদ্ভাৱনৰ দ্বাৰা পৰৱৰ্তী অধ্যায় যুটীয়াভাৱে ৰচনা কৰিবলৈ ভাৰতৰ সৈতে হাত মিলোৱাৰ আহ্বান জনায়। প্রধানমন্ত্রীয়ে কোৱান্টাম কম্পিউটিং, অৰ্থপৰিবাহী, জৈৱ প্ৰযুক্তি, প্ৰতিৰক্ষা মহাকাশ, মেড টেক, স্বাস্থ্যসেৱা, উন্নত সামগ্রী, স্বচ্ছ শক্তি আৰু অন্যান্য অগ্ৰণী খণ্ডৰ ষ্টার্টআপসকলৰ সৈতেও মত বিনিয়োগ কৰে। অনুষ্ঠানত অংশগ্ৰহণকাৰী ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ভাৰতৰ অভূতপূর্ব প্রযুক্তিগত উত্থানৰ ভূয়সী প্রশংসা কৰে। ভাৰতৰ ঐতিহাসিক চন্দ্ৰযান-৩ৰ সফলতাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতি মেক্রনে কয়, উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতে এতিয়া সমগ্র বিশ্বক নেতৃত্ব দিছে। তেওঁ লগতে ভাৰত-ফ্ৰান্সৰ মাজত থকা দ্বিপাক্ষিক সহযোগিতাৰ কথাও উল্লেখ কৰে।