ফিফা বিশ্বকাপৰ নকআউটত প্ৰৱেশ মেক্সিকোৰ

Pc India Today

ফিফা বিশ্বকাপৰ নকআউটত প্ৰৱেশ মেক্সিকোৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  আয়োজক দল মেক্সিকোৱে চলিত বিশ্বকাপত প্রথমটো দল হিচাপে নকআউটত স্থান প্ৰৱেশ কৰিছে। গুয়াডালাজাৰাত অনুষ্ঠিত গ্রুপ এৰ মেচখনত ঘৰুৱা দল মেক্সিকোৱে দক্ষিণ কোৰিয়াক ১-০ গ’লত পৰাস্ত কৰি সম্পূৰ্ণ পইন্ট অৰ্জন কৰি প্রতিযোগিতাখনৰ নকআউটতো স্থান সুৰক্ষিত কৰে। গ্রুপ এত মেক্সিকোৰ এয়া আছিল ক্রমাগত দ্বিতীয় জয়। দলটোৱে এতিয়ালৈকে দুখন মেচ খেলি দুয়োখনতে বিজয় সাব্যস্ত কৰি মুঠ ৬ পইণ্টেৰে গ্ৰুপ এৰ পইন্ট তালিকাৰ শীর্ষস্থানটো অক্ষুণ্ণ ৰাখিছে।  ২০২২ চনৰ বিশ্বকাপতো মেক্সিকোৱে অংশগ্ৰহণ কৰিছিল যদিও গ্রুপ পৰ্যায়ৰ পৰা বিদায় মাগিছিল। শুকুৰবাৰৰ মেচখনত মেক্সিকোৰ জয়ৰ মূলতেই হ’ল লুইছ ৰোমোৰ দৰ্শনীয় গ’ল। উত্তেজনাপূর্ণ খেলখনৰ প্ৰথমার্ধ গ’লশূন্যভাৱে সমাপ্ত হয়। প্রথমার্ধত দুয়োটা দলে গ’ল কৰাৰ বাবে আপ্রাণ চেষ্টা চলায় যদিও সফলতাৰ মুখ নেদেখিলে। অৱশ্যে দ্বিতীয়ার্ধত মেক্সিকোৱে ঘৰুৱা দৰ্শকৰ সমৰ্থনত অধিক উজ্জীৱিত খেল দাঙি ধৰে। গ’লৰ সন্ধানত থকা দলটোরে ৫০ মিনিটত বৃহৎ সফলতাটোৰ মুখ দেখে। গ’লৰক্ষক কিম চেউন-গু্যৰৰ ভুলৰ বাবেই দক্ষিণ কোৰিয়াই মেচখনত পৰাজয়ৰ গ্লানি সহিবলগীয়া হয়। দক্ষিণ কোৰিয়াৰ গ’লৰক্ষকগৰাকীয়ে ডিফেণ্ডাৰ লী হি-হ্যকৰ সৈতে সংঘৰ্ষৰ ফলত বিপজ্জনক এলেকাত বলটো আয়ত্ত কৰাত ব্যর্থ হোৱাৰ সময়তে লুইছ ৰোমোৱে পোনে পোনে নেটলৈ ঠেলি দিয়ে। অৱশ্যে ৮৭ মিনিটত দক্ষিণ কোৰিয়াই গ’লটো পৰিশোধ কৰাৰ এক সুন্দৰ সুযোগ লাভ কৰিছিল। মেক্সিকোৰ গ’লৰক্ষক ৰাউল ৰেংগেলে দক্ষিণ কোৰিয়াৰ চ গুই-চাঙে হেড কৰি মাৰি পঠিওৱা বলটো আয়ত্ত কৰি দলটোক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিছিল। পৰৱৰ্তী সময়ত দক্ষিণ কোৰিয়াই গ’লটো পৰিশোধ কৰাৰ বাবে আন কেইবাটাও প্রচেষ্টা চলাইছিল যদিও সফলতাৰ মুখ নেদেখিলে। ফলত একেৰাহে দুখন মেচত বিজয় সাব্যস্ত কৰি নকআউটত স্থান সুৰক্ষিত কৰে মেক্সিকোৱে। গ্রুপ এত দক্ষিণ কোৰিয়াই দুখন মেচৰ পৰা তিনি পইন্ট সংগ্ৰহ কৰি দ্বিতীয় স্থানত আছে।