শ্বিলঙত বিত্তমন্ত্রী সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত আলোচনা-চক্রত মুখ্যমন্ত্রী ড° শৰ্মা

শ্বিলঙত বিত্তমন্ত্রী সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত আলোচনা-চক্রত মুখ্যমন্ত্রী ড° শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে শ্বিলঙত কেন্দ্ৰীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত ‘উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিকাশ আৰু উন্নয়নৰ বাবে বহিঃসাহায্যপ্রাপ্ত প্রকল্প (ইএপি) ব্যৱহাৰ’ শীৰ্ষক এক আলোচনা চক্ৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থকা এই আলোচনা চক্ৰখনত ভাৰত চৰকাৰৰ জৰিয়তে গোলকীয় উন্নয়ন সংস্থাসমূহৰ সহযোগিতাত ৰূপায়ণ কৰা বহিঃসাহায্যপ্রাপ্ত প্রকল্পসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত আৰ্থ-সামাজিক বিকাশ আৰু উন্নয়ন ত্বৰান্বিত কৰাত লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোচনা কৰা হয় ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, ‘প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত অভূতপূর্ব বিকাশ আৰু ৰূপান্তৰ সাধন হৈছে । স্বাস্থ্যসেৱা, শিক্ষা, জীৱিকা, আন্তঃগাঁথনি উন্নয়ন, পৰিৱেশ সংৰক্ষণ আৰু দক্ষতা বিকাশ আদি ক্ষেত্ৰত থকা উন্নয়নমূলক প্ৰত্যাহ্বানসমূহ সমাধানৰ ক্ষেত্ৰত বহিঃসাহায্যপ্রাপ্ত প্রকল্পসমূহে সুনির্দিষ্ট লক্ষ্য আৰু সু-সংগঠিত পদ্ধতিৰে এক গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই আহিছে । অসমে বহিঃসাহায্যপ্রাপ্ত প্রকল্পৰ সফল ৰূপায়ণৰ জৰিয়তে উদ্ভাৱনক উৎসাহিত কৰাৰ লগতে জনসাধাৰণলৈ উল্লেখনীয় সুফল আগবঢ়াবলৈ সক্ষম হৈছে । এই বৈঠকতে ভাষণত মুখ্যমন্ত্রী ড° শর্মাই দ্রুতগতিত আগবাঢ়ি যোৱা ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ কথা সদৰী কৰি মাত্র ৩.৫ বছৰৰ ভিতৰত নামনি কপিলী জলবিদ্যুৎ প্রকল্প সফলতাৰে সম্পূৰ্ণ কৰাৰ কথা উল্লেখ কৰে। লগতে মুখ্যমন্ত্ৰীয়ে কুমাৰ ভাস্কৰ বৰ্মা সেতু আৰু নির্মীয়মাণ ধুবুৰী-ফুলবাৰী সেতুৰ দৰে যুগান্তকাৰী প্রকল্পসমূহক ৰাজ্যখনৰ শক্তিশালী উন্নয়নৰ অন্যতম নিদর্শন হিচাপে উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে চতুৰ্দশ বিত্ত আয়োগৰ সময়ছোৱাত অসমে ৭,৫০০ কোটি টকাৰ ৯টা বৈদেশিক সাহায্যপ্রাপ্ত প্রকল্প (পিএপি) লাভ কৰিছিল বুলি উল্লেখ কৰাৰ লগতে পঞ্চদশ বিত্ত আয়োগৰ সময়ছোৱাত ৫৩,০০০ কোটি টকাৰ প্ৰকল্পৰ অনুমোদন লাভ কৰাৰ কথা উল্লেখ কৰে।   ভাষণত মুখ্যমন্ত্রী ড° শর্মাই কয়- বৰ্তমান অসমৰ বহিঃসাহায্যপ্রাপ্ত প্রকল্পসমূহৰ অধীনত প্রায় ৫৩,০০০ কোটি টকাৰ প্ৰকল্প ৰূপায়ণ হৈ আছে। বৃহৎ সেতু নির্মাণ, মথাউৰি শক্তিশালীকৰণ, স্বাস্থ্য আন্তঃগাঁথনি, বিদ্যুৎ সংবহন আৰু বিতৰণ ব্যৱস্থা, অত্যাধুনিক প্রযুক্তি আৰু ৰবটিক্স আদিকে ধৰি বহু গুৰুত্বপূৰ্ণ খণ্ডত এই পুঁজি বিনিয়োগ কৰা হৈছে। আর্থিক সহায়তাৰ উপৰি বহিঃসাহায্যপ্রাপ্ত প্রকল্পসমূহে চৰকাৰী ব্যৱস্থাপনাত উন্নত প্রকল্প পৰিচালনা কৌশল, গোলকীয় অভিজ্ঞতা আদি সংযোজন ঘটাই দক্ষতা, স্বচ্ছতা আৰু সেৱা প্ৰদানৰ মান উন্নত কৰিছে।

অনুষ্ঠানত মুখ্যমন্ত্রীয়ে অসম আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ হৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক বহিঃসাহায্যপ্রাপ্ত প্ৰকল্পৰ অধীনত ৰাজ্যসমূহক অধিক পৰিসৰত সুবিধা দিবলৈ আহ্বান জনায়। আজি আলোচনা-চক্রত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ উপস্থিতিত আৰু দিক্ নির্দেশনাৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মাই কৃতজ্ঞতা প্রকাশ কৰে। এই প্ৰসংগত তেওঁ কয়- উত্তৰ-পূবৰ মুখ্যমন্ত্ৰী আৰু অন্যান্য অংশীদাৰসকলৰ উপস্থিতিত অনুষ্ঠিত এই আলোচনা-চক্রই অভিজ্ঞতাৰ আদান-প্রদান, সমন্বিত পৰিকল্পনা আৰু আন্তঃৰাজ্যিক সহযোগিতা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক মূল্যৱান মঞ্চৰ ভূমিকা পালন কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ আৰু উত্তৰ-পূবৰ সকলো ৰাজ্যৰ নেতৃত্বই প্ৰদৰ্শন কৰা সমন্বিত দায়বদ্ধতাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূবক দেশৰ অৰ্থনৈতিক বিকাশৰ এক মুখ্য চালিকাশক্তি হিচাপে গঢ়ি তোলাৰ দৃঢ় সংকল্পক প্রতিফলন কৰিছে। এই অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, মিজোৰামৰ মুখ্যমন্ত্রী পি ইউ লালডুহোমা, নাগালেণ্ডৰ মুখ্যমন্ত্রী ড° নেইফিউ ৰিঅ’, ছিকিমৰ মুখ্যমন্ত্রী পি এছ গোলে, ত্ৰিপুৰাৰ মুখ্যমন্ত্রী ড° মাণিক সাহা, অসমৰ বিত্তমন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ উপৰি বিশ্ববেংকৰ দক্ষিণ এছিয়া মণ্ডলৰ উপাধ্যক্ষ জোহানেছ জুট, অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা, কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল, বহুপাক্ষিক উন্নয়ন সংস্থাসমূহৰ প্ৰতিনিধি আৰু উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিসকল উপস্থিত থাকে।