অ’এনজিচিৰ অসম বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰত আটাছুৰ অৱস্থান ধৰ্মঘট
ৰঙিলী বাৰ্ত্তাসেৱা- অ’এনজিচিৰ বিৰুদ্ধে শিৱসাগৰত প্রতিবাদ। অসম সম্পদক লৈ অ’এনজিচিৰ ধাৰাবাহিক বঞ্চনাৰ বিৰুদ্ধে শিৱসাগৰত সদৌ টাই আহোম ছাত্র সন্থা (আটাছু)-এ ৰূপায়ণ কৰে অৱস্থান ধর্মঘট কার্যসূচী। এই কার্যসূচীত অংশগ্ৰহণ কৰি আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে অসমৰ বুকুৰ পৰা খনন আৰু উৎপাদন চলাই অহা অ’এনজিচিয়ে হাজাৰ হাজাৰ কোটি টকা উপার্জন কৰাৰ পিছতো অসমীয়া লোকক চৰম প্ৰতাৰণা কৰি আহিছে। অ’এনজিচিত নিযুক্তি লাভ কৰিবলৈ অসমীয়া ছাত্র-ছাত্রীয়ে নিজকে উপযুক্ত কৰিবলৈ শৈক্ষিক দিশত দিন-ৰাতি একাকাৰ কৰিছে যদিও অ’এনজিচিৰ ইয়াৰ প্ৰতি কোনো গুৰুত্ব নাই। অ’এনজিচিয়ে নতুন নিযুক্তি প্রক্রিয়া সম্পূর্ণৰূপে বন্ধ কৰি অসমৰ শিক্ষিত যুৱক-যুৱতীসকলক চৰম বঞ্চনা কৰিছে। যোৱা প্রায় দুটা দশক ধৰি অ’এনজিচিয়ে নিযুক্তিৰ পৰা আদি কৰি অ’এনজিচিৰ বিভিন্ন ঠিকা-ঠুকলিত থলুৱা লোকক ধাৰাবাহিকভাৱে বঞ্চিত কৰিছে। বর্তমান অ’এনজিচিয়ে অতি চতুৰালিৰে অ’এনজিচিৰ অসম সম্পদৰ গুৰুত্বপূৰ্ণ কার্যালয়সমূহ ডেৰাড়ুনলৈ স্থানান্তৰিত কৰি আহিছে। এফালে দীর্ঘদিন ধৰি অ’এনজিচিত নতুন নিযুক্তি বন্ধ কৰি থোৱা বহুজাতিক কোম্পানীটোৱে অতি সংগোপনে বহিঃৰাজ্যতে নতুন নিযুক্তি দি পৰৱৰ্তী সময়ত অসম সম্পদ নাজিৰালৈ বদলি হৈ অহা দেখুৱাই আহিছে। প্রতিটো সময়তে অতি চক্রান্তৰে বহিঃৰাজ্যৰ প্রার্থীক অ’এনজিচিত নতুন নিযুক্তি দিয়াৰ ফলশ্রুতিত অসমীয়া মেধাসম্পন্ন শিক্ষিত যুৱক-যুৱতীসকল অ’এনজিচিত নিযুক্তি লাভ কৰাৰ পৰা বঞ্চিত হৈ পৰিছে বুলি সভাপতিগৰাকীয়েকয়। এসময়ত দহ হাজাৰ কৰ্মচাৰী থকা অ’এনজিচিত বৰ্তমানৰ কৰ্মচাৰীৰ সংখ্যা হ’ল কেৱল ১,৮০০। অ’এনজিচিয়ে ক’ব বিচাৰে যে তেওঁলোকে খনন আৰু উৎপাদনত লাভান্বিত হ’ব নোৱাৰাৰ বাবে নতুন নিযুক্তি দিব পৰা নাই। কিন্তু প্রশ্ন হ’ল- অ’এনজিচিয়ে যিবোৰ তৈলক্ষেত্র ব্যক্তিগত মাল্টি নেচনেল কোম্পানীক গতাই দিছে, তেওঁলোক কেনেকৈ লাভৱান হৈছে। ইয়েই স্পষ্ট কৰি দিছে যে অ’এনজিচিত সক্রিয় হৈ থকা অসম আৰু অসমীয়া বিৰোধী চক্ৰটোৰ এয়া এক চক্রান্ত বুলি কৈ ক্ষোভ উজাৰে। যিসমূহ তৈলক্ষেত্র ইতিমধ্যে অ’এনজিচিয়ে ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিছে, এইবিলাক তৈলক্ষেত্ৰত প্ৰচুৰ উৎপাদনৰ সম্ভাৱনা আছে। ন ন প্রযুক্তি থকাৰ পিছতো অ’এনজিচিৰ অসমবিৰোধী চক্ৰটোৱে অতি চতুৰালিৰে এই তৈলক্ষেত্রসমূহ মৃতপ্রায় বুলি ঘোষণা কৰি ব্যক্তিগত কোম্পানীসমূহক গতাই অসমক চূড়ান্তভাৱে প্ৰতাৰণা কৰিছে। আনকি অ’এনজিচিত সক্রিয় হৈ থকা অসমবিৰোধী চক্ৰটোৱে অ’এনজিচিৰ অসম সম্পদৰ চিকিৎসালয়কেইখনত নিয়োজিত হৈ থকা অসমীয়া অভিজ্ঞ চিকিৎসককেইজনক অসমৰ পৰা অন্য ৰাজ্যলৈ বদলি কৰিছে। বদলি হৈ যোৱা চিকিৎসকসকলৰ খালী হৈ থকা স্থানত আন ৰাজ্যৰ কিছুমান নতুন আৰু অনভিজ্ঞ চিকিৎসকক নিযুক্তি দিছে। ফলশ্রুতিত অসম সম্পদৰ অ’এনজিচিৰ চিকিৎসালয়কেইখনৰ চিকিৎসা সেৱা একে বাৰে নিম্নমানৰ হৈ পৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অ’এনজিচিৰ অসমবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ তেওঁ আহ্বান জনায়। অন্যথা অ’এনজিচিৰ বিৰুদ্ধে শিৱসাগৰত ব্যাপক আন্দোলন গঢ়ি তোলা হ’ব বুলি আটাছুৰ সভাপতিজনে হুংকাৰ দিয়ে। এই প্ৰতি বাদস্থলীৰ পৰাই আটাছুৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা মুখ্যমন্ত্রী ড° শৰ্মালৈ এখনি স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয়। আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈ, শিৱসাগৰ জিলা সমিতিৰ সভাপতি অখিল আহোম, যুটীয়া সম্পাদক দেৱজিৎ চাংমাই, মহিলা মঞ্চৰ সভানেত্রী ভিকিৰাণী মহন, কাৰ্যকৰী সভানেত্ৰী পৰী গগৈ, যুটীয়া সম্পাদিকা অংকিতা গগৈ আৰু বৰষা চাংমায়ে স্বাক্ষৰ কৰা স্মাৰক-পত্ৰখনত উল্লেখ কৰে যে ১৯৫৮ চনত ঐতিহাসিক শিৱসাগৰ নাজিৰাত অ’এনজিচিয়ে অসম বেছ স্থাপন কৰে। ১৯৫৯ চনৰ ৯ জুনত প্ৰথমবাৰৰ বাবে দিচাংমুখত অ’এনজিচিয়ে তেলৰ খাদ খন্দাৰ কাম আৰম্ভ কৰিছিল। কিন্তু দিচাংমুখৰ পৰা পোৱা ভূ-গর্ভস্থ তথ্যৰ ভিত্তিত ১৯৬০ চনৰ ডিচেম্বৰ মাহত অ’এনজিচিয়ে শিৱসাগৰৰ ৰূদ্রসাগৰত দ্বিতীয়টো খাদ খন্দাৰ কাম আৰম্ভ কৰে। সেই সময়ত প্রযুক্তি বিদ্যাৰে আগবাঢ়ি থকা ৰাছিয়াত তৈয়াৰী “URALMASH” ৰীগ ব্যৱহাৰ কৰি ১৯৬০ চনৰ ৭ডিচেম্বৰত ইয়াত সফলভাৱে তেলৰ সন্ধান লাভ কৰে। ভাৰতৰ বাণিজ্যিক ইতিহাসত সোণালী আখৰে নিজৰ নাম অংকিত কৰি ঐতিহাসিক শিৱসাগৰৰ ৰুদ্ৰসাগৰত ১৯৬৬ চনৰ ১২ মাৰ্চৰ পৰা বাণিজ্যিকভাৱে তেল উৎপাদনৰ কাম আৰম্ভ কৰে। অসম তথা শিৱসাগৰীয়া ৰাইজৰ জীৱনলৈ আশাৰ বতৰা কঢ়িয়াই আনি ক্রমে ৰুদ্ৰসাগৰ, লাকুৱা আৰু গেলেকী অইল ফিল্ডে নিৰন্তৰভাৱে তেলৰ উৎপাদন প্ৰক্ৰিয়াৰ কাম চলাই যাবলৈ ধৰে। সময় পাৰ হৈ যোৱাৰ লগে লগে অ’এনজিচিয়ে সমগ্র শিৱসাগৰ জিলাৰ লগতে সমগ্ৰ অসমৰ শিক্ষিত নিবনুৱাৰ কৰ্ম সংস্থাপনৰ বাট মুকলি কৰে। প্ৰায় দহ হাজাৰ স্থায়ী কৰ্মচাৰী আৰু বহু হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰীয়ে অ’এনজিচিয়ে নিজৰ উৎপানৰ কাম নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰাখিছিল। পৰিতাপৰ বিষয় এই যে ঐতিসাহিক শিৱসাগৰ জিলাৰ বুকুত অৱস্থিত মহাৰত্ন এই উদ্যোগটোৱে অসমৰ অৰ্থনীতি, স্বাভিমান আৰু থলুৱা যুৱক যুৱতীসকলৰ ভৱিষ্যতক আওকাণ কৰি জাতীয় দায়িত্বৰ পৰা আঁতৰি গ’ল। অ’এনজিচিৰ কিছুমান নীতি আৰু চক্রান্তমূলক সিদ্ধান্তৰ বাবে অসমৰ থলুৱা জনগণৰ অধিকাৰ ক্ৰমান্বয়ে খর্ব হ’বলৈ ধৰিছে। গতিকে আটাছুৰ স্পষ্ট দাবী, অ’এনজিচিয়ে থলুৱাবিদ্বেষী নীতি পৰিহাৰ কৰি নতুন নিযুক্তি দিব লাগিব। সমান্তৰালভাৱে কোনো কাৰণতে অ’এনজিচিৰ কোনো এটা কাৰ্যালয় শিৱসাগৰৰ পৰা স্থানান্তৰ কৰিব নোৱাৰিব। ইয়াৰ লগতে অ’এনজিচিৰ শিৱসাগৰত যি চিকিৎসা খণ্ড আছে তাক জনসাধাৰণৰ বাবে উন্নত আৰু সহজলভ্য কৰিব লাগিব। যেতিয়ালৈকে অ’এনজিচিয়ে এই দাবী সম্পূর্ণ নকৰে তেতিয়ালৈকে আটাছুৱে ৰাইজৰ সহযোগত অ’এনজিচিৰ বিৰুদ্ধে ব্যাপক আন্দোলন চলাই যাব বুলি স্মাৰক-পত্ৰখনত স্পষ্ট কৰি দিয়ে।
