জুবিন হত্যাৰ গোচৰ অভিনেতা ৰবি শৰ্মাৰ সাক্ষ্যদান

জুবিন হত্যাৰ গোচৰ অভিনেতা ৰবি শৰ্মাৰ সাক্ষ্যদান

ৰঙিলী বাৰ্ত্তাসেৱা-  শিল্পী জুবিন গাৰ্গ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত চলি আছে । যোৱা ৮ জুনৰ পৰা আৰম্ভ হোৱা বিচাৰ প্ৰক্ৰিয়াত ৯ দিন ধৰি চলি আছে এজাহাৰকাৰীৰ সাক্ষ্য গ্ৰহণ । আদালতত এতিয়ালৈকে ২৫জন সাক্ষীয়ে সাক্ষ্য প্রদান কৰিলে। শুকুৰবাৰে আদালতত সাক্ষ্য দিবলৈ উপস্থিত হয় শিল্পীগৰাকীৰ একালৰ অন্তৰংগ বন্ধু তথা অভিনেতা ৰবি শর্মা। পুৱাই আদালতত উপস্থিত হোৱা অভিনেতা শৰ্মাৰ সাক্ষ্য আধৰুৱা হ’ল।  বাকী অংশ আদালতে শনিবাৰে গ্ৰহণ কৰিব। আদালতত সাক্ষ্য প্ৰদান কৰি সংবাদ মাধ্যমৰ সন্মুখত অভিনেতা ৰবি শৰ্মাই কয়, যি ধৰণে ভাবিছিলোঁ তেনেদৰেই কথা কৈছোঁ । আমি দিয়া এজাহাৰখনৰ ওপৰত তেওঁলোকৰ যি প্ৰশ্ন আছিল সেয়া সুধিলে । প্ৰথমে শ্যামকানু মহন্তৰ উকীলে ক্ৰছ প্ৰশ্ন কৰিলে, তাৰ পাছত অমৃতপ্ৰভা মহন্তৰ উকীলে আৰম্ভ কৰিছিল । কিন্তু যিহেতু প্ৰমাণ বহুত আছে, যিবোৰ ইতিমধ্যে এছআইটিয়ে দাখিল কৰিছে তাত বহুত ফটোগ্ৰাফ আছে । সেই ফটোগ্ৰাফৰ ১১ টা পেজ যোৱাৰ পাছতে সময় শেষ হোৱাৰ বাবে বন্ধ কৰিবলগীয়া হ’ল । কাইলৈ পুনৰ জেৰা আৰম্ভ হ’ব । আনহাতে, আদালতত সাক্ষ্য প্ৰদান সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অভিনেতা ৰবি শৰ্মাই কয়, মই যিটো চিন্তাধাৰাৰে আহিছোঁ বা যিখিনি মূৰত লৈ আহিছোঁ সেইখিনিয়ে মই কৈছোঁ । আৱেগৰ ভিত্তিত যে এখন এজাহাৰ দিয়া নাই সেই কথা মই বাৰম্বাৰ কৈছোঁ । জুবিন গাৰ্গ নহয়, আচলতে আমি ন্যায় পাব লাগে । উল্লেখ্য যে আদালতত শিল্পীগৰাকীৰ ভগ্নী ড° পামী বৰঠাকুৰেও সাক্ষ্য প্ৰদানৰ বাবে হাজিৰ হোৱাৰ কথা আছিল যদিও শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ আদালতত উপস্থিত হ’বলৈ সক্ষম নহ’ল। আনহাতে, সিদ্ধার্থ শৰ্মাৰ মালিকানাধীন মহাবীৰ একুৱা সন্দৰ্ভত জনোৱা আবেদনৰ গোচৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতত উঠিছিল যদিও আদালতে গোচৰটো গ্ৰহণ নকৰি আন আদালতলৈ হস্তান্তৰ কৰে। আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত সিদ্ধার্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্রহণ কৰা হয়। আদালতে সিদ্ধার্থ শৰ্মাৰ অধিবক্তাৰ শুনানি লয় যদিও চৰকাৰী পক্ষৰ শুনানি গ্রহণ নকৰি অহা ২৩ জুনত পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰে।