” ফাকুৱা বা হোলী উৎসৱ “- হিমাদ্ৰী বৰকটকী

pc Youtube

” ফাকুৱা বা হোলী উৎসৱ “

ফাকুৱা বা হোলী উৎসৱ হৈছে এক সৰ্বভাৰতীয় ৰঙৰ উৎসৱ । এই উৎসৱ হ’ল এক আনন্দৰ প্ৰতিক। ফাকুৱা বা হোলী উৎসৱক “ফাকুৱা উৎসৱ,” “দৌল উৎসৱ” “বসন্ত উৎসৱ” আদিৰে বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায়।এই উৎসৱ হ’ল এক আনন্দৰ উৎসৱ।অসমতো এই উৎসৱ উদযাপন কৰা হয়। হোলী বা ফাকুৱা উৎসৱ ফাগুন মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়।হোলী বা ফাকুৱা উৎসৱৰ উৎপত্তি সম্পৰ্কে বিভিন্ন পৌৰাণিক আখ্যান উপাখ্যান প্ৰচলিত হৈ আহিছে । এই উৎসৱত শ্ৰীকৃষ্ণ আৰু ৰাধাৰ চিৰন্তন আৰু ঐশ্বৰিক প্ৰেম উদযাপন কৰা হয়। বৃন্দাবনত শ্ৰীকৃষ্ণই ৰাধা আৰু গোপীসকল ৰ লগত ৰঙৰ উৎসৱ ফাকুৱা বা হোলী খেলিছিল।
হোলী বা ফাকুৱাক “প্ৰেমৰ উৎসৱ” , “ৰঙৰ উৎসৱ” আৰু “বসন্তৰ উৎসৱ” বুলিও কোৱা হয়।
ফাকুৱা বা হোলী উৎসৱ সাধাৰণতে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। প্ৰথম দিনা মেষদাহ , দ্বিতীয় দিনা গোসাঁইৰ মূৰত ফাকু দিয়া আৰু তৃতীয় দিনা মানুহৰ ফাকু অৰ্থাৎ মানুহে ইজনে সিজনক ৰঙ ঘঁহা – ঘঁহি‌ কৰি খেলা খেলে। মেষদাহৰ দিনা বিভিন্ন ঠাইত হলীকা দাহন ও কৰা হয়।হলীকা হ’ল অসুৰৰ ৰজা হিৰণ্যকশিপুৰ ভনিয়েক। প্ৰহ্লাদ বিষ্ণুৰ ভক্ত আছিল কাৰনে ভনিয়েক হলীকাক হিৰণ্যকশিপুয়ে বধ কৰিবলৈ দিছিল । কিন্তু হলীকা নিজে নিজে ভষ্ম হ’ল প্ৰহ্লাদক ভষ্ম কৰিব নোৱাৰিলে । সেইকাৰণে হলীকা দাহন কৰা হয় বিভিন্ন ঠাইত মেষদাহৰ দিনা যাতে অপশক্তিৰ নাশ হওঁক। ই অশুভৰ ওপৰত ভালৰ জয়কো সূচিত কৰে।
আমাৰ অসমত পোনপ্ৰথমে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে নগাঁওৰ বৰদোৱা থানত অৰ্থাৎ পাতেকীবাৰীত এই দৌল উৎসবৰ পাতনি মেলিছিল।
বৰদোৱাত দৌল উৎসৱ বৰ সুন্দৰকৈ তিনিদিনীয়া কাৰ্যসুচীৰে পালন কৰা হয়। বিভিন্ন ঠাইত পৰা মানুহৰ সমাগম ঘটে বৰদোৱাৰ দৌল উৎসৱলৈ।
অসমৰ সত্ৰনগৰী বৰপেটাতো অতি উলহ মালহৰে
ফাকুৱা উৎসৱ অনুষ্ঠিত কৰা হয়। বৰপেটাত পোন প্ৰথমে মথুৰা দাস বুঢ়া আতাই এই দৌল উৎসৱৰ পাতনি মেলিছিল।তেতিয়াৰ পৰাই অতি উলহ-মালহেৰে জাকজমকতাৰে বৰপেটাবাসীয়ে জাতি- ধৰ্ম নিৰ্বিশেষে ধনী-দূখীয়া সকলোৱে মিলি দৌল উৎসৱ পালন কৰি আহিছে। দৌল উৎসৱত হোলী গীতৰে মুখৰিত হৈ থাকে সত্ৰনগৰী বৰপেটা।হোলী বা ফাকুৱাৰ লগত জড়িত বহুতো “হোলী গীত”আছে য’ত ভগৱান শ্ৰীকৃষ্ণৰ লীলা মাধুৰ্যৰ বৰ্ণনা পোৱা যায়।
ফাকুৱা বা হোলী উৎসৱৰ প্ৰধান তাৎপৰ্য হ’ল ইজনে সিজনক ৰঙ অৰ্থাৎ ফাকুগুৰি সানি আনন্দ কৰা , মৰম স্নেহ , ভাত্ৰৃত্ববোধ জগাই তোলা।
প্ৰাচীন কালত পলাশ ফুলৰ ৰং , পূৰৈ শাকৰ গুটিৰ ৰং , হালধী আদিৰে মানুহে ফাকু খেলিছিল। আজিকালি বিভিন্ন ৰঙ বজাৰত কিনিবলৈ পোৱা যায়। কিন্তু বজাৰত পোৱা ফাকুগুৰিৰ পৰা বহুসময়ত ছাল , চুলি , চকু আদিৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰে ।
গতিকে আমি সকলোৱে ফাকুৱা বা হোলী খেলি আনন্দ কৰাৰ লগতে প্ৰয়োজনীয় সাৱধানতা খিনিও অৱলম্বন কৰা উচিত।

হিমাদ্ৰী বৰকটকী
শিৱনগৰ , উপপথ
নগাঁও