পৰেশ দাস-শ্যামকাণু বৰাক সম্বৰ্ধনা

পৰেশ দাস-শ্যামকাণু বৰাক সম্বৰ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা-  শিল্পী ঋষি কপিল খাওন্দ ন্যাসৰ উদ্যোগত ২০১৪ চনৰ পৰা প্ৰচাৰ বিমুখ ,একক প্ৰচেষ্টাৰে , নিৰব সাধনাৰে অসাধাৰণ প্ৰতিভাশালী চিত্ৰ তথা ভাস্কৰ্য শিল্পী সকলক প্ৰদান কৰি অহা “শিল্পী ঋষি কপিল খাওন্দ সোঁৱৰণী বটা ২০২১ আৰু ২০২২ ” গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰ প্ৰেক্ষাগৃহত প্ৰদান কৰা হয়।২০২১ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হয় ব্যতিক্ৰমী চাৰুকলা শিল্পৰে সুকীয়া চিনাকি দাঙি ধৰিবলৈ সক্ষম হোৱা দ হাটী বৰপেটাৰ শিল্পী পৰেশ দাসক আৰু ২০২২ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হয় চিত্ৰ ভাস্কৰ্য শিল্পী পুৰণি গুদাম নগাৱৰ শ্যামকানু বৰাক।এই বঁটাত আছে একোখনকৈ মানপত্ৰ,স্মাৰক, চেলেং চাদৰ ফুলৰ থোপা আৰু ২৫০০০ হাজাৰ টকাৰ ধনাদেশ। বিয়লি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰী আৰু অভিনেতা যশস্বী কপিল বৰাই শিল্পী দুগৰাকীক বঁটা প্ৰদান কৰে। সভাৰ আৰম্ভণিতে বিশিষ্ট শিল্পী কৰুণাধৰ শৰ্মাৰ পৰিচালনাৰে পানবজাৰ সংগীতকাননৰ শিল্পী সকলে এটি বৰগীত পৰিৱেশন কৰে। তাৰ পিছতেই ন্যাসৰ সভাপতি অৰ্পনা খাওন্দে সকলোকে আদৰণি জনায় সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সাৰুৱা ভাষণ প্ৰদান কৰে। বঁটা প্ৰদান কৰি দিয়া ভাষণত মুখ্য অতিথিদ্বয় ননী বৰপূজাৰী আৰু অভিনেতা কপিল বৰাই ঋষি কপিল খাওন্দ ন্যাসৰ এই মহান পদক্ষেপৰ শলাগ লয়। অনাতাঁৰ শিল্পী তথা ঘোষক প্ৰাঞ্জল শৰ্মাই আঁত ধৰা সভাখনত প্ৰতিবাৰৰ দৰে এইবাৰো বিশেষভাৱে সক্ষম শিল্পী কিৰণ বালা দেৱীয়ে শৰ্মা আৰু সংগীসকলে লোকগীত পৰিৱেশন কৰি সকলোকে মোহিত কৰে। ২০১৮ চনত এই বঁটা লাভ কৰা ভাস্কৰ্য শিল্পী ফুলেশ্বৰ ডেকাও এই অনুষ্ঠানত উপস্থিত থাকে। বিশিষ্ট চিত্ৰশিল্পী তথা গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সম্পাদক কিশোৰ কুমাৰ দাসে শিল্পী সকলক শিল্প কৰ্মৰ লগতে সামাজিক ভাৱে দায়বদ্ধ হবলৈ আহ্বান জনায়। ইতিপূৰ্বে এই বটা লাভ কৰা শিল্পী সকল হৈছে ভাস্কৰ্য শিল্পী ৰঞ্জিত বৰপূজাৰী, বোৱনী শিল্পী হেমপ্ৰভা চুটীয়া, কহাৰ শিল্পী মহেশ্বৰ ডেকা,মুখা তথা চিত্ৰ শিল্পৰ মুকবধিৰ শিল্পী গৌতম ভূঞা, ভাস্কৰ্য শিল্পী ফুলেশ্বৰ ডেকা, যুব চিত্ৰশিল্পী নবজ্যোতি ডেকা আৰু বিশিষ্ট চিত্ৰ শিল্পী সদ্যপ্ৰয়াত হোমাৰ্নব বৰা।কভিড সৃষ্ট পৰিবেশৰ বাবে ২০২০ বৰ্ষত এই বঁটা প্ৰদান অনুষ্ঠান ৰূপায়িত নোহোৱাৰ বাবে এইবাৰ দুগৰাকী শিল্পীক একেলগে বটা প্ৰদান কৰা হৈছে। অনুষ্ঠানত দুয়োগৰাকী বটা প্ৰাপক শিল্পীয়ে নিজৰ নিজৰ চমু ভাষনত ঋষি কপিল খাওন্দ সোঁৱৰণী ন্যাসৰ ওচৰত আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। অনুষ্ঠানত পুৰণি গুদাম অঞ্চলৰ বিশিষ্ট সাংবাদিক তপন কটকী দেব উপস্থিত থাকি চমু বক্তব্য প্ৰদান কৰে।