প্ৰাপ্তি-ববিতা বৰা

প্ৰাপ্তি

এজাক প্ৰশান্তিৰ বতাহে সুমিতাৰ বুকুত চুই থৈ গ’ল কোমলকৈ। প্ৰেক্টিকেল হ’ব লাগে বুলি  কোনোদিন আৱেগৰ বশৱৰ্তী ‌নোহোৱা সুমিতা সজাগ হৈ পৰিল।তাই জানে,তাইৰ সিদ্ধান্ত শুদ্ধ অথচ হৃদয়ৰ কোনোবাখিনিত তাইও হয়তো উপলব্ধি কৰে প্ৰশান্তয়ে ইমানদিনে বুকুত কঢ়িয়াই ফুৰা সেইজাক ধুমুহাৰ বিষাদ কিমান কষ্টকৰ। প্ৰশান্তইও কোনোধৰণৰ হেঁচা নিদিয়াকৈ মানি লয় তাইৰ সিদ্ধান্ত নিশব্দে।তথাপিও,মুখত একোমোৰা বিষাদ অথচ প্ৰাপ্তিৰ অবুজ হাহিঁ কঢ়িয়াই লৈ এটা সৰু শিশুৰ দৰেই সি সুমিতাৰ লগত উমলে,হাহেঁ।সুমিতাৰ ভয় হয়।কিজানিবা তাইৰ লগত কটোৱা এই নিস্বাৰ্থ সময়খিনি মনত পেলাই নিৰ্জন ৰাতি সি উচুপি উঠে!কষ্ট পাই, ভাগি পৰে আৱেগত।এই ভাৱি তাই বহুবাৰ পলাইও ফুৰে তাৰ পৰা। সি প্ৰশ্ন কৰে ধেমালিৰ ছলৰে,’মোৰ কষ্টৰ কথা ভাৱি মোৰ পৰা পলাই ফুৰাতকৈ,মোৰ প্ৰস্তাৱ মানি নলৱনো কিয়?’ সুমিতাই জানে,ধেমালিতে সোধা এই প্ৰশ্নটোত এটা পজিটিভ উত্তৰ পাবলৈ সি যে কিমান ব্যাকুল,কিমান আশাবাদী।.. নাহ। তাই নোৱাৰে।কেৱল মাত্ৰ আৱেগৰ‌ বাবেই তাই নিজৰ সিদ্ধান্ত সলনি কৰিব নোৱাৰে। নোৱাৰে মাত্ৰ বৰ্তমানক সুখী কৰি  ভৱিষ্যতত আউল লগাবলৈ।তাই জানে,প্ৰশান্তৰ ভালপোৱাত নাই কোনো ভেজাল,নাই কোনো চঞ্চলতা,চপলতা।এই ভালপোৱা শাৰিৰীক নহয়, সস্তীয়া নহয়। প্ৰশান্তলৈ তাইৰ বেয়া লাগে,বহু সময়ত তাইও প্ৰশান্তৰ কথা ভাৱি ন কৈ ভালপোৱাৰ কিছুমান পূৰণ হৰণ যোগ বিয়োগ কৰে তাই।সমিধান একেই ওলাই। প্ৰেমত হাবু-ডাবু খাই প্ৰতাৰিত বহু প্ৰেমিক প্ৰেমিকাক দেখি তাইৰ‌ ভয় লাগে।ভয় লাগে মাথো ভালপোৱাৰ খাটিৰত প্ৰশান্তক আঁকোৱালি লৈ ভৱিষ্যতৰ সপোন দেখিবলৈ।কাৰণ জীৱনটো ইমান সহজ নহয়। সমাজিক বান্ধোনবোৰ একাষৰীয়া কৰি তাই যেনিবা প্ৰশান্তক আপোন‌ কৰিবলৈ বাধ্য কৰালে নিজৰ ঘৰখনক।কিন্তু প্ৰশান্ত…তাইক পোৱাৰ পিছত প্ৰশান্তই  যদি নুবুজা হয় তাইৰ‌ মূল, কাৰ‌ কাষত আশ্ৰয় ল’বহি তাই?সমাজৰ বিপক্ষে গৈ আকৌ তাই জানো উভটি আহিব পাৰিব সেইখন সমাজলৈ,ঘৰলৈ? ..এইবোৰ বাস্তৱ।অলীক কল্পনা বা অলাগতীয়াল চিন্তা নহয়।মুঠতে তাই নোৱাৰে এটা সম্পৰ্কত বান্ধ খাই সিহঁতৰ বন্ধুত্বক সম্বন্ধৰ নাম দিবলৈ। তাই তাক কয়,’ক্ষমা কৰিবি। সম্পৰ্কৰ কথা মই ভাৱিবই নোৱাৰো।সন্মান কৰো মোৰ প্ৰতি থকা তোৰ ভালপোৱাক।পিছে মোৰ‌ বাবে ই অসম্ভৱ।ঈশ্বৰে মিলালে মিলিম।অন্যথা মোৰ‌ বাবে অপেক্ষা নকৰিবি।’ সুমিতাৰ স্পষ্ট উত্তৰক সি সন্মান কৰে। ‘তই মোক ভাল নাপালেও নাই কিন্তু বন্ধু হৈটো থাকিব পাৰিবি?”বুলি চিৰদিন অন্তৰৰ একোণত সি সুমিতালৈ ৰুৱা ৰক্ত গোলাপজোপাৰ কথা সুমিতাই জানে, সাৰ‌ পানী দি পুলিটো‌ বঢ়োৱাৰ চেষ্টা তাই‌ নকৰে কাৰণ তাই জানে যে গোলাপৰ কাঁইটে বাৰুকৈয়ে আঘাত কৰিব তাৰেই কোমল বুকুত..।।
:ব’ল
:ক’লৈ?
:অস্তৰাগী বেলিটো চাওঁগৈ।
:প্ৰেক্টিকেল মানুহবোৰৰ আজি বেলি চাবলৈ কি মন গ’ল?
: আহিবিচোন বাৰু..
তেতিয়া আবেলিৰ‌ ডুবু ডুবু বেলি।
আকাশৰ ৰঙীন প্ৰতিবিম্বটো নদীখনত স্পষ্টকৈ পৰি মনোমোহা হৈ পৰিছে।এজাক বনৰীয়া চৰাই কিৰ্ মিৰ্ শব্দ‌কৰি উভটি গৈছে কোনো ওখ বৃক্ষত থকা বাহলৈ।
:কিয়‌ ভালপাৱ মোক?
: …..
: মোলৈ অপেক্ষা নকৰিবি।
: তোক ভালপাবলৈ বা অপেক্ষা কৰিবলৈ মোক কাৰো অনুমতিৰ প্ৰয়োজন নাই নহয়।ই মোৰ ব্যক্তিগত কথা।
তাই একো উত্তৰ নিদিয়াকৈ তলমূৰ কৰে। কিছু নীৰৱ মূহুৰ্ত এইদৰেই পাৰ হৈ যায় বিনাশব্দে..
:ব’ল..উভটিবৰ হ’ল।ইমান দেৰিলৈকে ডেকা ল’ৰাৰ লগত এজনী গাভৰু ছোৱালী নদীৰ ঘাটত থকাটো ভাল নহয়।সমাজে ভাল চকুৰে নাচাই।
তাৰ নিষ্কুলশ মনটোৰ সন্মুখত শ্ৰদ্ধাত দোঁ খাই পৰে তাইৰ অভিযোগবোৰ।এপলকৰ‌ বাবে তাইৰ মন যায় তাৰ বুকুত উমলি চাবলৈ।পিছে তাই নোৱাৰে। ভৱিষ্যতে যদি কিবা কাৰণত তাইৰ প্ৰিয় প্ৰশান্তয়েই তাইক কুঠাঘাত কৰে,সহিব পাৰিব জানো তাই সেই আঘাত?পাৰিব জানো আটাইতকৈ ভালপোৱা পুৰুষ জনৰ প্ৰবঞ্চনা সহ্য কৰিবলৈ!নাই..প্ৰেমত অন্ধ হ’বলৈ তাই অসমৰ্থ। সজল চকুৰে তাই তালৈ চাই। বহু কথা নোকোৱাকৈ সি বুজি পাই। বহু কথা তাইও পঢ়িব পাৰে তাৰ দুচকুত। বহু অকথ্য কথা সিও কল্পনা কৰে সমাজক লৈ। হয়ও।যুগ্ম জীৱনটো সন্মতি থাকিব লাগিব দুখন‌ সমাজৰ,ঘৰৰ,পৰিয়ালৰ। ভালপোৱাহে।কিয় লাগে কায়িক ভাৱে? আত্মাৰ পৰা আত্মালৈ দেখোন এইদৰেই প্ৰেম কৰিব পাৰি গোপনে..।কথাবোৰটো অবান্তৰ নহয় অথচ ভালপোৱা বোৰোতো মিছা নহয়! নদীপৰীয়া এজাক কুমলীয়া বতাহে বহুবোৰ অপ্ৰকাশিত ভালপোৱা কঢ়িয়াই লৈ গʼল দুয়োৰে অন্তৰ ভেদি।এই ভালপোৱা,এই সম্পৰ্ক সকলোৰে উৰ্দ্ধত,তুংগত।নামহীন অথচ বেইমান নহয়। তেতিয়ালৈ আকাশ আৰু নদীখনৰ ৰঙ একেই হৈ পৰিছিল।দূৰৰ পৰা গম্ভীৰ বেলিটো নদীৰ বুকুত আত্মজাহঁ দিয়াৰ দৰেই অস্ত গৈছিল। এইয়া নদীখনৰ প্ৰাপ্তি নে আকাশৰ অপ্ৰাপ্তি  হিচাপ কৰি চাবলৈ সিহঁত/আপুনি/মই অপাৰাগ। তেতিয়ালৈ সিহঁত দুয়ো আগবাঢ়ি গৈছিল।আৰু সিহঁত যোৱা দিশে কিছুমান  স্বৰ্গীয় ভালপোৱা,ত্যাগ আৰু নিঃস্বাৰ্থ প্ৰেমৰ খোজ সময়ৰ বালিচৰত পৰি ৰৈছিল আৰু পৰি গৈছিল।
ববিতা বৰা