প্ৰাপ্তি- অৰূপা নাথ

প্ৰাপ্তি

সুখ এটাৰ পাছে পাছে ঘূৰো, খেপিয়াই চাও মোৰ অস্তিত্ব।
মৃত গছৰ শিপাৰ দৰে জী উঠো বাৰম্বাৰ।

স্পৰ্শৰো কি অপূৰ্ব মাদকতা।
কি আচৰিত শক্তি।
গোটেই জীৱন জুৰি একেটা সুখতে আছন্ন মোৰ সত্বা।
যত বিচাৰো মই
মোৰ বৰ্ণিল কৈশোৰ।
স্মৃতি মোৰ প্ৰিয় শব্দ,মোৰ হাঁহি, মোৰ চকুলো। বিশ্বাস আৰু আস্থাৰ এখনি নিজে গঢ়া পৃথিৱী।
হওঁক লাগিলে ইলুচন বা আন কিবা
এইয়া মোৰ সুখ।
মোৰ প্ৰাপ্তি।

অৰূপা নাথ
গোলাঘাট