প্ৰাণৰ জুবিন দা
ৰশ্মি ৰেখা দুৱৰা,ডিব্ৰুগড়
কোনো কৃত্ৰিমতা নাই
দেখাত সাধাৰণ, সহজ-সৰল, শিশুসুলভ
কাৰোলৈ কেৰেপ নকৰা স্পষ্টবাদী
উচ্চ-নীচ বিচাৰ নাই, সকলো সমান।
সাধাৰণভাৱে জীয়াই ভালপোৱা
এজন অসাধাৰণ ব্যক্তি।
আৰ্তজনৰ দুখৰ সমভাগী হৈ
দুয়ো হাতেৰে মন খুলি দিলা।
জাৰত কঁপি পদপথত বহি থকা ল’ৰাজনক
জেকেটটো খুলি দিবলৈও কুণ্ঠাবোধ নকৰিলা।
নিজৰ পকেট উদং কৰি
আনৰ বাবে সকলো দি গ’লা।
তোমাৰ প্ৰতিটো গানৰ সুৰ অসমীয়াৰ প্ৰাণে প্ৰাণে,
কম সময়তে সংস্কৃতিৰ ভঁৰাল চহকী কৰি
গুচি গ’লা অজান দেশলৈ,
কেতিয়াও ঘূৰি নহাৰ বাটেৰে।
তুমি ভালপোৱা নাহৰ আজি সকলোতে,
আমাক জনাব নালাগে
মনে মনে এবাৰ আহি চাই যাবা
বুজিব পাৰিবা,
তোমাক ভালপোৱা সংখ্যাৰ গভীৰতা কিমান।
তোমাৰ বৰ কষ্ট হৈছিল চাগৈে,
অলপ দীঘলীয়াকৈ জিৰণি লোৱা।
তোমাৰ প্ৰতিটো কৰ্ম, প্ৰতিটো গান
জীয়াই ৰাখিম অনন্তকাললৈ।
তুমি চিৰদিন, চিৰকাল বৈ থাকিবা আমাৰ প্ৰাণত।
