প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ দেহাৱসান

Pc Hindustan Times

প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা-  শনিবাৰে পুনেৰ এখন চিকিৎসালয়ত ৭৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা বিক্ৰম গোখলে। ইয়াৰ পূৰ্বে তেওঁ চিকিৎসাধীন হৈ থকা চিকিৎসালয়খনে অভিনেতাজনৰ স্বাস্থ্যৰ অৱনতি ঘটা বুলি জানিবলৈ দিছিল। অভিনেতাগৰাকীৰ পৰিয়ালৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি, “বিক্ৰম গোখলে চিকিৎসাধীন হৈ থকা পুনে চিকিৎসালয়ত মৃত্যু হৈছে।” প্ৰবীণ অভিনেতাগৰাকীৰ স্বাস্থ্য লাহে লাহে উন্নত হোৱা বুলি চিকিৎসকে প্ৰকাশ কৰাৰ মাত্ৰ এদিন পিছতেই এই দুঃখবৰ প্ৰকাশ পাইছে। স্বাস্থ্যজনিত জটিলতাৰ পৰিপ্ৰেক্ষিতত পুনেৰ দীননাথ মংগেশকাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল গোখলে। মাৰাঠী থিয়েটাৰ আৰু চলচ্চিত্ৰ অভিনেতা চন্দ্ৰকান্ত গোখলেৰ পুত্ৰ বিক্ৰম গোখলে। তেওঁ কেইবাখনো হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত অভিনয় কৰিছিল। ১৯৭১ চনত অমিতাভ বচ্চন অভিনীত পৰৱানা ছবিৰ জৰিয়তে ২৬ বছৰ বয়সত অভিনেতাগৰাকীয়ে অভিনয়ৰ অভিষেক ঘটায়। হম দিল দে চুকে চনম ছবিত অভিনয় কৰাৰ উপৰিও তেওঁক ভূল ভূলাইয়া, দিল ছে, দে দনা দন, মিছন মংগল আদি ছবিতো দেখা গৈছিল। মাৰাঠী ভাষাত তেওঁক নাটসমৰাত, আৰু দুছাৰী গোষ্টত দেখা পোৱা গৈছিল আৰু লগতে আঘাট নামৰ এখন ছবিও পৰিচালনা কৰিছিল।